Type Here to Get Search Results !

ব্যক্তিগত শিক্ষা আৰু আধুনিক শিক্ষা ব্যৱস্হাত ব্যক্তিগতকৰণৰ প্ৰভাৱ.

 বন্দনা শালৈ 

পাঠশালা (বজালী); জিলা:বৰপেটা (অসম).

সাম্প্ৰতিক কাল অৰ্থাত্ এই নব্য আধুনিক যুগত আমাৰ দৈনন্দিন জীৱনত বিশ্বায়ন (Globalization) শব্দটো গভীৰভাৱে জড়িত হৈ আছে |বিশ্বায়ন মূলত বিশ্ব অৰ্থনীতি সম্বন্ধীয় এক নতুন বিশ্বসূত্ৰ যাৰ যোগেদি গোটেই বিশ্বতে এক নতুন বিশ্ব অৰ্থব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰয়াস চলিছে|এই বিশ্বায়ন শব্দটো আধুনিক শিক্ষাব্যৱস্থাৰ লগত ওত:প্ৰোতভাৱে জড়িত|ই হ'ল এনে এক ধাৰণা য'ত বিশ্বৰ একত্ৰিতকৰণৰ বাবে সজ্ঞান প্ৰচেষ্টা চলোৱা হয়|বিশ্বায়নৰ ধাৰণা নব্য উদাৰতাবাদ (Neoliberalism) নামৰ আমেৰিকাৰ মতাদৰ্শন সৃষ্টি যাক থোৰতে LPG অৰ্থাত্ Liberalization (উদাৰতাবাদ), Privatization (ব্যক্তিগতকৰণ) আৰু Globalization (বিশ্বায়ন) এই তিনি ধাৰণাক সমাহাৰ বুলি কোৱা হয়|এই সমাহাৰ সংস্কাৰ কাৰ্যসূচী ভাৰতবৰ্ষত ১৯৯১ চনৰ জুন মাহৰ পৰা গ্ৰহণ কৰা হৈছিল|

উদাৰীকৰণৰ অৰ্থ হৈছে;.....জটিল চৰকাৰী অনুশাসন ব্যৱস্থাৰ পৰিৱৰ্তে সহজ অনুশাসন ব্যৱস্থাৰ প্ৰচলন|বেছিভাগ ক্ষেত্ৰতেই একক খিৰিকীৰে সঞ্চালন (Single Window Operation) ব্যৱস্থা প্ৰচলন কৰা হৈছে|বৰ্তমানে উদ্যোগ এটা স্থাপন কৰিব খোজা উদ্যোগী এজনে সকলো ধৰণৰ আইনী কাম-কাজ কেৱল মাত্ৰ এখন খিৰিকীৰে সম্পাদন কৰিব পাৰে; তাৰবাবে তেওঁ বিভিন্ন চৰকাৰী দপ্তৰত দৌৰি ফুৰিব নালাগে|

ব্যক্তিগতকৰণৰ অৰ্থ হৈছে;.....কেৱল মাত্ৰ কেইটামান উদ্যোগ বাদ দি (বিশেষকৈ, নিৰাপত্তা, পৰমাণু শক্তি, ৰে'ল ব্যৱস্থা আদি) বাকী উদ্যোগবোৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হৈছে|তদুপৰি, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (Public Sector Undertaking) সমূহত নিৰ্বিনিয়োগ (disinvestment) নীতি হাতত লোৱা হৈছে|এই নীতি অনুসৰি, ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অংশীদাৰী মূলধনত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ বিনিয়োগ অনুমতি দিয়া হৈছে|আশা কৰা হৈছিল যে, নিৰ্বিনিয়োগৰ ফলত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ পৰিচালনাৰ ধৰণ উন্নত মানৰ হ'ব আৰু লগতে প্ৰতিষ্ঠানসমূহৰ কৰ্মদক্ষতা (efficiency) আৰু উত্পাদনশীলতা (productivity) বৃদ্ধি পাব|এইদৰে, লোকচান ভৰি থকা চৰকাৰী বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ ব্যক্তিগতকৰণ কৰা হৈছিল|

 আনহাতে, বিশ্বায়ন বা গোলকীয়কৰণৰ অৰ্থ হৈছে;.....ভাৰতবৰ্ষৰ বজাৰখন বহুজাতিক নিগম (Multinational Companies - MNCs) সমূহৰ বাবে খুলি দিয়া হৈছে| বৰ্তমানে বিশ্বৰ যিকোনো প্ৰান্তৰ প্ৰতিষ্ঠান এটাই ভাৰতবৰ্ষত নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে; কেৱল মাত্ৰ নূন্যতম প্ৰয়োজনীয় নীতি-নিয়মখিনি পালন কৰিব লাগিব| আশা কৰা হৈছিল যে, ইয়াৰ জৰিয়তে, দেশখনলৈ বিদেশী প্ৰত্যক্ষ বিনিয়োগ (Foreign Direct Investment - FDI) বৃদ্ধি পাব আৰু ফলস্বৰূপে দেশৰ ঔদ্যোগিক ক্ষেত্ৰখন প্ৰভূতভাৱে লাভান্বিত হ'|বিদেশৰ পৰা প্ৰযুক্তিৰ আমদানিৰ ক্ষেত্ৰতো উত্সাহ যোগোৱা হৈছে|

ব্যক্তিগত শিক্ষাৰ আভিধানিক অৰ্থ হ'ল- ব্যক্তিগতকৰণ, বিশেষকৈ স্বত্তাধিকাৰ বা মালিকীস্বত্ত্ব ৰাজহুৱা বা চৰকাৰীখণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ হস্তান্তৰকৰণ বা পৰিৱৰ্তন কৰা কাৰ্য|এই ক্ষেত্ৰত কিছুমান ব্যক্তিগত সংস্থা আদিয়ে সহায় কৰে|ব্যক্তিগতকৰণ এক পৰিচালনামূলক পদ্ধতি|ই ব্যৱসায়িকভাৱে শিক্ষাক অধিক গুণগতকৰণত সহায় কৰে|ব্যক্তিগতকৰণে শিক্ষাক অধিক মুনাফা আদায়ত সহায় কৰে|

সাধাৰণতে, তিনি ধৰণৰ ব্যক্তিগত শিক্ষা আছে|সেইবোৰ হ'ল-

১)ক্ষমতা প্ৰদান বা অৰ্পন কৰা:  চৰকাৰে দায়বদ্ধতা গ্ৰহণ কৰে আৰু সেৱা আৰু উত্পাদনৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে ব্যক্তিগত অনুষ্ঠানসমূহে কাৰ্য সম্পাদন কৰে|

২)বঞ্চিতকৰণ:  চৰকাৰে দায়িত্ব ব্যক্তিগত খণ্ডক অৰ্পন কৰে|

৩)স্থানচ্যুতকৰণ: ব্যক্তিগতখণ্ডই ব্যৱসায়িক ভিত্তিত চৰকাৰী খণ্ডক চেৰ পেলাই যায়|

শিক্ষাৰ ব্যক্তিগতকৰণ কৰাৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰণ আছে|যেনে: শিক্ষাৰ প্ৰসাৰে ছাত্ৰ-ছাত্ৰীক গণতান্ত্ৰিকভাৱে সহায় কৰাত কিছু বাধা আহি পৰা বাবে ব্যক্তিগতকৰণ শিক্ষাই কিছু পৰিমাণে সহায় কৰিছে|জ্ঞানৰ প্ৰসাৰে বিশ্বৰ অৰ্থনীতিত এক প্ৰভাৱ পেলায়|সেয়ে, ব্যক্তিগতকৰণে এই ক্ষেত্ৰত সহায় কৰে|বিশ্বৰ উদ্যোগীক বিপ্লৱৰ ক্ষেত্ৰত বজাৰত চাহিদা অনুযায়ী যোগানৰ ব্যৱস্থা কৰে|ৰাজহুৱা বা চৰকাৰী খণ্ডই সম্পদসমূহ সঠিককৈ ব্যৱহাৰ তথা পৰিচালনাত অপাৰগ হ'লে ব্যক্তিগত খণ্ডই সহায় কৰে|কাৰণ, চৰকাৰী বা ৰাজহুৱা খণ্ডতকৈ ব্যক্তিগত খণ্ড অধিক বেছি গতিশীল| ৰাজহুৱা খণ্ডত থকা কিছুমান বাধা ব্যক্তিগত খণ্ডত কিছু পৰিমাণে হ্ৰাস কৰা হয়|তাৰোপৰি, উত্পাদনৰ উপাদান ভূমি, শ্ৰম, মূলধন আৰু সংগঠন এই চাৰিওটা ব্যক্তিগত খণ্ডত উপযুক্ত ব্যৱহাৰ কৰাত সহায় কৰে|

শিক্ষাৰ ব্যক্তিগতকৰণ কৰাৰ ক্ষেত্ৰত থকা সুবিধাসমূহ তলত উল্লেখ কৰা হ'ল-

১) ব্যক্তিগতকৰণে কিছু বোজা হ্ৰাস কৰি শিক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী দায়বদ্ধতা গ্ৰহণ কৰিছে|

২) কিছুমান ক্ষেত্ৰত গণতান্ত্ৰিক ভংগী প্ৰদানত ৰাজহুৱা খণ্ড অপাৰগ হৈছে|সেয়ে; শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগতকৰণে গণতান্ত্ৰিক দৃষ্টিভংগী প্ৰদানৰ ক্ষেত্ৰত বিশেষ ভূমিকা প্ৰদান কৰে|

৩) গ্ৰাম্য আৰু নগৰ, উন্নত আৰু উন্নয়নশীলৰ মাজত থকা পাৰ্থক্যসমূহ ব্যক্তিগত শিক্ষাই হ্ৰাস কৰে আৰু জ্ঞান আহৰণৰ ক্ষেত্ৰত প্ৰৱেশৰ বাট মুকলি কৰে|

৪) ব্যক্তিগতকৰণে শিক্ষাৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানবোৰ আঁতৰাই গোলকীয় দৃষ্টিৰে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান প্ৰদানৰ ব্যৱস্থা কৰে|

৫) অৰ্থনৈতিক, সাংস্কৃতিক আৰু ব্যৱসায়িক ক্ষেত্ৰত থকা বোজাসমূহ ব্যক্তিগতকৰণে হ্ৰাস কৰে|

৬) ব্যক্তিগতকৰণে বৈদেশিক বিনিময় সম্ভৱ কৰি তোলে| বিদেশী ছাত্ৰ-ছাত্ৰীৰ ওপৰতো প্ৰভাৱ পেলায়|

৭) ব্যক্তিগতকৰণে শিক্ষণ-শিকনৰ ব্যুত্পত্তি উন্নয়নৰ ক্ষেত্ৰত এক সহায় আগবঢ়ায়|

অৱশ্যে ব্যক্তিগতকৰণ শিক্ষা সমালোচনাৰ উৰ্দ্ধত নহয়|সেয়ে; শিক্ষাক ব্যক্তিগতকৰণ কৰাত বা ব্যক্তিগতকৰণ শিক্ষাৰ অসুবিধাসমূহ তলত আলোচনা কৰা হ'ল-

১) ব্যক্তিগত শিক্ষাই গুণগত শিক্ষা প্ৰদান কৰা বুলি নিশ্চিত কৰিব নোৱাৰে|

২) ব্যক্তিগতকৰণৰ বাবে আন্তঃসংস্কৃতি, আন্তঃসামাজিক পৰিৱৰ্তন সম্ভৱ হৈছে; যিটো আমাৰ ভাৰতীয়সকলে মানসিকভাৱে সহজতে মানি ল'ব পৰা নাই|

৩) ৰাজহুৱা খণ্ডই সমাজৰ দূৰ্বল শ্ৰেণী যেনে: অনুসূচীত জাতি/জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আদিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে|কিন্তু, ব্যক্তিগত শিক্ষাই সমাজৰ দূৰ্বল শ্ৰেণীৰ শিশুৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে|

৪) ব্যক্তিগতকৰণ শিক্ষাৰ ক্ষেত্ৰত কোনো মাচুলৰ সীমাৱদ্ধতা নাই|

৫) ব্যক্তিগত শিক্ষাৰ ক্ষেত্ৰত শিক্ষক বা দক্ষ ব্যক্তিসকলৰ কোনো ধৰাবন্ধা আদৰ্শ বা প্ৰশিক্ষণ নাই|

৬) শিক্ষাৰ স্বাধীনতা ক্ষেত্ৰত কিছুমান পৰিস্থিতিত গণতান্ত্ৰিক চিন্তাধাৰা বাধা প্ৰদান কৰা দেখা যায়|

৭) ব্যক্তিগত শিক্ষাই কেৱল ডিগ্ৰী/ডিপ্লমাৰ বাবেহে যেন শিক্ষা প্ৰদান কৰে|ইয়াত বাস্তৱ জীৱনৰ লগত সঙ্গতি ৰাখি কামৰ ব্যৱস্থা কৰাটো খুব কম পৰিলক্ষিত হয়|

শেষত, শিক্ষাৰ বিষয়ে আমি ইয়াকে ক'ব পাৰো যে, বৰ্তমান জনসংখ্যাৰ বিস্ফোৰণ বা জনবহুল পৰিস্থিতিত ই এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে|সকলো ক্ষেত্ৰতে ইতিবাচক আৰু নেতিবাচক অৰ্থাত্ ভাল আৰু বেয়া দুটা দিশ থাকে|ব্যক্তিগতকৰণ শিক্ষায়ো ইয়াৰ ব্যতিক্ৰম নহয়|তাৰোপৰি, শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সমস্যা আছে|এই সমস্যাবোৰৰ ভিতৰত ব্যক্তিগতকৰণে শিক্ষাক সহায় কৰিছে|ব্যক্তিগত শিক্ষাই প্ৰায়ভাগ শিক্ষাৰ ক্ষেত্ৰতে এক বিশেষ ভূমিকা প্ৰদান কৰিছে|শিক্ষাক ব্যৱসায়িক উপাৰ্জনক্ষম তথা প্ৰতিযোগিতামূলক কৰি তোলাৰ কাৰণে ব্যক্তিগত শিক্ষাৰ অৰিহণা যথেষ্ট|সেয়ে; বিশ্বায়নৰ যুগত ব্যক্তিগত শিক্ষাই উদাৰনৈতিকভাৱে চৰকাৰ তথা জনসাধাৰণৰ মাজত এক যোগসূত্ৰ স্থাপন কৰি সহযোগিতাৰে যোগাত্মক দিশসমূহ অৰ্থাত্ সুবিধাসমূহ গ্ৰহণ কৰি শিক্ষা গোলকীয়কৰণ, সৱলীকৰণ আৰু ব্যক্তিগতকৰণৰ ক্ষেত্ৰত খোজে খোজ মিলাই আগবাঢ়ি যোৱাটোহে গুৰুত্বপূৰ্ণ হ'|...