Type Here to Get Search Results !

ওমলা দিনৰ 'মইনামেল' আজি নষ্টালজিয়া

ৰেখাজ্যোতি বৰুৱা                                                   
নুনমাটি
PHONEঃ 9365573653

    শিশুৰ সাংস্কৃতিক আৰু বৌদ্ধিক দিশত উৎকৰ্ষ সাধন কৰিবৰ বাবে "মইনামেল" বা "মইনা পাৰিজাত'  অনুস্হানটিয়ে যথেষ্ট অৰিহণা যোগায় আহিছে। গাঁৱৰ পৰা চহৰলৈকে সমগ্ৰ অসমৰ শিশুসকলৰ সু-সংঘবদ্ধ কৰি, তেওঁ লোকৰ প্ৰতিভা বিকাশৰ বাবে এই অনুষ্ঠানটোৱে এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰি আহিছে। মইনামেল প্ৰথমে প্ৰতিষ্ঠা হৈছিল তেজপুৰত,ককা পাৰিজাত ৰত্ন মহাদেৱ শৰ্মাৰ প্ৰচেষ্টাত "পাৰিজাত সংঘ" নামেৰে আৰু "মইনামেল"ৰ জন্ম হৈছিল যোৰহাটত ।১৯৪০ চনত গুৱাহাটীত গঠন হৈছিল সদৌ "অসম পাৰিজাত কানন "আৰু ১৯৫০ চনত "অসম প্ৰাদেশিক মইনামেল "গঠন হয়। ইয়াৰ পিছত ১৯৫৪ চনৰ ২৭ জুনত দুয়োটা অনুষ্ঠান একত্ৰিত কৰি মইনামেলৰ পৰা 'মইনা' আৰু পাৰিজাত কাননৰ পৰা 'পাৰিজাত' শব্দ দুটা লৈ "মইনা পাৰিজাত" গঠন কৰা হয়। তেতিয়াৰ পৰাই অনুষ্ঠানটো "সদৌ অসম মইনা পাৰিজাত" বুলি নামাকৰণ কৰা হয়।১৯৭৪চনৰ পৰাই এই অনুষ্ঠানে নিয়মীয়াকৈ ৰাজ্যিক শিশু সমাৰোহ অনুষ্ঠিত কৰি আহিছে।  আমাৰ শৈশৱৰ দিনত অসমৰ গাঁৱে ভূঁঞে 'মইনা পাৰিজাত ' গঠন হৈছিল।তাৰে হয়তো কিছু এতিয়াও জীয়াই আছে আৰু বাকী খিনি হয়তো মৃত। আনুমানিক  ১৫০-১৬০ খন মান মইনাৰ পাৰিজাত এতিয়াও অসমত আছে।মইনামেলে দেশৰ ধৰণী অকণিহঁতক এনেকুৱা এখন মঞ্চ দিছে ,যিখন মঞ্চই অকণিহঁতক  গীত নৃত্য, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা,ছবি অঁকা আদি সকলো বিষয়ৰে শিক্ষা দিছিল। এনেদৰে শিশুসকলৰ প্ৰতিভা বিকাশ হৈছিল আৰু সেই প্ৰতিভাই ওলাই গৈ আজি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ।                          
    চহৰ অঞ্চলৰ প্ৰায়বোৰ শিশুৱেই এতিয়া মইনামেললৈ যোৱাৰ প্ৰয়োজন বোধ নকৰে। কাৰণ তেওঁ লোকৰ বাবে বিনোদনৰ অইন ব্যৱস্থা আছে।নৃত্য গীত, ছবি অঁকা আদিৰ বাবে পৃথক পৃথক বিদ্যালয় আছে। প্ৰায় বোৰ শিশুৱে আজি টি ভি, মোবাইল ফোন আদি ব্যৱহাৰ কৰা দেখা গৈছে,যিটো শিশুসকলৰ বাবে অত্যন্ত হানিকাৰক।টি ভি ,মোবাইল আদিৰ পৰা শিকিবলৈ আছে যদিও শিশু বা ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে তাক ব্যৱহাৰ কৰিব জনা নায়। ভাল কি বেয়া কি, তেওঁ লোকে এতিয়াও বুজি পোৱা হোৱা নাই। বেছিভাগ সময়েই নিৰ্জিৱ বস্তুৰ লগত কটোৱাৰ ফলত ল'ৰা ছোৱালী আত্মকেন্দ্ৰীক হৈ পৰিছে। এইক্ষেত্ৰত অভিভাৱকৰ কৰণীয় আছে। শিশু সকলক এনে বস্তুৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে। তেওঁ লোকক সামাজিক হ'বলৈ শিকাব লাগে। আত্মীয় স্বজন, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱৰ লগত মিলি থাকিবলৈ শিকাব লাগে। এইবোৰ কথা আমি সৰু কালৰ পৰাই শিকিছিলো।আচলতে আমাৰ মা দেউতাই সামাজিক হ'বলৈ শিকাইছিল।  এতিয়া অভিভাৱকসকলে নিজৰ সন্তানক প্ৰতিযোগিতাত নমাইছে,ফলত ল'ৰা ছোৱালীৰ ওপৰত বলপূৰ্বকভাৱে অতিৰিক্ত বোজা জাপি দিবলগীয়া হৈছে। সেয়েহে তেওঁলোকৰ সময় নোহোৱা হৈছে আৰু মাহী, পেহী,খুৰাৰ খুৰী চিনি নোপোৱা হৈছে। বৰ্তমান ল'ৰা ছোৱালী বোৰে যি অনুষ্ঠানত শিকিবলৈ যায়,সেইবোৰ বৃত্তিমূলক । কিন্তু মইনামেল হয়তো বৃত্তিমূলক নাছিল। আমাৰ শৈশৱৰ দেওবাৰৰ দিনটো মনত পৰিলে নষ্টালজিক হৈ পৰো। প্ৰতি দেওবাৰে আমি মইনা মেললৈ গৈছিলো । কিমান মধূৰ আছিল সেই দিনবোৰ। মইনাৰ মেললৈ গৈ অকণি মইনাহতে ওমলি জামলি যি শিকিছিল তাতেই ভৱিষ্যতৰ সপোন ৰচিছিল। মইনা মেলৰ শিকণৰ পৰাই কতজন মহান শিল্পীৰ, মহান ব্যক্তিৰ জন্ম হৈছিল। আজিৰ মইনাহতে গৰমৰ বন্ধতো আজৰি নোপোৱা হৈছে। তেওঁ লোকৰ মৌসনা মাত এটা শুনিব লৈ যেন আইতাক -ককাকে অপেক্ষা কৰিবলগা হৈছে। মোৰ শৈশৱৰ মইনা মেলৰ নাম আছিল 'তৰুণ জ্যোতি মইনা পাৰিজাত'।দেওবাৰে আমি মইনামেললৈ গৈছিলো আৰু সকলো মইনাই গীত মাত,নৃত্য, আবৃত্তি আদি শিকিছিলো। সেইসময়ত গাঁৱে গাঁৱে একোখন কৈ মইনাৰ পাৰিজাত আছিল আৰু বছৰৰ মূৰত মইনামেলৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈছিল। আমাৰ বাবে সেই দিনটো অতিকে আনন্দ উল্লাহৰ দিন আছিল।এখন মইনামেলৰ বাৰ্ষিক অধিবেশনলৈ অইন গাঁৱৰ মইনাসকলক নিমন্ত্ৰণ কৰা হৈছিল,লগতে জেষ্ঠসকলকো।আনকি সভাৰ সভাপতি, নিৰ্দিষ্ট বক্তাৰ বাবে অইন মইনা মেলৰ মইনাহতক নিমন্ত্ৰণ কৰিছিল। তেনে এটা দিনত আমাৰ আনন্দৰ সীমা নোহোৱা হৈছিল।কেইবাদিনৰ আগৰ পৰা নৃত্য-গীত ,নাটক আদি আখৰা কৰি সেই বিশেষ দিনটোত পৰিবেশন কৰিছিলো। ইয়াৰ লগতে মোৰ নিজৰ এটা কথা কবলৈ মন গৈছে।সেই সময়ত মই দুবাৰ মান অইন গাঁৱৰ মইনামেলৰ বাৰ্ষিক অধিবেশনৰ নিৰ্দিষ্ট বক্তা হিচাপে (মইনাৰ) নিমন্ত্ৰণ পাইছিলো আৰু তাত গৈ ভাষণ দিছিলো।ইমান ডাঙৰ সভাত জ্যেষ্ঠ লোকৰ সন্মুখত কেনেকৈ ভাষণ দিছিলো   এতিয়া সেই কথা ভাবিলে আচৰিত লাগে। এটা কথা ভালদৰে মনত আছে যে  মোৰ ভাষণ শুনাৰ পিছত জ্যেষ্ঠ সকলে মোক আদৰ কৰিছিল আৰু মোৰ শলাগ লৈছিল। সেইখিনিয়ে মোক যথেষ্ট উৎসাহ যোগাই ছিল আৰু সাহস বাঢ়ি ছিল। অৱশ্যে বক্তৃতা দিবলৈ শিকোৱাৰ ক্ষেত্ৰত মোৰ পৰম পূজনীয় ঁ দেউতাৰ অৰিহণা যথেষ্ট।কথা বোৰ ভাবি নষ্টালজিক হৈ পৰিছো।                                   এনেকুৱা এটা মধুৰ অনুষ্ঠান যাতে আমি জীয়াই ৰাখিব পাৰো,তাৰবাবে আমি সকলোৱে চেষ্টা কৰা উচিত।যাণ্ত্ৰিকতাৰ মাজত ডাঙৰ হোৱা শিশুসকল যাতে মুক্তমনেৰে,মুক্ত আকাশৰ তললৈ ওলাই আহি ওমলিব পাৰে, তাৰবাবে আমাৰ অভিভাৱকসকলে  অৰিহণা যোগাব পাৰে।অসমৰ বহু প্ৰতিষ্ঠিত ব্যক্তিৰেই (গায়ক,অভিনেতা আদি) আছে এই মইনামেলৰে হোৱা এক সজীৱ অাৰম্ভণি। ****