Type Here to Get Search Results !

নাৰী তুমি অনন্যা

খাদিমউদ্দিন আহমেদ


নাৰী তুমি অনন্যা………
তুমি উৰ্বৰা কৃষিভূমি
সৃষ্টিৰ কঠিয়া তলি
তোমাৰ বাবেইতো 
ধৰা খনি ইমান ধুনীয়া ।

তুমি কাৰোবাৰ মাতৃ
কোনোবা জনৰ বাই-ভনী 
আকৌ কোনোবা জনৰ মমতাময়ী 
তৃষ্ণাৰ সুধা তুমি ।

তুমি যে অনন্যা…………
দধীচিৰ দৰে আত্ম বলিদান দিয়া 
জয় পৰাজয়ৰ যুজঁত ।
কেকুঁৰাৰ দৰে নিজকে নিঃশেষ কৰা
পুত্ৰ স্নেহত ।

তুমি ধৈৰ্যৰ প্ৰতীক
সাহসৰ অফুৰন্ত ভাণ্ডাৰ
মদিৰাৰ ৰাগিনী তুমি
প্ৰেমৰ বোৱতী নৈ ।

তুমি অনন্যা…………
জীৱনৰ সাফল্যতাৰ মাপকাঁঠি
সুনন্দৰৰ প্ৰতীক তুমি
সহনশীলতা , মানৱীয়তাৰ
অলংকাৰ তুমি ।

শান্তিৰ নিজৰা তুমি
সৃষ্টি তোমাৰ নতুনত্ব
বিশ্ববিজয়িনী তুমি
ত্ৰিভূৱনৰ ।