Type Here to Get Search Results !

অসমত কৃষি বিপ্লৱ কৰিবলৈ ওলাই আহক

ফখৰুদ্দিন আহমেদ

      কৃষি কাৰ্যৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ মানসিকতা সাম্প্ৰতিক সময়লৈ অসমত গঢ় লৈ উঠিছে বুলি দৃঢ়তাৰে ক'ব পৰা নাযায়। বিশেষকৈ এই দিশটো প্ৰতিফলিত হয় জাতি , ধৰ্ম নিৰ্বিশেষে খিলঞ্জীয়া অসমীয়া সকলৰ মাজত।লগতে অসমীয়া খিলঞ্জীয়া যিসকল যুবকে কেৱল কৃষি কাৰ্যৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে তেওঁলোকৰ বিপৰীতে সমাজ ব্যবস্থাই  অৱস্থান গ্ৰহন কৰাটো বাৰুকৈয়ে পৰিলক্ষিত হয়। বেছি ভাগ অসমীয়াৰ মন আৰু মগজুত ক্ৰিয়া কৰি থকা জীৱিকাৰ প্ৰথম আৰু প্ৰধান সম্বল যেন এটি চৰকাৰী চাকৰিহে। লাগে সেই চাকৰিটো চতুৰ্থ বৰ্গৰেই হওক,কাৰণ চাকৰি মানেই যেন নিৰাপত্তা। এনে মানসিকতাৰ বাবেই খিলঞ্জীয়া অসমীয়া সকলে কৃষি কাৰ্যৰ জৰিয়তে কেইবা দশক পুৰ্বেই নিজকে প্ৰতিষ্ঠা কৰিব পৰা প্ৰক্ৰিয়াত সদ্যহতে দুই এজনেহে যেন হাত উজান দিবলৈ ককালত টঙালি বান্ধিছে।
       এইক্ষেত্ৰত অসমৰ চাপৰি বা বামত বাস কৰা অভিবাসী মুছলমান সকলৰ দৃষ্টিভংগী যেন কিছু বেলেগ। তেওঁলোকৰ শিক্ষাগত দিশত অৰ্হতা সম্পন্ন বা নিৰক্ষৰ, উভয়ৰে প্ৰথম আৰু প্ৰধান পচন্দ বিশেষকৈ জীবিকাৰ ক্ষেত্ৰত কৃষি কাৰ্যৰ ওপৰতহে নিৰ্ভৰ কৰা দেখা যায়। তেওঁলোকে ব্ৰক্ষ্মপুত্ৰ চৰৰ ৰৌ ৰৌৱা বালিকো সেউজীয়া কৰি তুলিব পাৰে।
        এইক্ষেত্ৰত আমাৰ নিজস্ব অভিজ্ঞতা আছে।এবাৰ আমাৰ একেবাৰে ওচৰতে থকা তিৰাশীৰ আন্দোলনত বিখ্যাত হৈ পৰা চাউলখোৱা চাপৰিলৈ এগৰাকী ছাত্ৰৰ আমন্ত্ৰন ৰক্ষা কৰি গৈছিলো।এয়া আজিৰ পৰা প্ৰায় দহ বাৰ বছৰ পুৰ্বৰ ঘটনা।আমাক আপ্যায়িত কৰি উঠি তেওঁলোকে আমাক লৈ গ'ল প্ৰায় পোন্ধৰ বিশ বিঘাৰ মাটি এডৰালৈ। তাত গৈ দেখিলো মাটি ডৰাত অসংখ্য কৃত্ৰিমভাবে এহাত মানকৈ খান্দি থোৱা হৈছে কিছু গাঁত।সেই গাঁতবোৰত কাঠলুৱা মাটি আৰু গোবৰৰ মিশ্ৰন ভৰাই থোৱা আছে।আমি সোধাত তেওঁলোকে ক'লে যে সেই গাঁতবোৰত একাধিক কেৰেলাৰ গুটি ৰোপন কৰা হৈছে।লগতে এইটোও ক'লে যে আমি যদি এমাহ মানৰ পিছত তালৈ পুনৰ যাও তেনেহ'লে মাটিডৰাত এতিয়া দেখি থকা বিশাল ক্ষেত্ৰৰ বালিৰ সলনি এখনি সেউজীয়া কৃষি ক্ষেত্ৰ দেখিবলৈ পাম। আমাৰ বুজিবলৈ বাকী নাথাকিল যে সেই বালিৰ পথাৰ কেৰেলাৰ গা গছে বগাই সেউজীয়া কৰিব। কেৱল সেয়াই নহয় ওচৰৰ পাজৰৰ কৃষি ক্ষেত্ৰবোৰতো বিলাহী , বিভিন্ন ধৰনৰ বেঙেনা ইত্যাদি কৃষি কৰ্মৰ দ্বাৰা উপচি আছে। শিক্ষিত ডেকা সকলৰ কৃষি কাৰ্যৰ প্ৰতি উৎসাহ দেখি মনটি আনন্দৰে উপচি পৰিছিল।
       কোনো কাৰ্যত কৃতকাৰ্যতা লাভ কৰিবলৈ দঢ় মনোবল আৰু পৰিশ্ৰমী মানসিকতা ঘাইকৈ দৰকাৰ।এই দুয়োটা গুন সেই চাপৰিত বাস কৰা অভিবাসী মুছলমান সকলৰ গাত দেখিবলৈ পোৱা যায়।এয়া বিশেষকৈ দেখা পোৱা যায় কৃষি কাৰ্যৰ ক্ষেত্ৰত। সম্প্ৰতি এই জনগোষ্ঠীটো শিক্ষা-দীক্ষা, সাহিত্য-সংস্কৃতি, ব্যবসায়-বানিজ্য ইত্যাদি সকলো ক্ষেত্ৰতে আগুৱাই যোৱা পৰিলক্ষিত হৈছে। কিন্তু তেওঁলোকৰ ডেকা শক্তি চাকৰিমুখী নহয় , বেছি ভাগেই শিক্ষা আৰহৰন লগতে কৃষি কাৰ্যৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিছে আৰু নিজৰ ঘৰ খনকো এফালে সকাহ দিছে।
        অবশ্যে শিক্ষাগত অৰ্হতাৰে নিজকে উপযুক্ত কৰি লোৱাৰ পিছত সাম্প্ৰতিক সময়ত বহুতো খিলঞ্জীয়া যুবকে চাকৰিমুখী হৈ সময়ৰ অপচয় নকৰি নিজকে কৃষি কাৰ্যত নিয়োগ কৰা পৰিলক্ষিত হৈছে। কিন্তু চৰকাৰী চাকৰিৰ মহঙা দিনতো বেছিভাগেই কিন্তু চাকৰিৰ অণ্বেষনত ব্যস্ত।
       এগৰাকী সফল ব্যবসায়ী বা চৰকাৰী চাকৰিৰ জৰিয়তে বৃহৎ পৰিমানৰ দৰমহাৰ ধন লাভ কৰা ব্যক্তিয়ে যিদৰে এক বিলাশ বহুল আৰু আড়ম্বৰপুৰ্ন জীৱন যাপন কৰে ঠিক তেনেদৰে কৃষি কাৰ্যৰ জৰিয়তেও এগৰাকী ব্যক্তিয়ে তেনে বিলাশ বহুল আৰু আড়ম্বৰপুৰ্ন জীৱন যাপন কৰিবলৈ সক্ষম হ'ব পাৰে।তাৰ বাবে লাগিব মাত্ৰ সুস্থিৰ সিদ্ধান্ত , পৰিশ্ৰমী মানসিকতা আৰু অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগ। এই অত্যাধুনিক প্ৰয়ুক্তি বিদ্যাৰ সফল প্ৰয়োগ কৰি চীনৰ খেতিয়ক সকলে সমগ্ৰ পৃথিবীৰ প্ৰয়োজনীয় খাদ্যৰ  ১৫ % শতাংশ পুৰন কৰিব পৰাটো সঁচাকৈয়ে আচৰিত কথা। আমাৰ অসমতো তেনে কৃষি বিপ্লৱৰ সূচনা কৰিব নোৱাৰাৰ কোনো কাৰন নাই।আমাক মাথো প্ৰয়োজন পৰিশ্ৰমী মানসিকতাৰ।
        ঘাইকৈ অসমৰ খিলঞ্জীয়া সকলে বছৰেকত এডৰা মাটিত এবিধ কৃষিত মনোনিবেশ কৰে। তাকো বাৰিষাৰ বতৰত। কৃষক সকলে যে সেয়া সংগ্ৰহ কৰিব পাৰিব তাৰো কোনো ধৰনৰ নিৰাপত্তা নাই,কাৰণ ই বতৰৰ ওপৰত নিৰ্ভৰশীল।  সেয়ে বছৰত যদি এডৰা মাটিৰ পৰা অতি কমেও তিনিটা মান কৃষি সংগ্ৰহ কৰিব পৰাৰ ব্যবস্থাৰে কৃষি কাৰ্য কৰা হয় তেতিয়া হ'লে কৃষি কাৰ্যৰ জৰিয়তে কৃষক সকল স্বাৱলম্বী হ'ব পাৰিব। এই ক্ষেত্ৰত চৰকাৰৰো অবশ্যেই কৰনীয় আছে। বিভিন্ন ধৰনৰ আঁচনি আছে যদিও সেই আঁচনিবোৰ ৰূপায়নৰ ক্ষেত্ৰত ধোৱাচাঙতহে উঠি থকা পৰিলক্ষিত হৈ আহিছে। প্ৰসংগত উল্লেখ কৰিব পাৰি যে সাম্প্ৰতিক সময়ত অসম চৰকাৰক জোকাৰি যোৱা এটি দুৰ্নীতি হ'ল প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আৰ্থিক সাহায্যৰ হিতাধিকাৰীৰ বেছিভাগেই কৃষক নহয়।পঞ্চায়ত প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি অসমৰ চৰকাৰৰ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী তদন্তমৰ্মে জেল হাজোতলৈয়ো যাবলগা হ'ল।বি জে পি দলৰ শূন্য সহনশীল নীতিৰ দ্বাৰা দূৰ্নীতি নিবাৰন অভিযান চলি থাকোতেই এই অবস্থা ।
        নব প্ৰজন্মৰ যিসকলে কৃষি কাৰ্যৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিবলৈ আগবাঢ়ি আহিছে সেই সকলক বিভাগীয় ভাবে অনুপ্ৰেৰনা ত তথা উপযুক্ত সা-সুবিধা আৰু দিহা পৰামৰ্শ দিয়া অসম চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ মানবীয় কৰ্তব্য। কৰ'না ভাইৰাছৰ দৰে দূৰ্নীতিয়ে গ্ৰাস এনে সময়ত এইবোৰ আশা কৰিব পাৰি নে?
     বৰ্তমান সময়ত কম সময়ত কম টকা খটুৱাই বহুত বেছি লাভ কৰিব পৰা আৰু অসমৰ জলবায়ুৰ লগত মিলখোৱা কৃষি বিধ হৈছে মাকৈ খেতি।উপযুক্ত দামত উৎপাদিত মাকৈ বিক্ৰী কৰিব পাৰিলে প্ৰতি তিনি বা চাৰি মাহত খটোৱা ধনৰ কমেও তিনি গুন লাভ কৰিব পাৰি।
        বিশেষকৈ অসমত বাৰিষা কালত চপাব পৰা ধান খেতিক বাদ দি বাকী সময়ত উৎপাদিত হোৱা ধানৰ খেতি বিজ্ঞানসন্মত ভাবে ব্যবস্যায় ভিত্তিত কৰিলে অধিক লাভবান হোৱাৰ থল আছে। এনেধৰনে অসমৰ ডেকাচামে কৃষি কাৰ্যত মনোনিবেশ কৰিলে কৃষিৰ ক্ষেত্ৰত বিশেষকৈ ধান ভাৰতৰ পাঞ্জাব বা আন ৰাজ্যৰ পৰা অসমলৈ আমদানি কৰিব নালাগে।
     কৃষকৰ উন্নতিৰ বাবে অসম চৰকাৰে আত্ম সহায়ক গোট বোৰক ৰেহাই মুল্যত  ট্ৰেক্টৰ যোগান ধৰা আঁচনিৰ জৰিয়তে বহুতো কৃষক উপকৃত হ'ব পাৰিব। কিন্তু সমান্তৰালভাবে এই আঁচনিখন সফক ৰূপায়নত বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলে স্বচ্ছ আৰু নিকা নীতি গ্ৰহন কৰাটো বাধ্যতামূলক হ'ব লাগিব। নহ'লে সকলো বোৰ "খালো বালো খোলাকুটিৰ তাল" হে হ'বগৈ।
        অসমীয়া কৃষক সকলৰ উদ্দ্যম আৰু পৰিশ্ৰমী মানসিকতা , বিজ্ঞানসন্মত পদ্ধতি আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ আঁচনি ৰূপায়নত সততা থাকিলে অসমতো এনে এটি কৃষি বিপ্লৱে  গা কৰি উঠিব যাৰ দ্বাৰা উপকৃত নব প্ৰজন্মই চাকৰিৰ দ্বাৰা আত্মনিৰ্ভৰশীল হোৱাৰ বিপৰীতে কৃষিৰ দ্বাৰা আত্মনিৰ্ভৰশীল হ'ব পাৰিব।

মোবাইল নং-৮৬৩৮৩১২৭০৭