Type Here to Get Search Results !

আধুনিক অসমীয়া কবিতাৰ সম্পৰ্কে চমু আলোচনা

 ৰঞ্জিত চুতীয়া




                  আধুনিকতাৰ ধাৰণা সদায়ে গতিশীল। নতুন যুগৰ চিন্তা আৰু চেতনা যি সাহিত্যত প্ৰতিবিম্বিত হৈ উঠে সেই সাহিত্যক সাধাৰণ অৰ্থত আধুনিক বুলি ক'ব পাৰি। কিন্তু ঠাই বিশেষে এই চেতনা বেলেগ বেলেগ সময়ত জাগৰিত হ'ব পাৰে। ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ প্ৰথম চাৰিটা দশকৰ ভিতৰত অসমীয়া কবিতাৰ বন্যাই ব্যাপক ৰূপ লোৱাৰ পিছত অসমীয়া কবিতাৰ গতি আৰু প্ৰকৃতি সলনি হ'বলৈ লয়। সময়ৰ ঐতিহাসিক ঘটনাবোৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱৰ ফলত অসমীয়া কবিতাই ৰোমান্টিক আৱেষ্টনীৰ পৰা ওলাই আধুনিক ৰূপত আত্ম প্ৰকাশ কৰে।
                      কবিতাৰ ক্ষেত্ৰত আধুনিকতাৰ বিচাৰ কৰাটো সহজ সাধ্য নহয়। কবিৰ মনৰ জগত আৰু কবিতা-পাঠকৰ মনৰ জগতৰ মাজত যেতিয়া একে সময়তে নতুন চেতনাৰ সাকোঁৰে অনুভূতিৰ আদান-প্ৰদান ঘটে,তেতিয়াই কবিতাত আধুনিকতা স্বীকৃত হয়, কেতিয়াবা সেইবোৰ লক্ষণকে আধুনিক বোলা হয়।, যিবোৰত মানৱ প্ৰগতি, সভ্যতা, সংস্কৃতিৰ আদিৰ বিষয়ে প্ৰচলিত সকলো ধাৰণাকে মানি নোলোৱাৰ আৰু বিপৰীত ধাৰণা এটাক মানি লোৱাৰ প্ৰৱনতাই দেখা দিয়ে।
                     আধুনিক কবিতাৰ কেইটামান লক্ষণ হ'ল -
ক) প্ৰতীকধৰ্মী শব্দৰ প্ৰয়োগ
খ) আপাত দৃষ্টিত যিবোৰ বিষয়ক কবিতাৰ উপযুক্ত
       বুলি ধৰা হোৱা নাছিল, সেইবোৰৰ অন্তৰ্ভূক্তি
গ) অসংলগ্ন যেন লগা ভাষাৰ প্ৰয়োগ
ঘ) চলচিত্ৰধৰ্মী কলা-কৌশল
ঙ) অতি কথাৰ প্ৰয়োগ
চ) চিত্ৰকল্পসমূহত নাটকীয় বীজ
ছ) ঘৰুৱা আৰু কথিত শব্দৰ প্ৰয়োগ
জ) ছন্দৰ শিকলি ছিঙা ৰূপ। ইত্যাদি
                      অসমীয়া কবিতাত অমূল্য বৰুৱাৰ দিনৰে পৰা এক নতুন স্ৰোত প্ৰৱাহিত হৈছিল। কিন্তু পাঠকৰ সমাজত সি বিয়পি পৰাৰ সুবিধা লাভ কৰা নাছিল সেইবোৰৰ আকস্মিকতা আৰু অভাৱনীয়তাত, বিশেষকৈ বিষয়বস্তু, নামাকৰণ আদিৰ ক্ষেত্ৰত। অসমীয়া সাহিত্যৰ কবি আৰু পাঠকে যেতিয়া ফুল, তৰা, আকাশ, ৰূপহীৰ মাজত সৌন্দৰ্য বিচাৰি এসময়ত ক্লান্ত হৈ পৰিছিল তেতিয়া তেওঁলোকে সন্ধান কৰিছিল অন্য দৃষ্টিকোণেৰে অন্য আকৰ্ষণৰ। দেহৰ পৰা মনলৈ গতি কৰা সৌন্দৰ্যৰ সেই সন্ধানত অনুভূতি আৰু চিন্তধাৰাৰ যি বৈচিত্ৰ্য পৰিলক্ষিত হয় আপাত দৃষ্টিত সি সকলো সময়তে সুন্দৰ নাছিল। কেতিয়াবা 'অসুন্দৰ' আৰু 'অশুভ'ৰ মাজতো কবিয়ে কবিতাৰ সমল বিচাৰি পায়। আধুনিক কবিতাৰ ই এক প্ৰধান বৈশিষ্ট্য।
                     আধুনিক কবিতাই মানুহৰ একান্ত ব্যক্তিগত আৰু গোপনীয় বিষয়সমূহ লৈ যি আলোচনাত প্ৰবৃত্ত হয়, সি সকলো পাঠকৰ বাবে বোধগম্য নহ'বও পাৰে। সেইবাবেই আধুনিক কবিতা পাঠকৰ মাজত এক বিতৰ্কিত বিষয়। প্ৰতীক চিত্ৰকল্পৰে ভাৰাক্ৰান্ত কবিতাই প্ৰথম দৃষ্টিত এই কথা প্ৰতীয়মান কৰাইছিল যে কবিতা হ'ল কবিৰ নিজৰ দৰে সতীৰ্থ সকলেহে বুজিব পৰা এবিধ সাহিত্যকলা, সকলোৱে বাবে নহয়। প্ৰকৃতাৰ্থত কবিতাক কোনোপধ্যেই সামগ্ৰীক জন-জীৱনৰ পৰা আঁতৰাই চাব নোৱাৰি। গতিকে কোনো এজন কবিৰ ব্যক্তিগত ৰচনা হ'লেও একোটা কবিতাই কোনো এখন সমাজৰ মানুহৰ আশা-নিৰাশা আৰু সমস্যাৰ ছবি বহন কৰে। আধুনিক অসমীয়া কবিতাই এনেদৰে জন-জীৱনৰ বাতৰি বহন কৰি আহিছে।
                  আধুনিক অসমীয়া কবিতাত প্ৰেম আৰু প্ৰকৃতি কোনোটোৱেই উপেক্ষিত হোৱা নাই। সেইদৰে আধুনিক অসমীয়া কবিতাত ৰাজনীতিৰ কথাও বাদ দিয়া হোৱা নাই। প্ৰাচীন পন্হীসকলৰ দৃষ্টিত কবিতা আৰু ৰাজনীতি দুটা বিপৰীত মেৰুৰ বস্তু যদিও আধুনিক দৃষ্টিত ৰাজনীতি হ'ল মানুহৰ সমাজ জীৱনৰ আৰু ব্যক্তিগত জীৱনৰো সবাতোকৈ প্ৰভাৱশালী শক্তি। কবিতাত ৰাজনীতি থাকে কবিৰ কোনো আদৰ্শ স্হাপনৰ মনোভাৱ অথবা কোনো সংস্কাৰৰ মনোভাৱ নাইবা কোনো প্ৰতিবাদৰ মনোভাৱ ছদ্মবেশত। কিছুমান কবিতাই ৰাজনৈতিক চেতনাৰে মানৱ মুক্তিৰ বাণী বহন কৰে।
                   আধুনিক অসমীয়া কবিতাখিনি আলোচনা কৰি এইবোৰক দুটা প্ৰাথমিক ভাগত ভাগ কৰিছে। এটা হ'ল - হৃদয় পৰশি যোৱা আৰু আনটো হ'ল - মগজুৰ দুৱাৰেদি সোমাই অহা। প্ৰথম বিধৰ কোমলতা আৰু সৰলতাৰ তুলনাত ### আধুনিক অসমীয়া কবিতাৰ সম্পৰ্কে চমু  আলোচনা ###

                  আধুনিকতাৰ ধাৰণা সদায়ে গতিশীল। নতুন যুগৰ চিন্তা আৰু চেতনা যি সাহিত্যত প্ৰতিবিম্বিত হৈ উঠে সেই সাহিত্যক সাধাৰণ অৰ্থত আধুনিক বুলি ক'ব পাৰি। কিন্তু ঠাই বিশেষে এই চেতনা বেলেগ বেলেগ সময়ত জাগৰিত হ'ব পাৰে। ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ প্ৰথম চাৰিটা দশকৰ ভিতৰত অসমীয়া কবিতাৰ বন্যাই ব্যাপক ৰূপ লোৱাৰ পিছত অসমীয়া কবিতাৰ গতি আৰু প্ৰকৃতি সলনি হ'বলৈ লয়। সময়ৰ ঐতিহাসিক ঘটনাবোৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱৰ ফলত অসমীয়া কবিতাই ৰোমান্টিক আৱেষ্টনীৰ পৰা ওলাই আধুনিক ৰূপত আত্ম প্ৰকাশ কৰে।
                      কবিতাৰ ক্ষেত্ৰত আধুনিকতাৰ বিচাৰ কৰাটো সহজ সাধ্য নহয়। কবিৰ মনৰ জগত আৰু কবিতা-পাঠকৰ মনৰ জগতৰ মাজত যেতিয়া একে সময়তে নতুন চেতনাৰ সাকোঁৰে অনুভূতিৰ আদান-প্ৰদান ঘটে,তেতিয়াই কবিতাত আধুনিকতা স্বীকৃত হয়, কেতিয়াবা সেইবোৰ লক্ষণকে আধুনিক বোলা হয়।, যিবোৰত মানৱ প্ৰগতি, সভ্যতা, সংস্কৃতিৰ আদিৰ বিষয়ে প্ৰচলিত সকলো ধাৰণাকে মানি নোলোৱাৰ আৰু বিপৰীত ধাৰণা এটাক মানি লোৱাৰ প্ৰৱনতাই দেখা দিয়ে।
                     আধুনিক কবিতাৰ কেইটামান লক্ষণ হ'ল -
ক) প্ৰতীকধৰ্মী শব্দৰ প্ৰয়োগ
খ) আপাত দৃষ্টিত যিবোৰ বিষয়ক কবিতাৰ উপযুক্ত         বুলি ধৰা হোৱা নাছিল, সেইবোৰৰ অন্তৰ্ভূক্তি
গ) অসংলগ্ন যেন লগা ভাষাৰ প্ৰয়োগ
ঘ) চলচিত্ৰধৰ্মী কলা-কৌশল
ঙ) অতি কথাৰ প্ৰয়োগ
চ) চিত্ৰকল্পসমূহত নাটকীয় বীজ
ছ) ঘৰুৱা আৰু কথিত শব্দৰ প্ৰয়োগ
জ) ছন্দৰ শিকলি ছিঙা ৰূপ। ইত্যাদি
                      অসমীয়া কবিতাত অমূল্য বৰুৱাৰ দিনৰে পৰা এক নতুন স্ৰোত প্ৰৱাহিত হৈছিল। কিন্তু পাঠকৰ সমাজত সি বিয়পি পৰাৰ সুবিধা লাভ কৰা নাছিল সেইবোৰৰ আকস্মিকতা আৰু অভাৱনীয়তাত, বিশেষকৈ বিষয়বস্তু, নামাকৰণ আদিৰ ক্ষেত্ৰত। অসমীয়া সাহিত্যৰ কবি আৰু পাঠকে যেতিয়া ফুল, তৰা, আকাশ, ৰূপহীৰ মাজত সৌন্দৰ্য বিচাৰি এসময়ত ক্লান্ত হৈ পৰিছিল তেতিয়া তেওঁলোকে সন্ধান কৰিছিল অন্য দৃষ্টিকোণেৰে অন্য আকৰ্ষণৰ। দেহৰ পৰা মনলৈ গতি কৰা সৌন্দৰ্যৰ সেই সন্ধানত অনুভূতি আৰু চিন্তধাৰাৰ যি বৈচিত্ৰ্য পৰিলক্ষিত হয় আপাত দৃষ্টিত সি সকলো সময়তে সুন্দৰ নাছিল। কেতিয়াবা 'অসুন্দৰ' আৰু 'অশুভ'ৰ মাজতো কবিয়ে কবিতাৰ সমল বিচাৰি পায়। আধুনিক কবিতাৰ ই এক প্ৰধান বৈশিষ্ট্য।
                     আধুনিক কবিতাই মানুহৰ একান্ত ব্যক্তিগত আৰু গোপনীয় বিষয়সমূহ লৈ যি আলোচন বিধ কিছু জটিল। কাৰণ এই শ্ৰেণীৰ কবিতাই পাঠকৰ পৰা অধিক সচেতনতা আৰু অধ্যয়নৰ দাবী কৰে। এই অস্পটতা আধুনিক কবিতাৰ প্ৰধান বৈশিষ্ট্য। অস্পট সেই সকলৰ বাবে, যিসকলে নতুন কবিতাৰ দুৱাৰ মুকলি কৰাৰ সচাঁৰ-কাঠি বিচাৰি পোৱা নাই। গতিকে আধুনিক কবিতা বুজি পাবৰ বাবে পাঠকৰো অধ্যয়ন লব্ধ জ্ঞানৰ প্ৰয়োজন বাঢ়িল।