Type Here to Get Search Results !

যান্ত্ৰিক যুগত শৈশৱলৈ এভুমুকি

ডেমিকা বড়া
*যোৰহাট নকছাৰি*




 "শৈশৱ" মানে ল'ৰালি কাল জীৱনকালৰ ভিতৰত আটাইতকৈ মধুৰকাল।মোৰ বয়স ঊনৈশ বৰ্তমানে। এতিয়া আহি আহি পাৰ কৰি অহা শৈশৱৰ ধেমালিবোৰলৈ মনত পেলাই অতীতক সোঁৱৰণ কৰোঁ মাত্ৰ।হাঁহো অকলেই,শৈশৱৰ মাজলৈ উভতি যাওঁ অনুভৱ বোৰ মনত পেলাই।কিমান যে ঠেহ ,পেচ ,অভিমান,কাজিয়া।মাত্ৰ ইমানবোৰতে বৰ্তি আছিলোঁনে আমি? নাছিলোঁ চাগে।
         হয় এতিয়া এই কথাখিনি লিখাৰ সময়ত আকৌ এবাৰ শৈশৱটো ৰুমন্থন কৰিছোঁ। এইখিনি সময়ত আনন্দ,স্ফূৰ্তি বেছিকৈ কৰা যায় মুক্তমনে,নিৰ্ভিকভাৱে,নিশ্চিন্তমনে।আমিও পাৰ কৰিলোঁ এনে সোণালী সুদিন।সমনীয়াৰ লগত ধূলি-বালি লৈ খেলিছিলো,ভাইটি-ভন্টিৰ লগত তামোলৰ ঢকুৱাখনত উঠি চুচৰো,লুকা-ভাকু খেলত ইজনে সিজনক বিচাৰি নাপায় মুখ ফুলাও।কাবাদি খেলত হাৰিছো বুলি জানিও কাজিয়া কৰোঁ ইত্যাদি ইত্যাদি।ইমানতেই সীমাবদ্ধ নে আমাৰ শৈশৱ? নিশ্চয় নহয়।কিমান যে অভিজ্ঞতা।স্কুলৰ পৰা আহোতে সমনীয়াৰ লগত আনৰ বাৰীত সোমাই মিৰিকা টেঙা ,মামৈ তামোল চুৰ কৰোঁ।গিৰিহতৰ গালি খাই দৌৰো কিমান যে দুষ্টামি কৰোঁ।আকৌ স্কুলৰ পৰা আহি ফলি-পুথি থৈ ভাত-পানী খাই খেলিবলৈ দৌৰো লগৰবোৰৰ ঘৰত বা খেল পথাৰত।এইবোৰৰ জৰিয়তে আমাৰ শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধন হৈছিল।মন-মগজু সুস্হ আছিল। কিন্তু বৰ্তমান যান্ত্ৰিক যুগৰ এই সময়ৰ ল'ৰা- ছোৱালীয়ে এইখিনি সুযোগ পাইছে বুলি ম‌ই নাভাবো।এবোজা কিতাপ পিঠিত ভৰ লৈ স্কুললৈ যায় আকৌ উভতি আহি অলপ আৰাম কৰি পুনৰ টিউচনলৈ বুলি ঢপলিয়াই অত্যন্ত পঢ়াৰ বোজাত।

       স্কুলৰ গৰম বন্ধত যেনেদৰে পুখুৰীত সাঁতোৰো,বৰশী বাওঁ।এইবোৰৰ লগতে বন্ধৰ সুবিধা লৈ মিতিৰ-কুটুমৰ ঘৰৰ ঠাইবোৰ ঘূৰো লগতে আজৰি সময়ত পঢ়িবলৈ বুলি মৌচাক ,ৰংমন,সাধুৰ কিতাপ আৰু গল্প পুথি সমূহো বন্ধু -বান্ধৱ বা দোকানৰ পৰা সংগ্ৰহ কৰোঁ পঢ়িবলৈ বুলি। কিন্তু আজিৰ প্ৰজন্মৰ ল'ৰালি ম'বাইলতে যেন সকলো স্হবিৰ হৈ পৰাৰ দৰে লাগে।

আমিয়ে চাগে পখিলা ধৰিবলৈ বুলি পাছে পাছে দৌৰা শেষ প্ৰজন্ম। অৱশ্যে এতিয়াৰ প্ৰজন্ম‌ও বয়সতকৈও অধিক মেধাৱী আৰু বুদ্ধিয়ক। তথাপিও বাৰিষাত কাজগৰ নাও সাজি যে পানীত উটুৱাইছিলো,আইতাৰ কাঠৰ খুন্দোনাত খুন্দি থোৱা তামোলৰ জুতি লৈছিলোঁ,টিভি ত মহাভাৰত বুলিলেই চাবলৈ দৌৰি যাও ,সকলো একেলগ হৈ ছবিবোৰ উপভোগ কৰোঁ।এইবোৰে মনটোক নষ্টাল'জিক কৰি তোলে।তাৰ তুলনাত যেন আজিৰ প্ৰজন্ম‌ই এইসমূহৰ পৰা বঞ্চিত হৈছে,এই সুন্দৰ ল'ৰালি সীমিত সময় আৰু প্ৰতিযোগিতাৰ মাজতেই যেন সীমাবদ্ধ হৈ পৰিল তেনে লাগে।