কাব্য সংকলন-বাখৰ বেঙেনা তুমি অনন্যা
কবিঃ-ৰবীন্দ্ৰ নাৰায়ণ দিহিঙ্গীয়া
আলোকপাত ঃ--সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়া


২০১৩ চনৰ ১৪ জুলাইত প্ৰকাশ কৰা কাব্য সংকলন
খন তেখেতৰ মাতৃ হেমপ্ৰভা দিহিঙ্গীয়াৰ নামত উছৰ্গা কৰিছে। ইতিহাস প্ৰসিদ্ধ বাখৰ
বেঙেনা গছজোপাৰ প্ৰতিচ্ছবিয়ে অংকণ কৰিছে কাব্য সংকলন খনৰ আৰ্কষণীয় বেটুপাত । মুঠ
৫২টা কবিতাৰে সমৃদ্ধ কাব্যসংকলনৰ অক্ষৰ বিন্যাস মনজিৎ দত্তৰ। যদিও কাব্য সংকলন খন
তেখেতৰ প্ৰথম কাব্য সংকলন তথাপি সৰুৱেপৰা বিভিন্ন লিখনিৰ যোগেদি আত্মপ্ৰকাশ কৰা
দিহিঙ্গীয়া দেৱৰ কাব্য সংকলন খন অধ্যয়ন কৰিলে দেখা যায় যে তেখেতৰ পৈণত হাতৰ
লিখনিৰ উমান পোৱা যায় । তেখেতৰ শব্দশৈলী নিপুণ, সংবেদনশীল আৰু মধুৰ ব্যঞ্জনাৰে
প্ৰতিটো কবিতা নিপোটল কৰি তুলিছে।
কাব্য সংকলন খনৰ বেছিভাগ কবিতাই প্ৰকৃতি, প্ৰেম, জীৱনবোধ, মানৱতা, আশা নিৰাশাৰ
ওপৰত ভিত্তি কৰি সংবেদনশীল মনৰ ভাৱৰাজী প্ৰকাশ কৰিছে কাব্য সংকলন খনৰ যোগেদি। কবিয়ে
বেছিভাগ কবিতা নিজৰ ঠাই খনৰ প্ৰাকৃতিক পৰিবেশৰ পৰা কবিতাৰ বিষয়বস্তু নিৰ্বাচন
কৰিছে ।
"বাখৰ বেঙেনা তুমি অনন্যা,"
"বাখৰ বেঙেনাই ৰিঙিয়াই মাতে" এই কবিতা কেইটাই ঐতিহাসিক
বাখৰ বেঙেনা গছজোপাক কাব্যিক অনুভূতিয়ে সজাই পৰাই তুলিছে অতি নিখুঁতভাৱে ।
"ইহঁত ধ্যান মগ্ন বৃক্ষ /বছৰ বছৰ
একেদৰেই /, ফুল ফুলে পাত সৰে /আকৌ
ন-সাজে
সজীৱ হয় /, হে, যুগৰ
তপস্বী / এই নিৰ্জনতাৰ
অভ্ৰভেদি /কিবা কাৰণে আছা ধ্যানত বহি ।
"
সচাঁকৈয়ে, যুগে যুগে এই বাখৰ বেঙেনা জোপাই আচৰিত ধৰণে সেই ঠাইখনক সেউজী আৱৰণেৰে আৱৰি
ৰাখিছে। ফুলে, গুটি লাগে কিন্তু পুলি নহয় । বাখৰ বেঙেনাই বংশ
বৃদ্ধি নকৰে হেনো । কবিয়ে সেইবাবে কোনোবা ধ্যানস্থ যোগীয়েহে যেন জপ কৰি আছে বুলি কৈছে
।
ঠিক তেনেদৰে" ধনেখনাই সুহুৰিয়াই"
কবিতাটিৰ যোগেদি সেই জানটোৰ কথা বৰ্ণনা কৰিছে, যাৰ লগত কবিৰ জন্ম, শিশু,
শৈশৱ, কৈশোৰ, যৌৱন জীৱনৰ
প্ৰতিটো স্তৰৰ চিনাকি গোন্ধ কঢ়িয়াই অানে
"ধনেখনা জানটোৱে" । "সেই যে বৈ অহা জানটো/হয় ঠিকেই
বুজিছে---
মই ধনেখনাৰ কথাকে কৈছোঁ /জন্মলগ্নৰ ছবি - -
প্ৰতিচ্ছবিৰ চিনাকি সম্বন্ধ তাত আছে ।"
তেনেদৰে "বেশ্যা" নামৰ কবিতাটোত বেশ্যা জীৱনৰ মৰ্মন্তুদ প্ৰতিচ্ছবিখন বৰ সুন্দৰকৈ পৰিস্ফুট কৰি
তুলিছে।
"বস্ত্ৰহীন দেহ অৱয়ব/লোভনীয়, /কমনীয় ভংগীৰ সজল
কজল/য'ৰ ত' ৰ ,
যাৰ তাৰ /শৰীৰৰ উলংগ আভা/
নিজক নিজে বিলাব খোজা /ৰূপ যৌৱন মাধুৰীৰ খেল/
ভালপোৱা। "
কাব্য সংকলন খনিৰ বহু কবিতাত ৰোমান্টিক ভাৱৰ বুৰবুৰণিয়ে
ভুমুকি মাৰিছে । ৰোমান্টিক কবিতা বোৰত আশাবাদী ভাৱধাৰা বিৰাজমান ।" নীলাখামৰ
চিঠি ","
"যৌৱনৰ আমনি," "প্ৰেমৰ তিতা
দলিছা," প্ৰেম, পাহাৰ আৰু নদী,
"এই কবিতাবোৰৰ মাজেদি প্ৰেমৰ আশাবাদী চিত্ৰখন চিত্ৰিত কৰিছে ।
এজন গল্পকাৰ উপন্যাসিক আৰু নাট্যকাৰ শ্ৰদ্ধাৰ
ৰবীন্দ্ৰ নাৰায়ণ দিহিঙ্গীয়া দেৱৰ কাব্য সংকলন এখন সুন্দৰ সাৰ্থক কাব্য সংকলন।
সকলো পাঠকৰে বোধগম্য কাব্য সংকলন খনে পঢ়ুৱৈৰ পৰা সমাদৰ পাব।