Type Here to Get Search Results !

সম্পাদকীয়

 তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান

 আজি ২০২১ বৰ্ষৰ পহিলা জানুৱাৰী। বিগত এনে দিনটিতে ২০১৮ বৰ্ষত আমাৰ 'সমলয়' মাহেকীয়া ই-আলোচনীয়ে আত্মপ্ৰকাশ কৰিছিল। উক্ত দিনটি প্ৰতি বছৰে বৰ্ষপূৰ্তি অনুষ্ঠান হিচাবে উদযাপন কৰি অহা হৈছে। এই বছৰো 'তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান' উদযাপন কৰিবলৈ লোৱা শিৱসাগৰ জিলাৰ নাজিৰাৰ মাদুৰিস্থিত 'লাইথেপেনা বৰগোহাঁই মৈদাম স্থলীত। 
বিশেষত্ব এয়ে যে প্ৰতি বৰ্ষপূৰ্তি অনুষ্ঠান বিশেষ ঐতিহাসিক স্থানত উদযাপন কৰি অহা হৈছে। প্ৰথম বৰ্ষপূৰ্তি চৰাইদেউ মৈদাম , দ্বিতীয় বৰ্ষপূৰ্তি গৰখীয়া দ'ল আৰু এই বাৰ তৃতীয় বৰ্ষপূৰ্তি মহাসতী জয়মতী পিতৃ ৰাজমন্ৰী লাইথেপেনা বৰগোহাঁই মৈদাম প্ৰাঙ্গণত। 
এই অনুষ্ঠানৰ বিশেষ দুখন গ্ৰন্থ উন্মোচিত হ'ব লগতে থাকিব বিগত সমলয় সমলয়ৰ কাৰ্যৱলী সমূহ প্ৰদৰ্শিত হ'ব পৰাকৈ এখনি প্ৰদৰ্শনী। ইয়াৰ উপৰিও বিভিন্ন গীত-মাতেৰে সাংস্কৃতিক অনুষ্ঠান।
সকলোৰে সহযোগিতা আৰু গঠনমূলক পৰামৰ্শৰে 'সমলয়' মাহেকীয়া ই-আলোচনী খনি চতুৰ্থ বৰ্ষত উপনীত কৰোৱাত সকলোটিলৈ সমলয় পৰিয়ালৰ হৈ কৃতজ্ঞতা জনালো।

অৰুণ কোঁৱৰ
সম্পাদক- 'সমলয়'
১/১/২০২১