Type Here to Get Search Results !

এটা পাহাৰ,এখন গাঁও আৰু বিশ্বৰ মানচিত্ৰত এটা চিনাকি: The cleanest village in Asia..

 নবনীতা বৰদলৈ
 বিষ্ণুনগৰ, শিৱসাগৰ 

          মেঘৰ আলয় মেঘালয় ,নামটোৱে যেন কঢ়িয়াই আনে এটুকুৰা আলসুৱা মেঘ।আমাৰ অসম মূলুকৰ চুবুৰীয়া ৰাজ্য;সীমাহীন পাহাৰৰ যেন ঠূপ খাই থকা এক নিৰ্ভেজাল ভূ-খন্ড।এই চুবুৰীয়া ভূ খন্ডৰ  এক ঠাই যাৰ কথাৰে আজিৰ এই কাহিনী সেইয়া হ'ল মাওলিয়নঙ।এটা পাহাৰীয়া নাম।মেঘালয় পৰ্যটনৰ এক ঠাই।এখন সৰু গাঁও ,যাৰ কথা আজি সমগ্ৰ বিশ্বই এছিয়াৰ আটাইতকৈ পৰিস্কাৰ গাঁও হিচাপে জানে বা চিনি পায়।বহুদিনৰ পৰা শুনি থকা এই মাওলিয়নঙলৈকে ফুৰিবলৈ বুলি গৈছিলোঁ।দিন যায় সময় বাগৰে।মনৰ মাজত নতুন ঠাইসমূহ ফুৰাৰ স্সৃহাই জপাত সোমায়।সেয়ে সময় সুবিধা পালে ফুৰিবলৈ পোৱা সুবিধা সমূহৰ সঠিক প্ৰয়োগ কৰিব লাগে।বিজ্ঞজনে কয়,"নানা ঠাই ফুৰে যি নানা কথা শিকে সি।" কথাতেই আছে;ফুৰিলে মনৰ জ্ঞানচক্ষু মুকলি হয় আৰু জ্ঞান বাঢ়ে।সেয়ে জুলাই মাহৰ গৰম বন্ধৰ সময়তে আমিও ফুৰিবলৈ বুলি মাওলিনয়নঙলৈকে ওলালোঁ।
          প্ৰথমে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আৰু পিছৰদিনা গুৱাহাটীৰপৰা চেৰাপুঞ্জীলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ হ'ল।চেৰাপুঞ্জীৰপৰা আহি শ্বিলঙত এৰাতি থাকি দ্বিতীয়দিনা পুৱা ৭.৪৫ বজাত মাওলিয়নঙলৈ আমি যাত্ৰা কৰিলোঁ।শ্বিলঙৰপৰা চেৰাপুঞ্জীলৈ যোৱা ৰাস্তাত প্ৰায় ৭ কিলোমিটাৰ গৈ ওমটায়ঙগাৰ(Umtyngar) নামৰ ঠাইখিনিৰ পৰা বাওঁফালে এটা নতুন ৰাস্তা ফাটি গৈছে যিটো ভাৰত বাংলাদেশ সীমান্ত ডাউকিলৈ যোৱা যায়।এই ওমটায়ঙগাৰৰপৰা ডাউকিৰ দূৰত্ব ৬০ কিলোমিটাৰ আৰু সেই একেটা ৰাস্তাতে মাওলিয়নঙ গা‍ঁৱলৈ দূৰত্ব হ'ল ৫৬ কিলোমিটাৰ ।এই ৫৬ কিলোমিটাৰ পাহাৰীয়া একাবেঁকা বিপদ সংকুল পথেৰে গন্তব্যস্হল পাবলৈ।আমাৰ সময় লাগিছিল প্ৰায় ১ঘন্টা ৫০ মিনিট ।ওমটায়ঙগাৰৰ পৰা মাওলিয়নঙৰ পথত প্ৰায় ২০ মিনিট গাড়ীৰে অহাৰ পিছত বাটত পাইছিলোঁ ডাৱৰৰ এক কুহেলিকা ।একাঁবেকা ভয়ঙ্কৰ পথত যেতিয়া ডাৱৰ নামি আহি ঘেৰি ধৰিছিল ভয়ত বুকু কঁপিছিল।এক ফুট আঁতৰৰ পথটোত একো নেদেখা হৈ পৰিছিল।সোঁফালে ওখ পাহাৰ আৰু বাঁওফালে সমতল নেদেখা দ' খাৱৈ।অলপমান ইফাল সিফাল হোৱা মানেই সকলো শেষ।গাড়ীৰ হেদলাইট জ্বলাই অতি সাৱধানে আগবাঢ়িব লগা হৈছে।ভয়তে এবাৰ আৰু নাযাওঁ ওভতি যাওঁ বুলি ক'লো।গাড়ীচালক জনে আশ্বাস আৰু অভয় দিছিল।মনতো অলপ শাম কাটিছিল ।দেখিছিলো পিঠিত ওখ বোজা কঢ়িয়াই ডাঙৰ ডাঙৰ ট্ৰাকবোৰ বিপৰীত দিশৰপৰা হেদলাইট জ্বলাই আহি আছে।মনলৈ অলপ সাহস আহিল।চালকজনে সাৱধানে চলাই যাওঁতে কৈ গৈছে।পাহাৰত চলোৱাৰ ইয়ো এক অভিজ্ঞতা।তাত কোনেও কাকো অভাৰতেক নকৰে আৰু নিজৰ লেনটো এৰি নিদিয়ে।দূৰ্ঘটনা প্ৰতিৰোধৰ নিয়ম সকলোৱে মানি চলে।কোনো যানত নাই ট্ৰেফিকৰ।আমাৰ অসমত কোনেও পথ পৰিবহনৰ  নিয়ম নামানে আৰু প্ৰতিযোগিতাত দৌৰে কাৰণেই ইমান দূৰ্ঘটনা।কথাবোৰে মনত বেজাৰ দিছিল।ভয়টো কমাৰ পিছত গাড়ীৰ গ্লাচ খুলি তললৈ আৰু চাৰিওফালৰ পৰিবেশটোলৈ চালোঁ।ঠাণ্ডা বতাহ এচাটিয়ে কঁপাই গ'ল।নাকে মুখে উজাই বতাহজাক গালৈ টানি ল'লো।আহ!কি ভাললগা।হাত মেলি ডাৱৰ কণাবোৰ চুই চালো।মুখৰ পৰা এটাই শব্দ ওলালে।ওৱাও!ডাৱৰৰ মাজেৰে লাহেকৈ পৰিবেশটো দৃশ্যমান হৈছে।কি মনোৰম নেদেখিলে অনুভৱ নহয়।চলন্ত গাড়ীৰ পৰাই কেমেৰাত ফটো দুকপিমান ল'লো।গাড়ী ৰখাবলৈ বৰ সুবিধাজনক নাছিল বাবে নৰলোঁ,যিহেতু টাৰ্নিঙবোৰত একো দেখা পোৱা নাযায় গাড়ী ৰখাই থোৱাটো বিপদ জনক।ঘুৰি আঁহোতে কিন্তু গাড়ীচালক জনৰ উৎসাহতে সুবিধাজনককৈ ৰখাই লৈ অলপকৈ ফটো চেচন এটা কৰিহে মনত শান্তি লাগিল।গাড়ী অহাযোৱা কৰি থকা কাৰণে সাৱধান হৈ থাকিব লগা হৈছিল।সেই ঠাইৰপৰা দহ পোন্ধৰ মিনিটৰ পথ অতিক্ৰম কৰাৰ পাছতহে ডাৱৰৰ লুকাভাকু নাইকিয়া হৈ সম্পূৰ্ণ ষ্পষ্ট পথ দেখা গৈছে।মেঘালয় পৰ্যটনৰ এই মাওলিনয়নঙ নামৰ ঠাইৰ বিশেষত্ব হ'ল যে,বৰ্তমান বিশ্ব পৰ্যটন মানচিত্ৰত মাওলিয়নঙ এচিয়া মহাদেশৰ আটাইতকৈ চাফা গাঁও হিচাপে ২০০৩ চনত স্বীকৃতি পাইছে। যিটো চুবুৰীয়া ৰাজ্য হিচাপে আমাৰ অসমৰো গৌৰৱৰ বিষয় আৰু এই আদৰ্শ সঁচাকৈ অনুকৰণীয়।মাওলিয়নঙ পাবলৈ অলপ থাকোতে বাটত এখন নদী পোৱা যায়,নদীৰ ওপৰত এখন লোহাৰ দলং।দলঙৰ এটা মূৰত আৰ্মিৰ আউত প'ষ্ট।বোধহয় দলংখনৰ সুৰক্ষাৰ কাৰণে আছে।যিহেতু এই পথটো উত্তৰ পূবত থকা নিষিদ্ধ সংগঠন সমূহৰো চুবুৰীয়া দেশলৈ যাতায়তৰ সুচল পথ।আমি যাওঁতে আউত প'ষ্টটোত চাৰি পাঁচ ছন মানহে আৰ্মিৰ লোক আছিল।তাৰে দুজন মানে দুপৰীয়াৰ আহাৰ তৈয়াৰ কৰি আছিল।দেখি উত্তৰ ভাৰতৰ লোক যেন অনুমান হ'ল।মনলৈ ভাৱ আহিল,কৰ্তব্যৰ খাতিৰতে হ‌ওঁক চাকৰিৰ বাবেই হ‌ওঁক ক'ৰ মানুহ ক'ত আহি থাকিব লগা হৈছে নিৰ্জন হাবিতলীয়া ঠাইত।য'ত কোনো আধুনিক সুবিধাই নাই। ইয়াৰোপৰি এই ঠাইৰ পৰ্যটনৰ অন্য এক উল্লেখনীয় চাবলগীয়া বিশেষত্ব হ'ল মাওলিয়নঙৰ চুবুৰীয়া গাঁও ৰিয়াইৰ পৰা দহ মিনিত দূৰত্বৰ এটা পাহাৰীয়া জুৰিৰ ওপৰত এখন দলং।সম্পূৰ্ণ প্ৰাকৃতিক কৌশলেৰে এজোপা মাত্ৰ গছৰ জীৱন্ত শিপাৰে তৈয়াৰী।প্ৰায় ১৫ ফুট দৈৰ্ঘ্যৰ আৰু আঢ়ৈ ফুট প্ৰস্হৰ এই ওলোমা সাঁকোখন স্বচক্ষে নেদেখিলে আশ্চৰ্যচকিত কৌশল অনুমান কৰিব নোৱাৰি।
বিশ্ময়াভূত হৈ যিমান পাৰো দলংখন চাই থাকিলোঁ।যদিও প্ৰাকৃতিক কৌশলেৰে মাত্ৰ গছৰ জীৱন্ত শিপাৰে নিৰ্মিত এই দলং সেইয়া কিন্তু নিজেই হোৱা নহয় পিছে। স্হানীয় লোকৰ সৈতে কথা পাতি গম পাইছিলোঁ আৰু নিজেও অলপ ইন্টাৰনেত খুচৰি চালোঁ যে ,তেওঁলোকে জুৰি নাইবা নদী আদি পাৰ হ'বলৈ ৰাবাৰ প্ৰজাতিৰ গছৰ ডাঙৰ বাঢ়ি অহা শিপাবোৰ  এডালৰ লগত আন এডাল যুতি বা বান্ধি খুতি পুতি দিয়ে যাৰ আন্ত:গাঠনিৰ কৌশল চমকপ্ৰদ আৰু দেখাত প্ৰাকৃতিকভাৱে নিজেই এজোপা গছৰ শিপাসমূহৰ পৰা সৃষ্ট যেন লাগে।মেঘালয়ত সৰু ডাঙৰ এনেকুৱা প্ৰায় এঘাৰ খন দলং আছে।
              নৰ্থ ইষ্ট ফটোগ্ৰাফী নামৰ এটা অনুষ্ঠানত মোম্বাইৰ ৰ'দিছ্ খ্যাত ৰঘু আৰু ৰাঘৱয়ে তিনি বছৰমান আগতে এই দলংসমূহৰ কাৰুকাৰ্য খুউব ধুনীয়াকৈ প্ৰদৰ্শন কৰা কথা মনত পৰে।সমতলৰ পৰা বহুত তলত থকা এই শিপাৰ দলং খনলৈ ৰিয়াই গাঁৱৰপৰা দহ মিনিটৰ দূৰত্ব থিয় ৰাস্তা খটখটি বগাই খোজেৰে অতিক্ৰম কৰাৰ অন্য বিকল্প নাই। মাওলিনয়ঙ য'ত সকলোফালেই ধুনীয়া ৰহস্যৰে আবৃত হৈ আছে।তাৰ মাজৰে এটা হ'ল নিৰিআঙ জলপ্ৰপাত যিটো জীৱন্ত শিপাৰ দলঙৰ পৰা প্ৰায় ৫কি.মি. আঁতৰত অৱস্হিত।প্ৰাকৃতিক পৰিবেশৰ মাজত সেউজীয়া অৰণ্যৰ বুকুত  ৱাহ ৰিম্বান নদীখনৰ স্বচ্ছ জলধাৰাই গঢ়ি তোলা  জলপ্ৰপাতটো ৪০০মিটাৰ দৈৰ্ঘ্যৰ এটা স্ফটিকৰ পানীৰ দৰে সুগভীৰ পুখুৰীত আহি পৰিছেহি।পৰিবেশটো সঁচাই মোহনীয়।পিছল আৰু ওখোৰা মোখোৰা শিলাময় পথেৰে এই জলপ্ৰপাতটো চাবলৈ যোৱাটোও সহজ কথা নহয়।সাধাৰনতে দুৰ্গম পথৰ কাৰণেই পৰ্যটক বৰকৈ নাযায়।কিন্তু সেই ঠাইত উপস্হিত হোৱাৰ পিছত তাৰ সৌন্দৰ্যৰ আৱেশত সকলো ক্লান্তি ভাগৰ নিমিষতে নাইকিয়া হৈ যায়।জলপ্ৰপাতৰ পানী পৰা শব্দত কাৰো মাত কোনেও নুশুনাৰ দৰে অৱস্হা। প্ৰকৃতি সঁচায়ে অপৰিহীম সৌন্দৰ্যৰ আকৰৰে ভৰপূৰ যিটো নেদেখিলে বুজা নাযায়।
       ইয়াৰোপৰি গাঁৱৰ নাতিদূৰত অৱস্হিত বেলেঞ্চিঙ ৰক মাওলিনয়নঙৰ চাবলগীয়া ঠাই।বিজ্ঞানে ঢুকি নোপোৱা বহুতো কথা প্ৰকৃতিত লুকাই আছে তাৰে এটা হ'ল এই বেলেঞ্চিঙ ৰক। ই হ'ল এটা সৰু শিলৰ ওপৰত আন এটা ডাঙৰ শিল কোনো লৰচৰ নোহোৱাকৈ থিয় হৈ থকা; স্হানীয় ভাষাত যাক Maryngkew sharatia বুলি কয়।এই ঠাইখন পৰ্যটকৰ সমাগমৰ লগে লগে টুৰিষ্ট স্পট হিচাপে পৰিগনিত হৈ পৰিছে।ৰকৰ চাৰিওফালে লোৰ গ্ৰিলেৰে আৱৰি ধুনীয়াকৈ ৰাখিছে।ঠিক এনেকুৱা বেলেঞ্চিঙ ৰক এটা দাক্ষিণাত্যলৈ ফুৰিবলৈ যাওঁতে মহাবলীপুৰমত দেখি বিস্ময়ত চকু ঠিয় হৈ গৈছিল।কাৰণ সেইটো আৰু ডাঙৰ আৰু অত্যন্ত ঠিয়‌ও আছিল।তাৰ  চাৰিওকাষে কোনো দেৱাল নাছিল কাৰণে ঠেলিও চাইছিলো।মাওলিনয়ঙ এই গাঁও খনৰ নিচেই সীমামূৰীয়াকৈ থকা পৰ্যটনৰ আৰু এটা দিশ হ'ল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ।Sky View Point নামৰ ব্যক্তিগত মালিকানাধীন এটা ভিউ প‌ইন্টৰ পৰা যিটো নেকি কেবাজোপা গছৰ ফেৰেঙনিৰ মাজেৰে একাবেঁকা বাঁহৰ জখলাৰে এজোপা গছৰ একেবাৰে ওপৰত সজা এখন চাংৰপৰা সুন্দৰকৈ সীমা চুই থকা বাংলাদেশখন চোৱাৰ ব্যৱস্হা আছে।সেয়া সঁচাকৈয়ে অনন্য।মাওলিয়নঙত ঘূৰি ফুৰোতে এটা কথা লক্ষ্য কৰিছিলোঁ যে,যদিও ঘৰ সমূহ পাহাৰীয়া আৰ্হিৰ চাংঘৰ হয় কিন্তু যেন পুৰণা অসমীয়া গাঁও এখনৰ গোন্ধ ক'ৰবাত লাগি আছিল।পৰিবেশটোৱে অভিভূত কৰিছিল।পাহাৰীয়া মানুহৰ বৈশিষ্ট্য অনুযায়ীয়েই মানুহবিলাক অত্যন্ত লাজকুৰীয়া,বিশেষকৈ মহিলাসকল।এটা কথাই সুখী কৰিছিল যে;তেওঁলোকে গাঁওখন চাফাকৈ ৰাখিবলৈ যৎপৰোনাতি চেষ্টা কৰিছে।কেবাগৰাকীও মানুহে একেলগ হৈ সমূহীয়াভাৱে চাফাই কাৰ্য কৰি থকা পৰিলক্ষিত হয়‌।এখন পাহাৰীয়া দুৰ্গম গাঁৱৰ কিছুমান সহজ সৰল মানুহৰ পৰিবেশৰ প্ৰতি থকা সচেতনতাই আজি সেই ঠাইখনক পৰ্যটন উদ্যোগ ৰূপে গঢ়ি তোলাটো আদৰ্শনীয়।
        মাওলিনয়নঙৰ জলবায়ু উষ্ণ।কেবাটাও পাহাৰৰ নামনিত হোৱা কাৰণেই হয়টো বতাহৰ সুচল চলাচল নহয়।দিনৰ ভাগত যথেষ্ট গৰম।শ্বিলঙৰ যি ঠাণ্ডা বতাহ সেয়া যেন মাওলিনঙৰ বাবে আশ্চৰ্যজনকহে।যাতায়তৰ বাবে মাওলিয়নঙলৈ স্হানীয় চুমুজাতীয় গাড়ী আৰু সৰু কাৰ সমূহ টেক্সি হিচাপে চলে।যদিও পাহাৰীয়া ঠাই জনবসতি কম কিন্তু এটা কথা সুবিধাজনক যে বাট পথ সমূহ সূচল আৰু উন্নত।মেঘালয় চৰকাৰৰ এই প্ৰচেষ্টা নিশ্চয় শলাগিবলগীয়া।যিটো নিজৰ ঠাইৰ শোচনীয় বাট পথৰ কথা মনত পৰি দূখ লাগিছিল।
      
           এনে ভাললগা সমূহৰ মাজত‌ও এটা কথা খুউব দুখ লগাকৈ অনুভৱ হৈছিল যে,এখন পাহাৰীয়া গা‍ঁও য'ত আধুনিকতাই এতিয়াও বৰ বিশেষ প্ৰভাৱ পেলাব পৰা নাই কিছুমান অৰ্ধশিক্ষিত,অশিক্ষিত মানুহেও নিজৰ ঠাইখন পৰিস্কাৰকৈ ৰাখি সুন্দৰকৈ সজাই ৰাখিব জানিছে যাৰ কাৰণে দেশ বিদেশৰ মানুহে চাবলৈ আহে অথচ আমি শিক্ষিত আধুনিক মানুহবোৰে নিজৰ ঠাইখনৰ উন্নয়নৰ কাৰণে কিয়েই বা কৰোঁ কিয়েই বা ভাবোঁ?নিজৰ ঠাইখন চাফাকৈ ৰখাৰ মানসিকতা কিমানজনৰ আছে?অৱশেষত এই ধুনীয়া পাহাৰীয়া ঠাইখনত অৱসৰৰ সময় কটাই মনত অনাবিল আনন্দ আৰু সজীৱতাৰে ওভতি আহিলোঁ ।