Type Here to Get Search Results !

শিৱসাগৰ জিলাৰ পৰ্যটনস্থলী বিস্ময় বৃক্ষ বাখৰ বেঙেনা

 দীপজ্যোতি বৰ গোহাঞি


 ঐতিহাসিক শিৱসাগৰ জিলাৰ বকতা মৌজাৰ জবলাটিং ;চৰুভঙা দিহিঙীয়া ;মাহখোৱা বাৰী ;চাংমাইবাৰী গাঁৱে আগুৰি থকা মাজ পথাৰ মাজতে কৌতুকপুৰ্ণ কিংবদন্তি য়ে কোৱা ধনে -খনা জান তাৰে কাষতে ২৫ ফুট ওখ ঐতিহাসিক বাখৰ বেঙেনা গছ ;যাৰ একেটা গুৰিৰ পৰাই সাত ডাল গা -গছ ফেৰেঙণি মেলি ডুলি এটাৰ দৰে হৈ আছে ৷এই কেইডাল গা -গছৰ  বেৰ প্ৰতিডালৰে ২/৩ ফুট ;মুল গছজোপাৰ পৰা অলপ আঁতৰতে একে ওখ ডাঙৰ এডলীয়া আৰু?এজোপা গছ আছে ৷অনুমান কৰিব পাৰি যে এই এডলীয়া গছ জোপা সাতডলীয়া মুল গছ জোপাৰে এটা অংশ ৷সোণৰ অলংকাৰত যেনেকৈ বাখৰ খাজিলে সোণৰ ৰূপ আৰু চৰে ঠিক তেনেকৈ সেউজীয়া পাতৰ মাজত জিলিকি থকা বাখৰ সদৃশ গছৰ  গুটি কেৱল মাত্ৰ শিৱসাগৰ জিলাখনতেই নহয় অসমৰ অন্য কোনো অৰণ্যত বিচাৰি পাবলৈ নোহোৱা এজোপা গছ বাখৰ বেঙেনা ===যাৰ বৈজ্ঞানিক নাম ৰেনডিয়া ইউলিজিনচা ;বি :এচ :আই পি :(Lkhono) ৰ মতে বয়স ৫৮০ বছৰ ৷সেই সময়ৰ কোনোৱা অভিজ্ঞ এজনে এই গছৰ নাম নাজানি বাখৰ গুটীয়া দেখি নাম ৰাখিলে ছাগৈ বাখৰ বেঙেনা ৷বাখৰ বেঙেনা গছজোপাৰ পাত বোৰ বেঙেনা গছৰ পাতৰ সদৃশ ৷ফুলবোৰ গুলচি ফুলৰ দৰে গুটিবোৰ মধুৰি আমৰ দৰে বেঙেনা আকাৰৰ ৷বছৰৰ  জেঠ আহাৰত এবাৰ গুটি লাগে যদিও কিন্ত বছৰৰ অন্য সময়টো দুই এটি ফুল সহ গুটি  লাগি থকা প্ৰতক্ষ কৰা যায় ৷সেই সময়তে আশ্বৰ্য বৃক্ষ বাখৰ বেঙেনাৰ বিষয়ে জানিবলৈ স্থানীয় ৰাইজে উদ্ভিদ বিদৰ লগত যোগাযোগ কৰিছিল যদিও গছ জোপাৰ একেবাৰে ওচৰলৈ তললৈ যাবলৈ বাট পথ নাছিল ৷বাৰিষা পানীৰে গছৰ তল বুৰি থাকে ৷বহু গবেষক আহি বিফল মনোৰথে ঘুৰি গৈছিল ৷১৯৬৫ চনতে সেই সময়ৰ যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ  মহাবিদ্যালয়ৰ উদ্ভিদবিদ তথা অধ্যাপক প্ৰাক্তন শিক্ষাধিকাৰ  প্ৰয়াত প্ৰভাত চন্দ্ৰ কোঁৱৰে গছজোপাৰ গুৰি গচকি কৈছিল ;যে গছৰ নাম বাখৰ বেঙেনা আৰু ইয়াৰ গুটি বোৰ  বেঙেনা আকাৰৰ হলেও আচলতে ই বেঙেনা জাতীয় গছ নহয় এই গছৰ বয়স সেই সময়তেই মন্তব্য কৰিছিল ৷বাখৰ বেঙেনা বৃক্ষৰ বিষয়ে কোনো বুৰঞ্জীত এতিয়ালৈকে উল্লেখ নাই যদিও স্থানীয় বয়োবৃদ্ধ লোকসকলে জনশ্ৰুতি বা কিংম্বদন্তি মুলক ভাবে কয় যে ;প্ৰথমে বৰাহী ৰজা মহামাণিক্যই ৰাজ্যৰ সীমা দি গছজোপা আহোম ৰাজ্যৰ সীমা নিৰূপন কৰিছিল ৷দ্বিতীয়তে আহোম স্বৰ্গদেউ চুহুংমুংৰ দিনত কোনো  অজ্ঞাত বিষয়াই এই অচিন বৃক্ষৰ পুলিটো এই ঠাইতে ৰুই থয় ৷বৃক্ষ জোপাৰ কাষৰ পৰাই ভোমোৰা আলি নামৰ এটা আলি চিকণ সৰিয়হৰ নগৰৰ ফালে যোৱাৰ চিন আছে ৷স্বৰ্গদেউ জয়ধব্জ সিংহৰ ৰাজত্ব কালত বাণফেৰা নগা বা বানফ্ৰই বংশৰ চিকণ সৰিয়হৰ দেউতাক নাওবৈছা ফুকনৰ বসতি বাহৰ ৰজাঘৰৰ তৰফে দিয়া মাটিৰ সীমা এই গছৰ কাষৰ তললৈকে আছিল ৷ইয়াৰ কাষেদি বৈ যোৱা লাকুম (লা ==সীমা কুম ==মুৰ আহোম শব্দ) জানটোৱে এই অৰ্থকে বুজায় ৷তৃতীয়তে চুটীয়া ৰজাই ৰাজ্যৰ সীমা দি এই বৃক্ষ ৰোপণ কৰিছিল বুলিও কিছুৱে কব খোজে ৷আজিৰ তাৰিখত সকলো বোৰ জনশ্ৰুতি কিংম্বদন্তি যদি যুক্তিৰে ফঁহিয়াই চোৱা যায় ;অনুমান কৰিব পাৰি যে এই বিস্ময় বৃক্ষৰ পুলিটো কোনোবা মংগোলীয় লোকেই ৰোপণ কৰিছিল কোনো মহৎ উদ্দেশ্যৰে ৷বাখৰ বেঙেনা গছৰ অনুসন্ধান প্ৰকৃততে উদ্ভিদবদৰহে এই আমাৰ মাত্ৰ এটি অতি ক্ষুদ্ৰ প্ৰচেষ্টাহে ৷এই গছৰ নতুন প্ৰজাতি বকতা পাৰিজাতৰ ৰুকাং  অঞ্চলত এজন যুবকে ৰুই জীয়াইছে আৰু গোলাঘাটৰ ঠেঙাল গাঁৱত বকতাৰ বাখৰ বেঙেনা বক্ষৰ সঁচ নি ৰুই জীয়াইছে ৷আৰু আন আন ঠাইত কেনেকৈ ইয়াৰ বংশ বৃদ্ধি কৰিব পাৰি সেই সিধান্ত বাবে ব্যাপক গবেষণা কৰিবলৈ উদ্ভিদবিদ সকললৈ বিস্ময়কৰ বৃক্ষ  বাখৰ বেঙেনা অধীৰ  অপেক্ষাত বাট ৰৈছে ===(প্ৰবন্ধটি যুগুত কৰোতে বুৰঞ্জীবিদ হেম বুঢ়া গোহাঞিৰ “লেছেৰি বোটলা বুৰঞ্জী ৰ প্ৰথম খণ্ডৰ লগতে এখন উৱলী যোৱা স্মৃতি গ্ৰন্থত যামিনী বুঢ়া গোহাঞি নামৰ লেখিকাৰ লেখাৰ পৰা সংগৃহীত )


মাদুৰি