Type Here to Get Search Results !

বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেওঁৰ সাহিত্য সৃষ্টি

বিন্দু ৰাজবংশী কলিতা   ,মংগলদৈ
6002876480


     সংস্কৃতিৰ  পূজাৰী বিষ্ণু প্ৰসাদ ৰাভাই তেওঁৰ সংগ্ৰামী জীৱনত সাহিত্যৰ প্ৰতিও আকৰ্ষিত হৈছিল।বিশেষকৈ ভাৰতৰ সংস্কৃতিৰ কেন্দ্ৰ কলিকতাত থকা সময়ত ৰাভাদেৱে সাংস্কৃতিক পৰিবেশৰ লগতে সাহিত্যৰ প্ৰতিও আগ্ৰহী হৈ পৰিছিল।লক্ষ্মীনাথ বেজবৰুৱাৰ "বাহী' আলোচনীত "বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া  নামেৰে চদ্মনাম লৈ তেওঁৰ সাহিত্যৰ সাধনা আৰম্ভ কৰিছিল।'আবাহন'আলোছনীৰ পাতত তেওঁ 'সংগীত আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ গায়ন'নামৰ বিখ্যাত প্ৰবন্ধটো লিখিছিল।
       বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ 'মুক্তিৰ দেউল'।এই গ্ৰন্থখনত তেওঁৰ ৰাজনৈতিক জীৱন স্পষ্ট ভাৱে পৰিস্ফুট হৈছে।গ্ৰন্থখনৰ পাতনিতে তেওঁ নিজকে অঘৰী, সৰ্বহাৰা বুলি উল্লেখ কৰি 'সৰ্বহাৰাৰ পক্ষে যতনে কিবা থ'বলৈ পেৰা নাই, গতিকে লিখি আছোঁ,লিখা হেৰুৱাই আছোঁ'বুলি কোৱাৰ দৰেই ৰাজনৈতিক অজ্ঞাত বাসৰ ফলতো তেওঁ বহুতো মূল্যবান লিখনি হেৰুৱাইছিল।'মুক্তিৰ দেউল'ত দ্বিতীয় বিশ্বযুদ্ধক কেন্দ্র কৰি কৃষক-শ্ৰমিকৰ জীৱন গাঁথা তেওঁ বৰ্ণনা কৰিছে। ৰাৱদেৱৰ প্ৰাপ্ত ৰচনা সমূহৰ ভিতৰত অন্যতম এখন 'গেগনি ৰেঙনি' নামৰ নাটিকাখন।এই নাটিকাখনত স্বাধীনতাৰ পিছত অসমৰ জনগনৰ দুখ দুৰ্দশাৰ কথা ৰূপায়িত কৰা হৈছে।জনজাতীয় লোকৰ  সামাজিক ভেটিত ৰচিত'মিচিং কনেং' উপন্যাসক এখন আদৰ্শবাদী  উপন্যাস বুলিব পাৰি।বৰ্নহিন্দু অসমীয়া সমাজ খনে কেনেকৈ অসমীয়া সমাজ খনক আপোন কৰাৰ সলনি ঘৃনাৰে আতৰাই দিছিল সেই চিত্ৰ অংকন কৰা হৈছিল।উপন্যাস খৰ জৰিয়তে আমাৰ সমাজৰ সংকীৰ্ণতা আতৰাই বৃহৎ অসমীয়া সমাজ গঢ়িবৰ বাবে আহ্বান জনোৱা হৈছে।
      ৰাভাদেৱৰ গল্প সংকলন'সোনপাহী'সম্পৰ্কত কোৱা হয় যে কলিতাৰ তালিগঞ্জৰ অস্থায়ী  আৱাসত থাকোতে দুৱাৰ বন্ধ কৰি তেওঁ এদিনতে কাৰোবাৰ হতুৱাই এই গল্পসমূহ লিখাইছিল।'ন-পৃথিৱীৰ নতুন যুগ' , 'মুক্তি তিথি', 'প্ৰাচীন ভাৰতীয় নৃত্য কলা' আদি তেওঁৰ ৰচনাৱলীয়ে প্ৰতিভাৰ সোণালী স্বাক্ষৰ ৰাখি গৈছে।'মানৱ জাতি' ৰাভাৰ এটা উৎকৃষ্ট প্ৰবন্ধ।ইয়াৰ উপৰিও 'নতুন অসমৰ বুৰঞ্জী' নামৰ গ্ৰন্থখন তেওঁৰ সংগ্ৰামী জীৱনৰ পলাতক অৱস্থাত কামাখ্যা পাহাৰৰ শিলৰ খোৰোঙত নষ্ট গৈছিল বুলিও জনা যায়।ৰাভাদেৱে নিজৰ প্ৰৱন্ধাৱলীৰ দ্বাৰা এইটো প্ৰমাণ কৰি গৈছে যে তেওঁ এগৰাকী নৃতত্ববিদ,ভূ তত্ববিদ,ভাষাতাত্বিক আৰু ইতিহাসবিদ আছিল।অসমীয়া শব্দৰ ধাৰণাৰ বাবে তেওঁ বিভিন্ন বাখ্যা দাঙি ধৰিছে।বিষ্ণু ৰাভাৰ দুটি ভাষন'অসমীয়া কৃষ্টি'আৰু 'অসমীয়া কৃষ্টিৰ চমু আভাস'নামেৰে ছপা হৈ ওলাইছে।
        শ্ৰীমন্ত শংকৰদেৱৰ পদাঙ্ক অনুকৰন কৰি বিষ্ণু ৰাভাই বিভিন্ন ৰাজনৈতিক সামাজিক,প্ৰাকৃতিক বাধা নেওচি বৃহত্তৰ অসমীয়া জাতি গঠনত ব্ৰতী হৈছিল।অসমীয়া ভাষাক সঠিক ৰূপ দিবলৈ চেষ্টা কৰিছিল।অসমীয়া জাতি সম্পৰ্কত তেওঁ"মানবজাতি"নামৰ প্ৰবন্ধত অতি শক্তিশালী বাখ্যা আগবঢ়াই থৈ গৈছে।সংস্কৃতি বান বৈপ্লৱিক চিন্তা ধাৰাৰ মহান পুৰুষ গৰাকীয়ে ৰাজনৈতিক স্বাৰ্থত বিভিন্ন দল সংগঠন পুলিচ ইত্যাদিৰ নজৰ এৰাই ফুৰিবলগীয়া সময়ত তেওঁৰ সাহিত্য চৰ্চা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিল।তদুপৰি ৰচিত বিভিন্ন ৰচনাৰাজীৰো আলৈ আথানি হৈছিল।
         বহুমুখী প্ৰতিভা সম্পন্ন ৰাভাদেৱে সমাজ জীৱনৰ প্ৰতিটো দিশেই স্পৰ্শ     কৰিছিল।"বিষ্ণুৰাভা ৰচনাৱলী"গ্ৰন্থত সংগৃহীত প্ৰতিটো প্ৰবন্ধ আৰু প্ৰতিখন গ্ৰন্থ পাঠ কৰিলে এই কথা স্পষ্ট ভাবে বুজিব পাৰি।তেওঁৰ বিপ্লৱ বিশেষকৈ তিনিটা দিশত আছিল-বৰ অসমৰ সংস্কৃতি সাহিত্য পুনৰূত্থান,জাতীয় জীৱন ঐতিহ্যৰ সংৰক্ষণ, আৰু নিষ্পেষিত সকলৰ মুক্তিৰ বাবে সাম্যবাদৰ অবলম্বন।এই তিনিটাই আছিল তেওঁৰ জীৱনৰ আদৰ্শ।মানুহেই আছিল তেওঁৰ পুজাৰ থলী আৰু সেই মানুহৰ সঠিক বিকাশৰ অৰ্থই আছিল তেওঁৰ বিপ্লৱ।এটা সময়ত বিভিন্ন কাৰণত তেওঁৰ সাহিত্য চৰ্চা স্থবিৰ হৈ পৰিছিল।কবলৈ গলে বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী সু সাহিত্যিক হিচাবে পৰিচিত নহল যদিও সব্যসাচী এই মহান ব্যক্তি গৰাকীয়ে শিল্পী হিচাপেহে অমৰত্ব লাভ কৰিলে।ৰাভাদেৱৰ সুদক্ষ অভিনয়, নৃত্য আৰু কালজয়ী গীতসমূহ অসমৰ জনগনৰ হৃদয়ত চিৰযুগমীয়া হৈ ৰ'ল।এই মহান শিল্পী গৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ হাজাৰ জন বিষ্ণু ৰাভাৰ জন্ম হওঁক তাকেই কামনা কৰিলো