আলোকপাতঃ- সুৰভি বৰ পাত্ৰ গোহাঁই ।
"প্ৰাৰ্থনাৰ প্ৰথম ঈশ্বৰ" জনপ্ৰিয় কবি দীপশিখা বৰ গোহাঁই দাসৰ এখন উচ্চ মানসম্পন্ন কাব্যসংকলন । ২০১৯চনত উন্মোচন কৰা কাব্য সংকলন খন ভগ্নীসম দীপশিখা বৰ গোহাঁইয়ে উন্মোচন কৰা দিনাই উপহাৰ দিছিল। তেতিয়াৰ পৰা এতিয়ালৈকে কাব্যসংকলন খন কেইবাবাৰো পঢ়িছোঁ। বাৰে বাৰে পঢ়িও মনটো আঁতৰাই আনিব নোৱাৰি কাব্যসংকনখনৰ পৰা। কবিতাৰ বিষয়বস্তু নিৰ্বাচন, শব্দশৈলীৰ ব্যৱহাৰ, কাব্যিক ব্যঞ্জনা সকলোদিশতেই নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কাব্যসংকনখন ।
দীপশিখা বৰ গোহাঁই দাস গোলাঘাটৰ জীয়াৰী । বৰ্তমান গুৱাহাটীৰ স্থায়ী বাসিন্দা। স্নাতকোত্তৰ ডিগ্ৰীৰে অলংকৃতা দীপশিখা বৰ গোহাঁই দাস এখন ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষা । অলিম্পিকত পদক অৰ্জনেৰে গৌৰৱ কঢ়িয়াই আনি ইতিহাস ৰচনা কৰিবলৈ সমৰ্থ হোৱা ভাৰত গৌৰৱ
লাভলীনা বৰ গোহাঁই পেহীয়েক দীপশিখা বৰ গোহাঁই দাস ।
"প্ৰাৰ্থনাৰ প্ৰথম ঈশ্বৰ " কাব্য সংকলন খনৰ প্ৰকাশক পাঞ্চজন্য বুকছ্। ঔদোগিক পাম, বামুনিমৈদাম গুৱাহাটী ২১।প্ৰকাশকাল - ২০১৯। প্ৰচ্ছদ অংকন- মিন্টু দাস। মূদ্ৰণ-পাঞ্চজন্য প্ৰিন্টিং এণ্ড পাব্লিছিং, বামুনিমৈদাম গুৱাহাটী - ২১।
কাব্যসংকনখন তেওঁৰ মাক-দেউতাকৰ শ্ৰীচৰণত উচৰ্গা কৰিছে। কাব্যসংকলনত আলিকেঁকুৰিত ৰত্নাকৰ, প্ৰাৰ্থনাৰ প্ৰথম ঈশ্বৰ, এজাক
চাইক্ল'ন, বাঁহীৰ অসুখ, হৰ্ডিঙৰ সূৰ্য, মেঘমল্লাৰ, জলস্তম্ভ, বাস্তৱিক, বিষাদৰ নীলামুদ্ৰা আদিকে ধৰি প্ৰায় নব্বৈ উৰ্ধৰ ভিন্ন স্বাদৰ কবিতাৰে সমৃদ্ধ ।
কাব্যসংকলনৰ " প্ৰাৰ্থনাৰ প্ৰথম ঈশ্বৰ" নামৰ কবিতাত(পৃষ্ঠা নং ১০) কবিয়ে পিতৃ-মাতৃক প্ৰাৰ্থনাৰ প্ৰথম ঈশ্বৰ হিচাপে প্ৰতিষ্ঠিত কৰি সজাই তুলিছে কাব্যিক চিত্ৰপট ।পিতৃ-মাতৃ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। কিয়নো ভোকত অন্ন, উলংগ শৰীৰত এডোখৰ বস্ত্ৰ আৰু সন্তানৰ পৰিচয় দিব পৰাকৈ উপযুক্ত কৰি তোলে। জন্মৰ পৰাই পিতৃ - মাতৃৰ পৰিচয়ৰে সন্তানক গৌৰাম্বিত কৰি তুলিব পাৰে। নিজৰ জীৱন তুচ্ছ কৰিও সন্তানৰ সুখৰ বাবে শাৰীৰিক আৰু মানসিক কষ্ট কৰি পাৰ কৰে কত বিনিদ্ৰ ৰজনী। সন্তানৰ সুখ দেখিলে পিতৃ মাতৃৰ মন পৰিতৃপ্তিৰে ভৰি পৰে। সেয়েহে পিতৃ মাতৃৰ স্থান আকাশতকৈয়ো ওখ বুলি কবিয়ে প্ৰকাশ কৰিছে। "প্ৰাৰ্থনাৰ প্ৰথম ঈশ্বৰ /যি বুভুক্ষু মুখত তুলি দিয়ে এমুঠি অন্ন/প্ৰাৰ্থনাৰ প্ৰথম ঈশ্বৰ তেওঁ /যি উলংগ শৰীৰত দি যায় এখন বস্ত্ৰ। কবিয়ে আকৌ কৈছে," মোৰ সফলতাত যি সুখী হৈ উঠে /হৈ উঠে উৎসাহী /প্ৰচুৰ জীৱনমুখী /যাৰ বাবে বৰ্ণময় পৃথিৱীৰ স'তে মুখামুখি /আকাশতকৈ ওখ মোৰ আই /মোৰ পিতাই /মোৰ প্ৰাৰ্থনাৰ প্ৰথম ঈশ্বৰ ।"
কবি দীপশিখা বৰ গোহাঁইৰ প্ৰতিটো কবিতাই সততে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি কবিতাত ব্যৱহৃত শব্দশৈলীৰে হৃদয়ত মৃদু জোকাৰণি তোলে। বাস্তৱৰ পৃথিৱীত ঘটি থকা ঘটনাৰাজী কবিৰ তুলিকাত প্ৰকাশ পাইছে জীঁয়া প্ৰতিচ্ছবি হৈ। কাব্য সংকলন খনৰ" অভিশপ্ত ত্ৰিশ অক্টোবৰ" (পৃষ্ঠা নং ৮৬)নামৰ কবিতাটো হৃদয়ংগম কৰি বুজিব পাৰি, কিমান ভয়াবহ সেই ত্ৰিশ অক্টোবৰৰ দিনটো। পোৰা মঙহৰ ধোঁৱাই
ছানি ধৰিছিল/ মহানগৰীৰ আকাশ,/ ছেদেলি ভেদেলি হৈ ছিটিকি পৰিছিল মাংসপিণ্ড /বিয়পি পৰিছিল /অগণন মানুহৰ চিৎকাৰ আৰু হাহাকাৰৰ কৰুণ ধ্বনি /, উদভ্ৰান্ত গতিৰে /প্ৰিয় মানুহে প্ৰিয় মানুহৰ সন্ধানত খুঁচৰি খুঁচৰি চাইছিল / এঙেৰুৱা মানুহৰ মুখ, হাত, ভৰি । ত্ৰিশ অক্টোবৰৰ বিভীষিকাময় সেই দৃশ্য! শুনিলেই গাৰ নোম শিয়ঁৰি উঠা, কোনো কালেই পাহৰিব নোৱাৰা সেই মৰ্মান্তিক ছবিখন কবিৰ অনুভৱত প্ৰাণ পাই উঠিছে। "মৃত্যু উৎসৱৰ অৱশেষতো/দোষী মানুহবোৰ এতিয়াও অনুশোচনাত নকঁপে/গাদী ৰখাৰ কৰ-চাতুৰিত/ৰজাই ৰজাই খোৱা কামোৰা।" কবিয়ে কৈছে, "কথাৰ শেষতো কথা /মঙহে জানে মঙহৰ শূন্যতা।
এইদৰেই আমি কবি দীপশিখা বৰ গোহাঁইৰ কবিতাত দেখিবলৈ পাওঁ প্ৰতিটো বিষয়বস্তুকে পূৰ্ণাংগ ৰূপত সজাই তুলি এটা এটা নিপোটল কবিতাৰ ৰূপ দিছে। কবিৰ অনুভৱৰ কাপেৰে বৈ অহা কাব্যিক নিজৰাই পাঠকৰ হৃদয়েদি বৈ যাবলৈ সমৰ্থ হৈছে। প্ৰতিটো কবিতা এবাৰ পঢ়ি এৰিব নোৱাৰি। ইতিমধ্যে কাব্যসংকলনে পাঠকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। যিবিলাকে কিতাপখন পঢ়া নাই, সোনকালেই পঢ়ক। কিতাপখন ৰসপান কৰি পাঠক উপকৃত হ'ব পাৰিব বুলি মোৰ বিশ্বাস।
শেষত মোৰ ক্ষুদ্ৰ অনুভৱত ৰৈ যোৱা ভুলৰ ক্ষমা বিচাৰিলোঁ। মৰমৰ ভন্টি দীপশিখাই ইমান সুন্দৰ কাব্যসংকলন উপহাৰ দি কৃতাৰ্থ কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰি সামৰণি মাৰিলোঁ।