Type Here to Get Search Results !

বাৰীৰ চুকৰ বনৌষধি পননৌৱা শাকৰ চিনাকী হৈ এটা টেষ্টি ৰেচেপি বনাওঁ আহক

 ভাৰতী পাটৰ বৰগোহাঁই


পনৌনুৱা/পনৌনোৱা হৈছে বাৰিষা কালত গজি উঠা এবিধ অতি ঔষধি শাক । ( অৱশ্যে ঠাই ভেদে বেলেগ নামো থাকিব পাৰে)। এই  শাক বিধত বিভিন্ন ঔষধি গুণ  আছে।  বহু গুণ থকা এইবিধ শাক খালে কি হয় ? ক'ত পায় আৰু কেনেকৈ খাব সকলো কথা কম গতিকে আপোনালোকে মোৰ লিখনিটো শেষলৈকে পঢ়িব। 

        সাধাৰণতে বাৰিষা কালত বাৰীৰ ওখ ঢাপ আৰু পানী জমা নোহোৱা জেকা ঠাইত পনৌনোৱা শাক বিধ ঠাল-ঠেঙুলি মেলি লহপহকৈ বাঢ়ি অহা দেখা পোৱা যায়। এই শাক বিধ বৰ কোমল আৰু পাতবোৰ কিছু পৰিমাণে ঘুৰণীয়া আকৃতিৰ হয়। এইপনৌনোৱা শাক সাধাৰণতে আঞ্জা, চাটনি, মাছ  আদিৰ লগত খায় । তদুপৰি এই শাক কেচাঁকৈ ৰস উলিয়াই ঔষধ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। এন্টি অক্সিডেন্ট গুনেৰে ভৰপূৰ এই শাক বিধত কেলচিয়াম, আইৰন,ফচফৰাছ, ভিটামিন,  ফাইবাৰ আদি পোৱা যায়। 

        বাৰীৰ চুকৰ এই বিধ বনৌষধি  বাৰু আপোনালেকে খাই পাইছেনে ? যদি নাই খোৱা নাইবা চিনি নাপায় তেন্তে ভিডিঅ'টো চাব চোন https://youtu.be/g2hGgpzIUds  । কিয়নো যদিহে আপুনি এই বিধ বনৌষধিৰ গুণাগুণ বিষয়ে নাজানে তেন্তে ইয়াৰ গুণাগুণ শুনিলে আপুনিও আচৰিত হৈ যাব ।  তাৰে কেইটামান  গুণাগুণ তলত চমুকৈ উল্লেখ কৰিছোঁ। আশা কৰো আপোনালোক উপকৃত হ'ব আৰু অজানিতে হোৱা ভূলবোৰ আৰু কিবা গুণ ৰৈ গ'লে  অভিজ্ঞ জনে কমেন্টৰ জৰিয়তে আঙুলিয়াই দিব। 

* পনৌনোৱা শাকে কেন্সাৰ সৃষ্টি কৰিব পৰা কোষ সমূহ ধবংশ কৰে। সেইবাবে এই শাক আঞ্জা বনাই বা কেঁচাকৈ ৰস উলিয়াই খাব লাগে।
* পনৌনোৱাই আমাৰ পাকস্থলীৰ আলচাৰ নিৰাময় কৰে।
* পনৌনোৱাই আমাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে।
* নিদ্ৰাহীনতা ৰোগত এই শাকৰ পৰা তৈয়াৰ কৰা চাহ খালে সুফল পোৱা যায়।
* আমাৰ দেহত ঘা লাগিলে সোনকালে ঘা আদি শুকাবলৈ গোটেই গছ জোপা পিচি লগাব লাগে।
* পুনৌনোৱা শাকৰ আঞ্জা বা ৰস উলিয়াই খালে মানসিক অবসাদ,  চাপ আদিৰ পৰা আতৰত থাকিব পাৰি।
* কিডনী ভালে ৰাখিবলৈ এই শাকৰ ৰস উলিয়াই খাব লাগে।
      
        এই শাক  বিশেষকৈ নিম্ন ৰক্তচাপ আৰু প্ৰসূতি নাৰীৰ বাবে খুবেই উপকাৰী । তাৰোপৰি নিদ্ৰাহীনতা, কাঁহ-চৰ্দি, ইউৰিক এছিড, ডাইবেটিছ, কিডনী পাথৰ, হাৰ্টৰ ৰোগ, জণ্ডিছ, পেচাবৰ সমস্যা, আদি  বেমাৰত  এই শাকবিধ অতি উত্তম।

      ইমানবোৰ গুণ অধিকাৰী এই শাক বিধ বাৰু আপোনালেকে খায়নে ?  যদিহে আজিলৈকে খোৱা নাই তেন্তে মই তলত উল্লেখ কৰা নিচিনাকৈ এদিন বনাই খায় চাব চোন। যিহেতু পনৌনোৱা অকল বাৰিষা কালত হে পোৱা যায়। সেয়েহে শেষ হোৱাৰ আগতেই এদিন  এনেদৰে বনাই খাই চাওঁক https://youtu.be/g2hGgpzIUds

      যদিও পনৌনোৱা শাক মাছৰ লগত খাবলৈ বেছি ভাল লাগে তথাপি মই এই শাকৰ এটা নতুন জুঁতি লৈ আহিছো। আশা কৰো আপোনালোকে খায় ভাল পাব। এই ৰেচেপিটোৰ বাবে প্ৰয়োজন হ'ব। 

উপকৰণ - 
* পনৌনোৱা শাক এমুঠি, 
* হাঁহ কণী, 
* মিঠাতেল, 
* পিয়াঁজ, 
* জলকীয়া, 
* হালধী, 
* নিমখ ।

মোৰ ৰেচেপিৰ ভিডিঅ'টো চাবৰ বাবে লিংকটো ক্লিক কৰক https://youtu.be/g2hGgpzIUds 

প্ৰণালী -
    প্ৰথমে পনৌনোৱা শাক এমুঠি ভাল দৰে ধুই মিহি মিহিকৈ কাটি ল'ব আৰু লগতে পিঁয়াজ এটুকুৰা আৰু জলকীয়া দুটামানো মিহিকৈ কাটি ল'ব। এতিয়া শাক খিনি ভাজিবৰ  বাবে এখন কেৰাহীত প্ৰথমে মিঠাতেল দি ল'ব আৰু কাটি লোৱা পিঁয়াজ - জলকীয়া আৰু হালধী অলপমান দি ৰঙচুৱাকৈ ভাজি ল'ব। তাৰপিছত শাক খিনি দি কম জুইত লৰাই লৰাই ভাজি থাকিব। শাক খিনি সিজিলে হাঁহ কাণী এটা ভাঙি দিব আৰু নিমখ অকণমান দি  আকৌ কিছুসময় লৰাই থাকিব আৰু কণী খিনি সিজিলেই জুইৰ পৰা নামাই দিব। এনেদৰে বনাই গৰম ভাতৰ লগত খাওক বৰ তৃপ্তি পাব। আপোনালোকে যদি মই বনোৱা ৰেচেপি ভিডিঅ'টো চাব বিচাৰে তেন্তে তলত লিংকটো দিছো চাব পাৰিব। ধন্যবাদ।  

পনৌনোৱা আৰু হাঁহ কণীৰ ভাজি https://youtu.be/g2hGgpzIUds