Type Here to Get Search Results !

সপোনৰ শেষত◆◆◆◆◆(5)

 ৰূপম দত্ত


" ঐ, ছোৱালী টিপ চহী মৰাই দে। বুঢ়া আঙুলি।"
মমী আগবাঢ়ি আহি, মোৰ হাতত ধৰি , ষ্টাম্পপেদত মোৰ হাতৰ বুঢ়া আঙুলিৰ চাপ সেই উকা এখন কাগজত দি দিলে। ধ্ৰুৱৰো একেই। বিষেৰে জৰ্জৰিত এক কোঙা শৰীৰ লৈ আমি থানাৰ পৰা ওলাই আহিলোঁ।
মই, ধ্ৰুৱ আৰু মমী একেলগে থানাৰ পৰা ওলাই আহিছিলো যদিও, মমী হঠাৎ ভিৰৰ মাজত হেৰাই গৈছিল। সেই সময়ত এবাৰো ভবা নাছিলোঁ যে এইয়াই মমী আৰু মোৰ শেষ দেখা। তাই হেৰাই গৈছিল মোৰ পৰা, হাজাৰ বাৰ চেষ্টা কৰিও তাইক মই বিচাৰি নাপালোঁ। তাইৰ মাকে দোকান উঠাই দিছিল গণেশগুৰিৰ পৰা। মোৰ হাতত, তাইক বিচাৰি উলিয়াবলৈ আৰু বেলেগ একোৱেই উপায় নাছিল। 
এবাৰ মাত্ৰ তাইক লগ পাই বুজাব বিচাৰিছিলোঁ, যে তাইৰ কৰ্মক লৈ মোৰ কোনো বিচাৰ নাছিল। মোৰ জীৱনত তাইৰ প্ৰয়োজনীয়তা বহুত আছিল। তাইৰ পৰা শিকিছিলোঁ জীৱনৰ বিশেষ কিছুমান তত্ব। তাইক বুজাব বিচাৰিছিলোঁ , থাকা....মোৰ লগত থাকা, দূৰে দূৰেই আমি থাকিম, অকল শিকিম জীৱন মানে কি ? জীয়াই থকাৰ অৰ্থ কি ?
কিন্তু নোৱাৰিলোঁ, একোৱেই ক'ব নোৱাৰিলোঁ। এটি  সপোনৰ দৰেই মমী হেৰাই গৈছিল মোৰ জীৱনৰ পৰা। লাহে লাহে মমীৰ স্মৃতি ধূসৰ হৈ পৰিছিল। ৰিণিকি ৰিণিকি কেতিয়াবা কিবা বিশেষ মুহূৰ্ত্বত কিছুমান মমীৰ কথাই বুকুত ভুমুকি মাৰি যায়। তেতিয়াই কিছু সময়ৰ বাবে  মমীলৈ খুবেই মনত পৰে। 
টিনাক লগ পাই, টিনাৰ লগত কথা পাতি মমী আকৌ সজীৱ হৈ পৰিছিল। বেদনাদায়ক হ'লেও , কিছুমান বেদনাই জীৱনত উৎসাহ বা জীৱণদায়িনীৰ কাম কৰি যায়।
মোবাইলত ন'ট পেদ উলিয়াই, কিবা কিবি লিখি গ'লোঁ। কি লিখিছোঁ নাজানো, অন্তৰৰ পৰা নিগৰি অহা শব্দবোৰ বাক্যৰ ৰূপ দি আছিলোঁ। কিমান সময় লিখি আছিলোঁ , হিচাপ নাছিল। কেতিয়া টোপনি আহিল তাকো গম নাপালোঁ। 
পিছদিনা গধূলি টিনাৰ ফোন আহিল। 
" হেল্ল'...কোৱা...."
" ক'ত ?"
" ঘৰত...."
" ওলাই আহা, মই পাম এতিয়াই...."
মই লাহেকৈ ঘৰ তলা মাৰি ওলাই আহিলোঁ, মেইন ৰাস্তালৈ। ৰাস্তাৰ মূৰ পাওঁ মানে টিনাৰ গাড়ী আহি পালেহি। মই আগফালৰ ছিটত বহিলোঁ। 
" দাড়ি কাটিলা? ধুনীয়া লাগিছে।"
" ক'ত যাবা ?"
" নাজানো , বাইপাছতেই অহা-যোৱা কৰি থাকিম।"
কিছু দূৰ আহি আমি বাইপাছত উঠিলোঁ। সুন্দৰ গতিত গাড়ী গৈ আছে। 
"কিবা লিখিলানে ?"
কিছু সময় মৌনতাই মোক বেৰি ধৰিলেহি। কি লিখিছিলোঁ নিজেও পঢ়ি চোৱা নাই। টিনাক ক'বলৈ কিবা এক সংকোচ ভাৱ মনলৈ আহিল।
" ভাল লিখিছা। লিখি যোৱা।"
মই পাহৰিয়েই গৈছিলোঁ, টিনাই মোৰ সকলো  জানে। 
" মমী এতিয়াও আছে। একেবাৰে বেমাৰী তাই। এজনী ছোৱালী আছে। কেতিয়াবা পল্টনবজাৰৰ ক'ৰবাত দেখিবা, ভিক্ষা কৰি থকা। কিন্তু তুমি তাইক চিনি নাপাবা। তাই পাব। তাই আঁতৰি যাব তোমাক দেখিলেই। তাইৰ অন্তৰত এতিয়াও তুমি সজীৱ হৈয়েই আছা। তাইৰ জীৱনত সঁচা অকল তুমি আছিলা।"
বুকুৰ কোনোবা এক কোণত এক বিষ উঠি আহিল। 
" মমী......."
'জীৱন যাত্ৰাত যিবোৰ বস্তুৱে তোমাৰ লগত খোজত খোজ মিলাব নোৱাৰি পিছুৱাই যায়, তাক পাহৰাৰ বাদে গত্যন্তৰ নাই। আমাৰ জীৱনটো বনোৱা হৈছে তেনেকৈয়ে। কঠিন, কিন্তু এইয়াই মংগল সকলোৰে বাবে। যি তোমাৰ বাবে নহয় , সি জীৱন যাত্ৰাত তোমাৰ পৰা পাছ পৰিবই। তাৰ বাবে যদি তুমি কিবা কৰিবলৈ চেষ্টা কৰা তুমিও পিছুৱাই যাবা। জীৱন পিছুৱাবলৈ দিয়া নাই, দিছে আগুৱাবলৈ। যি গ'ল তাক যিমান পাৰা সোনকালে স্মৃতিৰ পৰা মচিবলৈ চেষ্টা কৰা, যি আহিব লগীয়া আছে , তাক আদৰিবলৈ প্রস্তুত হোৱা।'
কিছুমান জীৱন তত্ব মোৰ জীৱনে এনেকৈয়ে শিকাই দিছে। মই মানিছোঁ।
 আজি এবাৰো ইচ্ছা নহল মমীক চাবলৈ বা জানিবলৈ। মমী মোৰ বাবে এক অতীত হৈ পৰিল। মই সেইজনী মমীকে মনত ৰাখিব বিচাৰিছোঁ, যি জনীক মই মোৰ জীৱনৰ কঠোৰতম সময়ত বন্ধু হিচাপে কাষত পাইছিলোঁ।
মমীৰ ওপৰত এটাও শব্দ ক'বলৈ মোৰ নগ'ল। টিনাই মোৰ মনৰ কথা জানে। তাইও বেছি একো কোৱা নাছিল। 
গাড়ী চলি আছিল। নভবা নুশুনা বহুত কথাই টিনাই কৈছিল। অঁকৰা মানুহৰ দৰে মই টিনাৰ শব্দবোৰ বুকুৰ মাজত সাঁচি ৰাখিছিলোঁ। 
" জানানে, মানুহে জীৱনত কেতিয়া শিকে ? শিকিবলৈ ইচ্ছুক হয় ,জীৱনটোক ?"
তাইলৈ চাইছিলোঁ......উত্তৰ তাইয়ে দিব......
" যেতিয়া তোমাৰ পৰা কিবা এটা হেৰাই যায়। যেতিয়া তুমি শূন্য হৈ পৰা। যেতিয়া সকলোবোৰ তোমাৰ পৰা ক্ৰমাৎ আঁতৰি যায়। তেতিয়াই আমি নিজকে ভাবিবলৈ আৰম্ভ কৰো, বুজিবলৈ চেষ্টা কৰো। আমাৰ জীৱনত মাথোঁ দুটা কথাই সঁচা, এক আমাৰ জন্ম আৰু দ্বিতীয় আমাৰ মৃত্যু। ইয়াৰ বাহিৰে বাকী সকলো মিছা।  জন্ম হয় , আমাৰ মৃত্যুৰ বাবেই। ইয়াতকৈ ডাঙৰ সঁচা আৰু একো নাই। এই, জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনি অকল নিজৰ। তাৰে আধাতকৈ বেছি সময় আমি নষ্ট কৰি দিওঁ অদৰকাৰী কিছুমান কামত। তুমি তেনে নকৰিবা। সেই কাৰণেই মই আহিছোঁ।"

কথাবোৰে বুকু চুই গ'ল। চকুৱেদি টোপাল টোপাল পানী ওলাই আহিল। বহুত কিবা মই হেৰুৱাই দিলোঁ মোৰ জীৱনত। এক লক্ষ্যহীন জীৱন মই চলাই আছোঁ, নাজানো ইয়াৰ অন্ত ক'ত? জীৱনত কৰি অহা ভুলবোৰ সজীৱ হৈ মনলৈ উৰি আহিল।
গাড়ীৰ স্পীদ বাঢ়ি গৈ আছিল। কিছুদূৰ আগত ৰাস্তা শেষ, মাটিৰ প্ৰকাণ্ড ঢাপটো দেখিছোঁ। 
এশ ত্ৰিশ স্পীদত গাড়ী গৈ আছে।
" লাহে লাহে যোৱা না । কিয় পগলাৰ দৰে চলাইছা?"
স্পীদ কমি আহিল। 
" ভাল লাগে স্পীদত চলাই। তোমাৰ ভয় লাগে ?"
" ভয় লাগে মানে ?"
আকৌ গাড়ী ৰাস্তাৰ শেষত ঘুৰিল। চল্লিছ স্পীদত চলি আছে। 

আগলৈ........