Type Here to Get Search Results !

বৰ্ত্তমান যুগত শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত তথ্য আৰু প্ৰযুক্তি (ITC) ৰ ভূমিকা


.বন্দনা শালৈ

তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) ৰ শিক্ষাই শিক্ষণ-শিকন পৰিৱেশৰ বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে | তথ্য আৰু যোগাযোগ প্ৰযুক্তি অতি কম দিনৰ ভিতৰতে আধুনিক সমাজৰ গঠনৰ আধাৰ স্বৰূপ হৈ উঠিছে | পঠন, লিখন আৰু সংখ্যাজ্ঞানৰ সমান্তৰালভাৱে আজিকালি তথ্য আৰু যোগাযোগ প্ৰযুক্তি বুজি পোৱা আৰু ইয়াৰ মৌলিক কৌশলসমূহ আহৰণ কৰাটোও মূল শিক্ষাৰ এক অপৰিহাৰ্য অংগ হৈ উঠিছে | UNESCO ৰ মতে, ICT বুলিলে তথ্যৰ সৃষ্টি, অংশীদাৰকৰণ, প্ৰেৰণ, সংৰক্ষণ আৰু আদান-প্ৰদানৰ বাবে ব্যৱহৃত বিভিন্ন প্ৰযুক্তিগত আহিলা আৰু সমলসমূহক বুজায় | এই প্ৰযুক্তিগত বিভিন্ন আহিলা আৰু সমলবিলাক হৈছে- কম্পিউটাৰ, ইন্টাৰনেট (websites, blogs & e-mail), চলন্ত বিৱৰণীৰ প্ৰচাৰৰ প্ৰযুক্তি (radio, television & webcasting), সংৰক্ষিত বিৱৰণী প্ৰচাৰৰ প্ৰযুক্তি (podcasting, audio & video players & storage devices) আৰু দূৰাভাষ(faxed or mobile, satelite, audio/video - conferencing, etc.)
..................শৈক্ষিক ক্ষেত্ৰত বৰ্ত্তমান সময়োপযোগী হিচাপে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ তথা সুবিধাজনক আহিলা বা যতন হিচাপে smart phone কে ল'ব পাৰি |কাৰণ, ইয়াৰ জৰিয়তে এখন ডিজিটেল ছবি প্ৰস্তুত কৰিব পাৰি যিখনক আমি সংৰক্ষণ আৰু প্ৰয়োজন অনুসাৰে পুনৰ উলিয়াই ল'ব পাৰো | এই ডিজিটেল ছবিখন আমাৰ আৱশ্যক অনুযায়ী সাল-সলনি কৰিব পাৰো; যাক বেলেগৰ স'তে ভাগবতৰা কৰি মতামতো গ্ৰহণ কৰিব পাৰি |সেয়েহে, যিকোনো ধৰণৰ সজুঁলি/প্ৰযুক্তি যিবিলাকৰ দ্বাৰা ডিজিটেল তথ্য, সৃষ্টি, সংৰক্ষণ, পুনৰ উদ্ধাৰ, সালসলনি, প্ৰেৰণ আৰু গ্ৰহণ কৰিব পাৰি - এই সকলোবোৰক তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ বৰ্গত ৰখা হয় |
 .....................শিক্ষকে শিকাৰুৰ শিকন উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত সঠিক পদ্ধতি আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ আহিলা/সমলসমূহ নিৰ্বাচন কৰাৰ উপৰিও শিকাৰুক বুজি উঠাটোও অতি প্ৰয়োজনীয় | শ্ৰেণীকোঠাত ইয়াৰ ব্যৱহাৰৰ বাবে শিকাৰুক বুজি উঠাৰ বাবে চাৰিটা প্ৰয়োজনীয় দিশ হ'ল-

১/জনতাত্বিক (Demographic)
২/সংজ্ঞানাত্মক/পূৰ্বজ্ঞান (Cognitive & Previous Knowledge)
৩/ভাৱাত্মক/সামাজিক (Affective/Social)
৪/শাৰীৰিক (Physiological)

১/জনতাত্বিক : শিক্ষকে শ্ৰেণীকোঠাত শ্ৰেণীৰ আকাৰ, ছাত্ৰ-ছাত্ৰীৰ বয়সৰ ভিন্নতা, সংস্কৃতি, আৰ্থ-সামাজিক অৱস্থিতি, লিংগ, ভৌগোলিক অৱস্থিতি আৰু প্ৰযুক্তিবিদ্যাৰ উপলব্ধতা/প্ৰৱেশক্ষমতা বিবেচনা কৰা উচিত |

২/সংজ্ঞাত্মক/পূৰ্বজ্ঞান : শৈক্ষিক স্তৰ, প্ৰাথমিক, উচ্চ প্ৰাথমিক, পূৰ্বজ্ঞান তথা অভিজ্ঞতা, শিকন ভংগিমা, কম্পিউটাৰ স্বাক্ষৰতা স্তৰ, বৌদ্ধিক দক্ষতা |

৩/ভাৱাত্মক/সামাজিক : ছাত্ৰ-ছাত্ৰীৰ সৈতে পাৰস্পৰিক সম্বন্ধ স্থাপন কৰাৰ সময়ত শিক্ষকজনে শিক্ষা আৰু শিকন, সতাঁৰ(online), শিকন পৰিৱেশ, অভিৰোচনৰ স্তৰ, পাৰস্পৰিক সম্বন্ধ আৰু আগ্ৰহ লগতে নিজৰ মনোবৃত্তিৰ অন্ত:দৰ্শন বিশ্লেষণ কৰাটো বাঞ্চনীয় |

৪/শাৰীৰিক : শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ শাৰীৰিক, আৱেগিক তথা বিশেষ প্ৰয়োজন সমূহৰ সম্পৰ্কে সজাগ হ'ব লাগিব | শিক্ষা সমল সমূহক মুক্ত আৰু বিনামূলীয়াকৰণে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে সহজলভ্য কৰি তোলে |

                    সেয়ে, বৰ্ত্তমান যুগত শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তি নিৰ্বাচন কৰাত আৰু ইয়াক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক ভালদৰে বুজিব পৰাৰ লগতে সেইমতে সুবিধা প্ৰদান কৰাটো আমাৰ অন্যতম কৰণীয় তথা লক্ষ্য হোৱা উচিত |.......................................................................................