Type Here to Get Search Results !

ৰুগ্ন পৃথিৱী বনাম অনলাইন পাঠদান


বন্দনা শালৈ ;পাঠশালা(বৰপেটা)
  

   ৰুগ্ন পৃথিৱীৰ বাসিন্দাই আক্ৰান্ত হোৱা ৰোগবিধৰ নাম বাৰে বাৰে দোহৰাই নাথাকি ইয়াকে ক'ব পাৰি যে, চীন দেশক ত্ৰাসিত কৰি উঠি গোটেই পৃথিৱীকে এইবিধ ৰোগৰ ভাইৰাছে বিধ্বস্ত কৰিবলৈ উঠি পৰি লাগিছে |নকৰিবই বা কিয় !পৃথিৱীৰ হাওঁফাও স্বৰূপ আমাজান অগ্নিদগ্ধ হোৱাৰ পিছতেই অসমৰ ভূমিত থকা চিৰসেউজ ভূমি অৰ্থাত্ হাওঁফাও স্বৰূপ দিহিং-পাটকাইৰ কথাকে উনুকিয়াব পাৰি |আমি মানুহে মানুহৰ বাবে হৈ পৰিছো বৈৰী |আমাৰ মানৱীয় কু-কাৰ্য্য;যেনে: বনাঞ্চল ধ্বংস, বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ পিছে পিছে গৈ ইয়াক সঠিকভাৱে পৰিচালনাৰ অভাৱৰ ফলত প্ৰদূষণকে আদি কৰি নিত্য-নৈমিত্তিক সমস্যাবোৰকে পৃথিৱীক ৰুগীয়া কৰাৰ ইন্ধন বুলি ক'ব পাৰি |প্ৰাকৃতিক ৰোগ বা বেমাৰবোৰ প্ৰাকৃতিকভাৱে নিৰ্দিষ্ট সময়ত উপশম হয় |কিন্তু, যদি সেই প্ৰাকৃতিক ৰোগৰ লগতে মানৱসৃষ্ট ৰোগ অৰ্থাত্ দানৱস্বৰূপ মহামানৱৰ কু-কাৰ্য্য জড়িত হৈ কিবা পৰিঘটনা সংঘটিত হয় তেন্তে ই নিশ্চয় ভয়ানক হয় অৰ্থাত্ ইয়াৰ পৰিণাম সৰ্বনাশী |
   গতিকে, এনে অৱস্থাত বা পৰিস্থিতিত সকলো পৰিহৰি সৰ্বসাধাৰণ শ্ৰেণীটোৱে স্বাস্থ্যৰ লগতে অন্ন,বস্ত্ৰ,বাসস্থান অৰ্থাত্ মৌলিক প্ৰয়োজনখিনিৰ বাবে হামৰাও কাঢ়িব লগা হৈছে |যদিও এইক্ষেত্ৰত চৰকাৰীভাৱে হওঁক বা বেচৰকাৰী-স্বেচ্ছামূলকভাৱে এজনে আনজনক সহায়ৰ হাত আগবঢ়াইছে; তেনেস্থলত জৰুৰীকালীনভাৱে দিয়া অনলাইন শিক্ষা ব্যৱস্থা কিমানখিনি ফলপ্ৰসূ হ'ব সেইটো বুদ্ধিজীৱিসকলৰ বাবে এক চিন্তনীয় বিষয় |
   অসমীয়াত এষাৰ কথা আছে যে,''নাই মমাতকৈ কণা মমাই ভাল'' |অৰ্থাত্ নতুন শিক্ষা ব্যৱস্থাৰ অন্তৰ্গত ডিক্সা এপ, আই ইউ চি, ইনফ্লিবনেট, স্বয়ম, মুকছ, ই-পিজি পাঠশালা, স্বয়মপ্ৰভা, চি ই চি ইউ, জি চিৰ ইউ টিউব চেনেল, নেশ্বনেল ডিজিটেল লাইব্ৰেৰী, স্বুধ গংগা, বিদ্বান আদি ডিজিটেল প্লেটফৰ্মসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে ছাত্ৰ-ছাত্ৰীসকল যে উপকৃত হ', সেয়া নিশ্চিত |তাৰোপৰি, জুম এপ, গুগল ক্লাচৰুম, ৱাটছ আপ, ই-মেইল, স্কাইপ আদি যোগে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ বাবে জৰুৰীকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে |
   .অৱশ্যে, এই ক্ষেত্ৰত এশ-এবুৰি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে |যেনে: কিছুসংখ্যক শিক্ষকে বা ছাত্ৰ-ছাত্ৰীয়ে নিজকে ডিজিটেল মাধ্যমৰ সৈতে জড়িত কৰা নাই বা কৰিব পৰা নাই |তাৰো নিশ্চয় বিভিন্ন কাৰণ আছে |তাৰোপৰি, কিছুসংখ্যকে আকৌ ইচ্ছাকৃতভাৱেও এনে সুযোগ গ্ৰহণৰ পৰা বিৰত আছে |কিছুমানৰ আকৌ এনড্ৰইডৰ অভাৱ; ইত্যাদি |
    কিন্তু, তাৰ মাজতে, বৃহত্ এচামে বা বেছি সংখ্যকে ফেচবুক, টুইটাৰ, ৱাটছ এপ, ইনষ্টগ্ৰাম, ইউ-টিউব, ৱিকিপিডিয়া আদিৰ জৰিয়তে গোটেই বিশ্বখনক সাঙুৰি নিজৰ জেপৰ ভিতৰত ভৰাই ৰাখে |সেয়ে, অনলাইন শিক্ষা পদ্ধতিক জৰুৰীকালীনভাৱে হ'লেও হওঁক আমি এক যুগৰ দাবী বা পৰিস্থিতিৰ বাবে মানিবলৈ বাধ্য বুলি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব লাগিব |হয়তো হ'ব পাৰে ই এশ বছৰৰ অন্তৰে অন্তৰে হোৱা ৰুগ্ন পৃথিৱীৰ পৰিৱৰ্তনৰ ফল |যিসকলে এই পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাই ল'ব নোৱাৰিব, তেওঁলোক বৰ্তি নাথাকিব |ডাৰউইনৰ তত্ব ''Survival of the fittest.'' অনুসৰি যোগ্যজনেহে এই ক্ষেত্ৰত চাইবাৰৰ জৰিয়তে নিজৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিব; নহ'লে কিছুসংখ্যকৰ বাবে ক্ৰমশ হৈ পৰিব ই এক অস্তিত্ব সংকট(idenditycrisis) |সেয়ে, উপযুক্ত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ বাবে দক্ষতা অৰ্জন কৰাটোৱেই কিজানি এই ক্ষেত্ৰত যোগ্য-ভাগ্য-বসুন্ধৰা হোৱাৰ একমাত্ৰ উপায় |
..