Type Here to Get Search Results !

হেৰাই যাব নেকি অসমৰ অসমীয়া সংস্কৃতিৰ গুৰুত্ব

 কাশ্যপ গগৈ


                     আজি আমাৰ জীৱন আধুনিক জীৱনৰ পৰিক্ৰমাত প্ৰৱেশ কৰিলে । আজি সভ্যতা নতুন সভ্যতা । আজিৰ সভ্যতাই বিজ্ঞান প্ৰযুক্তিৰ লগতে পাশ্চাত্য সংস্কৃতিৰ পৰশ পাইছে । মানুহে অত্যাধুনিক জীৱন-যাপন প্ৰণালীৰ বাবে নিজৰ সংস্কৃতি আৰু সংস্কৃতিৰ মিলনভূমি অসমীয়া সংস্কৃতিৰ কথাও পাহৰি পেলাইছে। যিয়ে অসমীয়া সংস্কৃতিৰ গুৰুত্বৰ ওপৰত এক নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিছে। অসমীয়া সমাজ তথা সংস্কৃতিক জীৱনত আনৰ সংস্কৃতিৰ প্ৰভাৱ এনেদৰে পৰিছে যে তাৰ মেৰপাকৰ পৰা অসমে ওলাই আহিব পৰা নাই। অসমীয়া সংস্কৃতিৰ গুৰুত্বত ইয়াৰ প্ৰভাৱ বহুত বেছি। ইয়াৰ মূল কাৰণ হৈছে আমাৰ দৃষ্টি ভংগী। পশ্চিমীয়া সংস্কৃতি বেয়া বুলি কলেও নহ'ব । পশ্চিমীয়া সংস্কৃতিৰ পৰা শিকিবলগা বহুত খিনি আছে । কিন্তু তাৰ লগে লগে আমি আমাৰ থলুৱা সংস্কৃতিৰো চচা কৰি যাব লাগিব । নহলে এদিন আমাৰ এই পৰম্পৰাগত সংস্কৃতিয়ে পাহৰণিৰ গভত প্ৰৱেশ কৰে।
                    আমাৰ উপৰিপুৰুষ সকলে আমাৰ অসমৰ অসমীয়া সংস্কৃতিৰ পথাৰখন চহকী কৰি থৈ গৈছে। কিন্তু বৰ্তমানৰ অৱস্হাই এই পথাৰ খন শুকান কৰি পেলাইছে। যেন আমাৰ এই পথাৰখনত পানীৰ অভাৱ । ই হৈছে চচা। আমাৰ অসমীয়া সংস্কৃতিৰ চৰ্চা কমি অহা বাবে চহকী অসমীয়া সংস্কৃতি আজি উদং কৃষি ভূমিৰ দৰে হ'ল । ইয়াৰ মূল নুবুজা এচাম যুৱ প্ৰজন্ম । আজিৰ নৱ প্ৰজন্মৰ কিমানজনে নিজৰ থলুৱা সংস্কৃতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। কিমানে অসমীয়া কৃষ্টি-সংস্কৃতিৰ স্বৰূপ হিচাপে লোকগীত ,, লোকনৃত্য ,, লোকবাদ্য আদিৰ গুৰুত্ব বুজি পাইছে । পুৰণি মহৎগ্ৰন্হ,, শংকৰ - মাধৱৰ সৃষ্টি ,, ভাগৱত পুৰাণ আদিক কিমানে আকোঁৱালি লৈছে বা কিমানে ইয়াৰ মহত্ব বুজি পাইছে ইয়াৰ সলনি অসমৰ সৰহ ভাগেই আকোঁৱালি লৈছে নতুন এক নৃত্য- গীত। যত নাই আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰভাৱ। পুৰণিটো অৰ্থাৎ নিজস্ব টোক আকোঁৱালি লোৱাটো একো লাজৰ বিষয় নহয়
 আমি আনৰ কিছুমান গ্ৰহণ কৰিব লাগে। আনৰবোৰ গ্ৰহণ কৰোঁতে আমি চকু মুদি গ্ৰহণ কৰিলে নহ'ব। আনৰ সংস্কৃতিক তথা সামাজিক জীৱনত ভাল বেয়া দুয়োটা দিশেই থাকিব পাৰে। ভালখিনি গ্ৰহণ কৰি  বেয়া খিনি ত্যাগ কৰাটোহে প্ৰকৃত কথা । আনৰ সংস্কৃতি গ্ৰহণ কৰোঁতে ভাল - বেয়াৰ বিচাৰ নকৰাকৈ গ্ৰহণ কৰাটো উচিত নহয় । এনেকুৱা কৰিলে আমাৰ নিজৰ সংস্কৃতিৰ গুৰুত্ব হেৰাই যাব । সেয়েহে আমি আনৰ ভাল সাংস্কৃতিক দিনবোৰ গ্ৰহণ কৰা উচিত । নিজৰ সংস্কৃতি জীয়াই ৰাখিবলৈ আমি আমাৰ সংস্কৃতিক ভাল পাব লাগিব , ইয়াৰ চচা কৰিব লাগিব । তেতিয়াহে ই হেৰাই যোৱাৰ পৰা বাচিব । আহক আমি এতিয়াই প্ৰতিজ্ঞাবদ্ধ হও যে আমি আমাৰ সংস্কৃতিক ভাল পাম আৰু ইয়াৰ চচা অব্যাহত ৰাখিম