Type Here to Get Search Results !

সাম্প্ৰতিক সময়ত প্ৰাৰ্থনাৰ প্ৰাসংগিকতা




ৰঞ্জিত চুতীয়া

                        প্ৰাৰ্থনা হ'ল ঈশ্বৰ বা পৰমাত্মাৰ সৈতে মানুহৰ আত্মিক সংযোগ স্থাপন আৰু নিজৰ মনৰ ভাৱ প্ৰকাশ কৰা এক মাধ্যম। ই মানুহক মানসিক শান্তি প্ৰদান কৰাৰ লগতে নিজৰ চিন্তা-ভাৱনাক একাত্ম কৰাত সহায় কৰে। প্ৰাৰ্থনা মাথোঁ ঈশ্বৰ সাধনাৰ নামান্তৰ নহয়; ই হৈছে আমি নিজেই নিজক আৱিষ্কাৰ কৰাৰ এক গভীৰ সাধনা। এক অপূৰ্ব কলা। প্ৰাৰ্থনাৰ অফুৰন্ত শক্তিয়ে মনুষ্যক দেখুৱাব পাৰে দেৱত্বলৈ উত্তৰণৰ স্বৰ্ণিল বাট।
                     প্ৰাৰ্থনাৰ বাবে কোনো বিশাল পয়োভৰৰ প্ৰয়োজন নাই। প্ৰয়োজন নাই কোনো নিদিষ্ট সময়ৰো। দিনটোৰ যিকোনো একান্ত সময়ত প্ৰাৰ্থনাৰ জৰিয়তে পৰমাত্মাৰ নিগুৰ্ণ ৰূপ হৃদয়ত উপলব্ধি কৰি কৰিব পাৰি। মহাপুৰুষ মাধৱ দেৱে নাম ঘোষাত কৈছে,
"অব্যক্ত ঈশ্বৰ হৰি     কিমতে পূজিব তাঙ্ক
            ব্যাপকত কিবা বিৰ্সজন।
  এতাৱন্ত মূৰ্তি শুন্য     কিমতে চিন্তিবাহা
          ৰাম বুলি শুদ্ধ কৰা মন।।"
কায়-বাক্য-মনে শুদ্ধচিত্তে প্ৰাৰ্থনা কৰিলে মন মগজু সুস্থিৰতা লাভ কৰে আৰু সক্ৰিয় হৈ পৰে। লগতে মানুহক মানৱিক চেতনাৰে উদ্বুদ্ধ কৰে।
                'প্ৰাৰ্থনা' শব্দটোতে লুকাই থাকে অসীম সাহস, বিশ্বাস, ধৈৰ্য আৰু আত্মবিশ্বাস উদ্বেক কৰিব পৰা সৰ্বোচ্চ শক্তি। প্ৰাৰ্থনা হৈছে বিশ্বনিয়ন্তাৰ সৈতে মনঃসংযোগ স্থাপন কৰাৰ একমাত্ৰ সুচল মাধ্যম। কাৰণ ঈশ্বৰৰ সৈতে আমি মোবাইল, ইন্টাৰনেট, ই-মেইল, চিঠি-পত্ৰ বা কোনো উন্নত প্ৰযুক্তিৰ সহায়ত সংযোগ স্থাপন কৰাটো সম্ভৱ নহয়। সম্ভৱ মাথোঁ একমাত্ৰ প্ৰাৰ্থনাৰ মাধ্যমেৰে। প্ৰাৰ্থনা ইমানেই শক্তিশালী যে যাৰ মাত্ৰ অনুভৱেই মনুষ্যক সমস্ত দুৰ্ভাৱনাৰ পৰা মুক্ত কৰি প্ৰচণ্ড আত্ম শক্তি জগাই মনলৈ বোৱাই আনিব পাৰে অনাবিল প্ৰশান্তিৰ অন্তহীন স্ৰোত।
                   ঈশ্বৰ বিশ্বাসে মানুহৰ মনক নিয়ন্ত্ৰণ কৰে। মানসিক উৎকৰ্ষ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ডিউক ইউনিভাৰ্ছিটিৰ মেডিছিন আৰু মানসিক বিভাগৰ সহকাৰী অধ্যাপক হেৰল্ড কেননিঙে(Herald Coening)বিভিন্ন সমীক্ষা আৰু গৱেষণাৰ অন্তত কৈছে, "প্ৰাৰ্থনা এক বিস্ময়কৰ শক্তি আৰু ইয়াৰ জৰিয়তে মানুহে সুস্বাস্থ্য, আৰোগ্য, মুক্তি আৰু অফুৰন্ত মানসিক শক্তি লাভ কৰিব পাৰে।"
                   আজি বিজ্ঞান প্ৰযুক্তি সফলতাৰ শীৰ্ষত আৰোহণ কৰাৰ সময়ত অনাকাংক্ষিতভাৱে মানৱ জাতি অধিক ব্যস্ত আৰু আত্মকেন্দ্ৰিক হ'বলৈ ধৰিছে। প্ৰতিযোগী মানসিকতাৰ ফলত হেৰুৱাব ধৰিছে আত্মীয়তাৰ সুবাস। হেৰুৱাবলৈ ধৰিছে সমস্ত মানৱিক গুণ। ফলত প্ৰতি ক্ষণতে সমাজত বিৰাজ কৰিছে জান্তৱ উল্লাহ। স্বধৰ্ম, স্বকৰ্ম এৰি আনক অন্ধ অনুসৰণ কৰিছে। পথসন্ধিত ৰৈ দিক্ বিদিক হেৰুৱাইছে। মানুহৰ হৃদয়ত অনেক যন্ত্ৰণাই বিদীৰ্ণ কৰিছে। এনে অশান্ত, ৰুগ্ন, হতাশাগ্ৰস্ততাৰ পৰা মনক পুনৰুজীৱিত কৰি তুলিব পাৰে একমাত্ৰ প্ৰাৰ্থনা মহাশক্তিয়ে। এনে সমাজ ব্যৱস্থাত সুস্থিৰ ঘৰুৱা পৰিৱেশ লাভ কৰিবলৈ আমি প্ৰাৰ্থনাক গুৰুত্ব প্ৰদান কৰিব লাগিব। শাৰীৰিক-মানসিক আৰু আধ্যাত্মিক দিশত উৎকৰ্ষ সাধন কৰিব লাগিব। গৱেষক চিকিৎসক ডাঃ হাৰ্বাট বেনছনে কৈছে যে, প্ৰাৰ্থনাৰ সময়ত মানুহৰ হৃদযন্ত্ৰৰ পৰিচালনা, ৰক্তচাপ নিয়মিত ভাৱে চলাচল হয়। মগজুৰ সুস্থিৰতা আহে। শান্তভাৱে মনক নিয়ন্ত্ৰণ কৰিব পাৰে প্ৰাৰ্থনাই। ফলস্বৰূপে ব্যক্তিৰ স্বভাৱ-চৰিত্ৰ আৰু আচৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী।
                  পুৱা-গধূলি কৰা প্ৰাৰ্থনাই ব্যক্তিক বিশেষ মানসিক শক্তি প্ৰদান কৰে। মনত সচাঁ আনন্দ অনুভৱ হয়। কঠিন সময়তো ভগৱানৰ ওপৰত আস্থা ৰাখি প্ৰাৰ্থনা কৰিলে সকলো ভয়-ভীত আৰু মানসিক চাপ দূৰ হয়। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, "সকলো প্ৰাণীৰ প্ৰতি যাতে আমি সদ্ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰাতকৈ নো আন কি মহত্ত্বপূৰ্ণ কাম হ'ব পাৰে।"
                  সাম্প্ৰতিক সময়ত নৱ প্ৰজন্মৰ মাজত নানা অসামাজিক ক্ৰিয়াকলাপ গা কৰি উঠাৰ লগতে আত্মহত্যাৰ প্ৰৱণতাও অত্যধিক ৰূপত বাঢ়ি অহা পৰিলক্ষিত হৈছে। এনেধৰণৰ নেতিবাচকতা আঁতৰাই সমাজলৈ অনুশাসন, নমনীয়তা বোৱাই দিয়া শক্তি কেৱল মাথোঁ প্ৰাৰ্থনাই আছে বুলি ভাবোঁ। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সমাজ একত্ৰিত কৰিবলৈ প্ৰচুৰ ক্ষমতাও দেখোঁ প্ৰাৰ্থনাতেই বৈ আছে। জীৱন আৰু পৰিস্থিতি সলাই পেলোৱাৰ অপৰিসীম ক্ষমতা জানো প্ৰাৰ্থনাৰ নাই। গতিকে নেতিবাচক কাৰকসমূহ আঁতৰাই সুস্থিৰ মনোভাৱ অক্ষুণ্ণ ৰাখিবলৈ, স্মৃতিশক্তি অটুট ৰাখিবলৈ, শাৰীৰিক তথা মানসিক স্বাস্থ্য উন্নতি বৃদ্ধি কৰিবলৈ, দয়া-প্ৰেম সহানুভূতিৰে মন ভৰাই ৰাখিবলৈ নিতান্তই প্ৰয়োজনীয়তা আহি পৰিছে প্ৰাৰ্থনাক জনপ্ৰিয়তা বৃদ্ধি কৰাৰ প্ৰাসংগিকতা।