– ঋতুস্মীতা দত্ত গগৈ
কেতিয়াবা ব্যস্ত জীৱনৰ একঘেঁয়ামিৰ মাজত মনটোৱে প্ৰকৃতিৰ কোলাত কিছু সময় কটোৱাৰ বাবে হাহাকাৰ কৰি উঠে। সেই আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈয়ে ২০ জুলাইৰ পুৱা প্ৰায় ৯:৩০ বজাত আমি শ্বিলং–চেৰাপুঞ্জী ভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমাৰ লগত এওঁৰ এজন অন্তৰংগ বন্ধুৰ পৰিয়ালেও এই ভ্ৰমণত অংশগ্ৰহণ কৰিছিল। দুয়োটা পৰিয়াল একেলগে যাত্ৰা আৰম্ভ কৰাত আৰম্ভণিৰে পৰাই আনন্দ, উৎসাহ আৰু উষ্মতাৰে ভৰা এক মনোৰম পৰিৱেশৰ সৃষ্টি হৈছিল।
দুপৰীয়া আমি ক্ষেত্ৰীৰ D9 Restaurant-ত আহাৰ গ্ৰহণ কৰিলোঁ। সুস্বাদু আহাৰে দেহ-মন সতেজ কৰি তুলিলে। অলপ জিৰণি লোৱাৰ পিছতে পুনৰ আমাৰ যাত্ৰা আৰম্ভ হ'ল।
যোৰাবাট পাৰ হোৱাৰ লগে লগে যেন অন্য এখন পৃথিৱীত প্ৰৱেশ কৰিলোঁ। একাবেঁকা পাহাৰীয়া পথ, সেউজীয়া অৰণ্য, কুঁৱলীৰে আৱৰা পাহাৰ আৰু শীতল বতাহে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰিছিল। গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই থাকোঁতে অনুভৱ হৈছিল, যেন প্ৰকৃতি নিজেই আমাক আদৰি লৈছে। পথৰ প্ৰতিটো নতুন দৃশ্য, নতুন বিস্ময় আৰু নতুন অনুভূতি কঢ়িয়াই আনিছিল।
শ্বিলঙৰ ওচৰ চাপি অহাৰ লগে লগে আকাশখন ডাৱৰে আৱৰি ধৰিলে। সন্ধিয়া নামি আহিছিল আৰু চিপচিপকৈ বৰষুণো আৰম্ভ হৈছিল। পাহাৰৰ একা বেকা পথ, কুঁৱলীৰে আৱৰা পৰিৱেশ আৰু বৰষুণৰ মৃদু শব্দই যাত্ৰাটো অলপ ৰোমাঞ্চকৰ কৰি তুলিছিল। মাজে মাজে মনত অলপ ভয়ৰ সঞ্চাৰ হৈছিল যদিও সেই অনুভূতিয়েই ভ্ৰমণটোৰ সৌন্দৰ্য আৰু অধিক বঢ়াই তুলিছিল।
যাত্ৰাপথত উমিয়াম হ্ৰদৰ মনোমোহা ৰূপে আমাক মুগ্ধ কৰি তুলিলে। পাহাৰৰ বুকুত বিস্তৃত নীলা পানীৰাশি, ডাৱৰে ঢকা আকাশ আৰু চাৰিওফালে সেউজীয়া প্ৰকৃতিয়ে যেন এখন জীৱন্ত চিত্ৰ অংকন কৰিছিল। কিছু সময় সেই অপূৰ্ব দৃশ্য উপভোগ কৰি আমি সন্ধিয়া প্ৰায় ৬:১৫ বজাত NEHU অঞ্চলৰ সমীপত থকা Mannat Homestay-ত উপস্থিত হ'লোঁ।
দিনটোৰ দীঘলীয়া যাত্ৰাৰ পিছত ফ্ৰেচ হৈ প্ৰথমে একাপ গৰম ৰঙা চাহ খালোঁ। বাহিৰত চিপচিপকৈ বৰষুণ পৰি আছিল। পাহাৰৰ কোলাত বহি গৰম চাহৰ সোৱাদ লোৱাৰ সেই মুহূৰ্তটো আজিও মনত অম্লান হৈ আছে।
সন্ধিয়াৰ পিছত আমি নিজ হাতেৰে ভাত আৰু ডিমৰ তৰকাৰী ৰান্ধিলোঁ। ভ্ৰমণৰ ভাগৰুৱা দিন এটাৰ অন্তত নিজৰ হাতেৰে বনোৱা সৰল আহাৰৰ সোৱাদ যেন বেলেগেই আছিল। বিশেষকৈ বিউতী বৌৰ সৈতে একেলগে ৰন্ধা-বঢ়া কৰা, হাঁহি-ধেমালিৰ মাজত বহি সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰা—এই সৰু সৰু মুহূৰ্তবোৰেই ভ্ৰমণটোক অধিক আন্তৰিক আৰু স্মৰণীয় কৰি তুলিছিল।
ৰাতি নিজৰ নিজৰ কোঠালৈ গৈ জিৰণি ল'লোঁ। শৰীৰ ভাগৰুৱা আছিল যদিও মনত আছিল পিছদিনা চেৰাপুঞ্জীৰ মনোমোহা প্ৰকৃতি স্বচক্ষে চোৱাৰ অপাৰ উৎসাহ।
পিছদিনা পুৱা পাহাৰৰ শীতল পৰিৱেশত সাৰ পাই এক নতুন উৎসাহেৰে দিনটোৰ আৰম্ভণি কৰিলোঁ। ৰুমতে থকা ইলেক্ট্ৰিক মিনি কুকাৰত সৰলকৈ খিচিৰি ৰান্ধি সকলোৱে একেলগে প্ৰাতঃ আহাৰ গ্ৰহণ কৰিলোঁ। নিজৰ হাতেৰে বনোৱা সেই সাধাৰণ খাদ্যও যেন পাহাৰৰ বিশুদ্ধ বতাহত অসাধাৰণ সোৱাদযুক্ত লাগিছিল। প্ৰায় পুৱা ৮:৩০ বজাত আমি চেৰাপুঞ্জীৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ।
আমাৰ প্ৰথম গন্তব্যস্থল আছিল Seven Sisters Falls। তেতিয়া সমগ্ৰ অঞ্চলটো ডাৱৰে আৱৰি ৰাখিছিল। প্ৰথমতে জলপ্ৰপাতটো স্পষ্টকৈ দেখা নগ'ল। অলপ সময় অপেক্ষা কৰাৰ পিছত ডাৱৰবোৰ লাহে লাহে আঁতৰি গ'ল আৰু মুহূৰ্ততে আমাৰ চকুৰ সন্মুখত উন্মোচিত হ'ল বিশাল জলপ্ৰপাতটোৰ অপূৰ্ব ৰূপ। পাহাৰৰ বুকু চিৰি সাতটা ধাৰাৰে বৈ নামি অহা পানীৰ গৰ্জনে প্ৰকৃতিৰ এক অনন্য মহিমা অনুভৱ কৰাইছিল। সেই দৃশ্য ভাষাৰে বৰ্ণনা কৰা সম্ভৱ নহয়; কেৱল অনুভৱ কৰিব পাৰি।
তাৰ পিছত আমি Mawsmai Caveলৈ গ'লোঁ। বহু বছৰ ধৰি প্ৰকৃতিৰ নিজা সৃষ্টি কৰা এই গুহাখনৰ বিষয়ে বহু শুনিছিলোঁ। গুহাৰ ভিতৰত ঠেক পথ, তিয়ঁনি পৰিৱেশ আৰু পিছল শিল দেখি অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছিল। আমাৰ লগত সৰু শিশুও থকাৰ বাবে আমি ভিতৰলৈ নোযোৱাকৈ বাহিৰতে থাকি চাৰিওফালৰ সেউজীয়া প্ৰকৃতি আৰু পাহাৰৰ মনোৰম দৃশ্য উপভোগ কৰিলোঁ। কেতিয়াবা গন্তব্যতকৈ যাত্ৰাৰ অনুভৱেই অধিক মূল্যৱান—সেই উপলব্ধি এই ঠাইত আহি আৰু গভীৰ হৈছিল।
ইয়াৰ পিছত আমি Mawkdok Dympep View Pointত উপস্থিত হ'লোঁ। এই ঠাইত গৈ যেন অনুভৱ হৈছিল, আমি আকাশৰ একেবাৰে কাষ চাপি আহিছোঁ। ডাৱৰবোৰ আমাৰ ওচৰেদি ভাঁহি গৈছিল, কেতিয়াবা গা চুই যোৱা যেন লাগিছিল। তলত বিস্তৃত সেউজীয়া উপত্যকা, দূৰৈৰ পাহাৰৰ শাৰী আৰু ডাৱৰৰ লুকা-ভাকু খেল—এই সকলো মিলি যেন এখন জীৱন্ত চিত্ৰকলা। আমি বহুখিনি সময় তাত কটাই প্ৰকৃতিৰ সেই অপূৰ্ব সৌন্দৰ্য হৃদয় ভৰাই উপভোগ কৰিলোঁ আৰু বহু স্মৃতিমধুৰ ফটো তুলি ৰাখিলোঁ।
ভিউ পইণ্টৰ পৰা নামি আহি এখন সৰু দোকানত বহি সিজোৱা কণী, কল আৰু গৰম চাহ খালোঁ। পাহাৰৰ শীতল বতাহত সেই সৰল আহাৰো যেন অমৃতসম সোৱাদযুক্ত লাগিছিল। সেই মুহূৰ্তত অনুভৱ কৰিছিলোঁ—আনন্দৰ বাবে বিলাসিতাৰ প্ৰয়োজন নাই; আপোনজনৰ সান্নিধ্য আৰু প্ৰকৃতিৰ সান্নিধ্যই যথেষ্ট।
চেৰাপুঞ্জীৰ অপূৰ্ব সৌন্দৰ্য হৃদয়ত সাঁচি আমি পুনৰ শ্বিলঙৰ দিশে উভতি আহিবলৈ আৰম্ভ কৰিলোঁ। বাটতে আমি বিখ্যাত Elephant Fallsত ৰ'লোঁ। তিনিটা স্তৰত বৈ নামি অহা জলপ্ৰপাতটোৰ গৰ্জন, শীতল পানীৰ ছিটিকনি আৰু চাৰিওফালৰ সেউজীয়া পৰিৱেশে মন-প্ৰাণ সতেজ কৰি তুলিছিল। সুন্দৰকৈ সজোৱা উদ্যানখনত আমাৰ সৰু তাওচেঙে মুক্ত মনে দৌৰা-দৌৰি কৰি খেলি ফুৰিছিল। তাৰ নিষ্পাপ হাঁহিয়ে যেন দিনটোৰ সকলো ভাগৰ নিমিষতে আঁতৰাই পেলাইছিল। সেই মুহূৰ্তবোৰেই আমাৰ ভ্ৰমণৰ আটাইতকৈ মূল্যৱান স্মৃতি হৈ ৰ'ল।
চেৰাপুঞ্জীৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি সন্ধিয়া প্ৰায় ৫:৩০ বজাত পুনৰ Mannat Inspira Homestay-ত উভতি আহিলোঁ। দিনটোৰ দীঘলীয়া ভ্ৰমণৰ পিছত অলপ জিৰণি লৈ একাপ গৰম ৰঙা চাহ খালোঁ। পাহাৰৰ শীতল বতাহত সেই চাহৰ সোৱাদে যেন দিনটোৰ সকলো ভাগৰ আঁতৰাই পেলালে।
এই হোমষ্টে'খনৰ আতিথ্য আমাৰ মনত বিশেষ স্থান দখল কৰি থাকিব। পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশ, আন্তৰিক ব্যৱহাৰ আৰু হাঁহিমুখীয়া কৰ্মচাৰীসকলৰ বাবে কেতিয়াও বাহিৰত থকা যেন অনুভৱ হোৱা নাছিল। যেন নিজৰ ঘৰতে থকা এক আন্তৰিক পৰিৱেশ।
অলপ পিছতেই বিউতী বৌ আৰু মই পুনৰ ৰন্ধা-বঢ়াত লাগিলোঁ। সেইদিনা আমি ভাত, ধনীয়া পাত দি বনোৱা দাইল, ডিম ভাজি আৰু আলু-ডিম পিটিকা প্ৰস্তুত কৰিছিলোঁ। দিনটোৰ ভ্ৰমণৰ অন্তত নিজৰ হাতেৰে বনোৱা সেই সৰল আহাৰৰ সোৱাদ আজিও মনত সজীৱ হৈ আছে। হাঁহি-ধেমালিৰ মাজত একেলগে বহি আহাৰ গ্ৰহণ কৰাৰ আনন্দই সন্ধিয়াটোক আৰু অধিক মধুৰ কৰি তুলিছিল। সেই সুখময় অনুভূতি বুকুত লৈ আমি নিশা জিৰণি ল'লোঁ।
পিছদিনা পুৱা সহজ-সৰলকৈ ভাত আৰু সিজোৱা আলু খাই প্ৰায় ১০:০০ বজাত শ্বিলঙৰ বিখ্যাত Police Bazar-ৰ উদ্দেশ্যে ৰাওনা হ'লোঁ। কিন্তু চহৰৰ যান-জঁটৰ বাবে প্ৰায় দুঘণ্টামান পথতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল। অৱশেষত বজাৰখন পাই কিছু সময় ঘূৰি-ফুৰি স্মৃতিচিহ্ন আৰু প্ৰয়োজনীয় সৰু-সুৰা বস্তু ক্ৰয় কৰিলোঁ।
সময়ৰ অভাৱৰ বাবে আমি Ward's Lake-ত নামি ঘূৰিব নোৱাৰিলোঁ। গাড়ীৰ পৰাই হ্ৰদখনৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰি আগবাঢ়িলোঁ। তাৰ পিছত পুনৰ উমিয়াম হ্ৰদত অলপ সময় ৰৈ সকলোৱে কিবা-কিবি খাই সেই অপূৰ্ব প্ৰাকৃতিক দৃশ্য মন ভৰাই উপভোগ কৰিলোঁ।
তথাপিও মনত এটা সৰু আক্ষেপ ৰৈ গ'ল। সময়ৰ অভাৱ আৰু পৰিস্থিতিৰ বাবে আমি Shillong Peak আৰু বিশ্ববিখ্যাত Nohkalikai Falls দৰ্শন কৰিব নোৱাৰিলোঁ। সেই দুয়োখন ঠাই চোৱাৰ ইচ্ছা অপূৰণীয় হৈ ৰ'ল। অৱশ্যে এই আক্ষেপেই হয়তো আকৌ এবাৰ শ্বিলং-চেৰাপুঞ্জীলৈ উভতি অহাৰ এক নতুন সপোন জগাই ৰাখিলে।
অৱশেষত বহু মধুৰ স্মৃতি, মোবাইলত সাঁচি ৰখা অসংখ্য ফটো আৰু হৃদয়ত এক অপূৰ্ব তৃপ্তি লৈ আমি ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিলোঁ। কিন্তু কোনেও কল্পনাও কৰা নাছিল যে ঘৰলৈ উভতি অহা পথত আমাৰ বাবে আন এক অভিজ্ঞতা অপেক্ষা কৰি আছে।
যোৰাবাট ওচৰ পাওঁতেই আমি জীৱনত প্ৰথমবাৰৰ বাবে ইমান ভয়ংকৰ বানপানীৰ সন্মুখীন হ'লোঁ। আৰম্ভণিতে পথত পানী বেছি নেদেখি আমি লাহে লাহে আগবাঢ়ি গৈছিলোঁ। কিন্তু মাজপথত হঠাতে আমাৰ গাড়ীখনৰ ইঞ্জিন বন্ধ হৈ গ'ল। মুহূৰ্ততে সকলোৰে মুখত চিন্তাৰ ছাঁ পৰিল। চাৰিওফালে কেৱল পানী, আৰু মনত এটাই আশংকা—যদি গাড়ীখন পুনৰ ষ্টার্ট নহয়, তেন্তে বাঢ়ি অহা পানীৰ সোঁতে গাড়ীখন উটুৱাই নিব নেকি!
সেই সংকটময় মুহূৰ্তত কেশৱ দা আৰু মোৰ স্বামী তৎক্ষণাত গাড়ীৰ পৰা নামি গাড়ী ঠেলিবলৈ ধৰিলে। বিউতী বৌয়েও তেওঁলোকৰ লগত সহযোগ কৰিলে। মই ষ্টিয়াৰিঙত বহি গাড়ীখন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছিলোঁ। আমাৰ সৰু তাওচেঙে ভয়তে একেবাৰে নিস্তব্ধ হৈ পৰিছিল। পিছৰ আসনত থকা কেশৱ দাৰ ভাগিনীয়েক ধুনু আৰু তেওঁৰ পুত্ৰ নুনুৱেও হাত জোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰি আছিল।
ওভাৰব্ৰিজৰ ওপৰত আৰু পথৰ কাষত থকা বহুতে এই দৃশ্য দেখি মোবাইলত ভিডিঅ' কৰি আছিল। ইফালে পিছফালৰ পৰা ডাঙৰ ডাঙৰ গাড়ী পাৰ হৈ যোৱাৰ লগে লগে পানীৰ ঢৌৱে আমাৰ গাড়ীখন জোকাৰি দিছিল। সেই প্ৰতিটো মুহূৰ্ত আমাৰ বাবে যেন অন্তহীন সময়ৰ দৰে অনুভৱ হৈছিল।
অৱশেষত ঈশ্বৰৰ অশেষ কৃপাত আমি গাড়ীখন এটা ওখ ঠাইলৈ উলিয়াবলৈ সক্ষম হ'লোঁ। কিছু সময় পিছত এজন মেকানিক আহি গাড়ীখন মেৰামতি কৰিলে। তেতিয়াহে সকলোৱে স্বস্তিৰ নিশ্বাস পেলালোঁ। এতিয়াও সেই ঘটনাটো মনত পৰিলে গাৰ নোম শিয়ঁৰি উঠে। সেই মুহূৰ্তবোৰ যেন আজিও সপোনৰ দৰে লাগে।
এই ভ্ৰমণে আমাক কেৱল শ্বিলং-চেৰাপুঞ্জীৰ পাহাৰ, ডাৱৰ, জলপ্ৰপাত আৰু প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ দিয়াই নহয়, বিপদৰ সময়ত ধৈৰ্য, সাহস, ঈশ্বৰৰ ওপৰত আস্থা আৰু পাৰস্পৰিক সহযোগিতাৰ প্ৰকৃত মূল্যও শিকাই থৈ গ'ল।
সময় পাৰ হ'ব, বহু স্মৃতি হয়তো ম্লান হৈ যাব; কিন্তু পাহাৰৰ বুকুত কটোৱা আনন্দময় মুহূৰ্ত, ডাৱৰে গা চুই যোৱা অনুভৱ, জলপ্ৰপাতৰ গৰ্জন আৰু যোৰাবাটৰ সেই শ্বাসৰুদ্ধকৰ অভিজ্ঞতা আমাৰ হৃদয়ত চিৰদিন অম্লান হৈ ৰ'ব।
