গীতাঞ্জলি দেৱী
আমি খেপিয়াই ফুৰা বাটটো হেৰাল,
ইজনে সিজনক নেদেখাকৈ
খোজবোৰ খৰকৈ দিওঁতে
বাটে বাট মেলিলে
পোন বাট লুকাল ।
এতিয়া ক্ৰমাৎ আমি হেৰাইছোঁ
আমি ভাবোঁ-কথাবোৰ এনেদৰেই হোৱা হ'লে… ।
আমি ভাবোঁ-ঘটনাবোৰ এনেদৰে নঘটা হ'লে… ।
আমি ভাবোঁ- হৈ যোৱা ভুলবোৰ শুধৰাব পৰা হ'লে…।
একো কৰিব নোৱৰাকৈ
হুমুনিয়াহ একোটা নামে
দেখা-অদেখাকৈ ।
জনপদত সুৱাগমণি তুলি-তুলি
কত ঋতু আহে আৰু যায় ,
জীৱনৰ প্ৰতিটো ব'হাগক উছৰ্গা কৰি কিমানজনে যে ৰূপান্তৰৰ গীত গায় ।
মৌনস্তুতিৰ মহাপ্ৰয়াণত
আমি আটায়ে মৰোঁ ।
সুললিত লগ্ন বিচাৰি অবিৰত যাত্ৰাত আমি নিজক হেৰোৱাওঁ ।
অচিনাকি হৈ পৰা পৃথিৱীখনৰ মৃত্যু হওক,
পুনৰ জনম পাওক এখন নতুন পৃথিৱী ।
বিবেকৰ চেতনাত গজি উঠক বোধ-বেলি,
আদিৰ পৰা আৰম্ভ হওক জীৱন আৰু জীৱনৰ দিন-ৰাতি
জাগ্ৰত সময়ে সময়ক দি যাব প্ৰথম ঠিকনা -
ৰৌদ্ৰস্নাতা পৃথিৱীৰ প্ৰথম পুৱা।
