মৰমী আহমেদ , নলবাৰী
প্ৰেমৰ কাননৰ তুমি এপাহি গোলাপ
ফুলি আছা তুমি হৃদয়ে হৃদয়ে
তোমাৰ সুবাসৰে যৌৱন হয় মতলীয়া
ডেকা গাভৰুৰ মনবোৰ ও যেন হৈ পৰে উন্মনা
তোমাৰ পৰশতে জাগি উঠে মৰম ,
ভালপোৱাৰ অনুৰাগ
ৰিক্ত কলিজাৰ অনুভৱক
তুমি কৰি তোলা চঞ্চলা
প্ৰেমাসক্ত হৃদ্য়ৰ মৰমৰ সফুৰা তুমিয়েই গোলাপ
তোমাৰ এটি এটি পাহিৰে
চুই যায় অন্তৰত বাস লোৱা
প্ৰেমৰ মিঠা অনুভূতি,
প্ৰশান্তি নিলয় তোমাৰ শাৰীৰিক সুবাস,
যদিও বা কাণ্ড কাঁইটীয়া
ভিন্ন ৰঙীন হৈ তুমি ফুলি উঠা
তোমাৰ সুবাসিক্ত অনুভবৰে
ফুলিছে যৌৱন বলিয়া
প্ৰেমাস্পদ দুখনিকৈ হিয়া
তুমিয়েই প্ৰেমৰ অনুভব ,
তুমিয়েই প্ৰেমৰ সম্ভোগ
এপাহি গোলাপ,,
বিলাই যোৱা যৌৱনৰ
হৃদ্য় কাননত অনুভবৰ
সুঘ্ৰাণ,,,।
