Type Here to Get Search Results !

প্ৰেমত পৰো আহা সেউজীয়া হবলৈ


বিন্দু ৰাজবংশী কলিতা,মংগলদৈ

     6002876480


যৌৱন মোৰ বোকোচাত
উতনুৱা হৈ খেলিছে
দীঘল চুলিটাৰিত,
ইমান চঞ্চল. ৰঙা ওঠত
হাঁহিৰ খিলখিলনি,
কোনোবাই কানে কানে কলে
"ধেৎ ইমান নিলাজী তুমি
বদনামী হবা।"
আস্ ..হৈ যাব দিয়া না
বদনামী!
ভুল এটা কৰো আহা
ধূসৰতাৰ আৰে আৰে
লুকাই চোৰকৈ,
আই পিতাই
মাটি খামুচিব শিকাইছিল,
মুৰ তুলি আকাশ চাবলৈ
মাটি বৰ গহীন আৰু
ধূলিবোৰ বৰ উদঙুৱা
পাগল প্ৰেমিক,
য'তেই ওলমি ৰয়
ত'তেই প্ৰেম হয়।
মইও কৰিম প্ৰেম
উন্মুক্ত কৰিম
মোৰ যৌৱন।
ধূলিৰ স'তে
উশাহবোৰ ঘন কৰিম,
যিমানেই উশাহ ঘন হব
সিমানেই ৰঙচুৱা হব
যিমানেই উশাহ ৰঙচুৱা হব
সিমানেই কলিজা
সেউজীয়া হব
গৰ্ভত ফুলিব
সেউজীয়া সেউজীয়া
ফুলকলি।