শিৱানী বৰা
তেজবোৰ অলৰ অচৰ 
চেতনাই ভঁটিয়াই 
মাৰিলে লৰ 
হৃদয় হ'ল শিলৰ ,
বেলিটি চুচঁৰি মৰিল 
সেই তাহানিৰ 
ঈশ্বৰৰ অপমৃত্যুৰ দৰে ;
নীলিমত  কোলাহলী 
এজাক শগুন
শ'টোক মাজতে লৈ !
কোনোৱে চুই চাব খোজে
চিৰন্তনসত্যৰ সুৱাসি দেহা ?
আকৌ কোনেৱে খুচৰিব খোজে
গোন্ধহীন তেজৰ ৰং কেনেকুৱা ?
নতুবা কাৰোৰ মন চেলেকি চোৱাৰ 
জিভাৰ জুটিত লাগেনো কেনেবা 

 
 
 
 
