Type Here to Get Search Results !

ভ্ৰমণ কাহিনী

 ধ্ৰুৱ ফুকন


২০০৭ চনৰ জানুৱাৰী মাহৰ কথা । Borneo Island লৈ গৈছিলো অফিচৰ কামত । ঘুৰি অহাৰ টিকট Borneo ৰ পৰা Kuala Lumpur আৰু তাৰ পৰা নতুন দিল্লী । Kuala Lumpur পামহি ৰাতিপুৱা এঘাৰ মান বজাত, আৰু দিল্লীৰ ফ্লাইট আছে গধুলি পাঁচ মান বজাত । মানে Kuala Lumpur ত মোৰ হাতত ছঘন্টা মান সময় আছে । ছঘন্টা কি কৰা যায় ? এনেয়ে এয়াৰ প'ৰ্টত বহি ছঘন্টা হামিয়াই হিকটিয়াই বহি থকাৰ বয়স নহয় সেইটো । যদিও Kuala Lumpur এয়াৰ পোৰ্টটো ডাঙৰ, আধুনিক আৰু ইয়াৰ ভিতৰতে মলৰ নিচিনা পৰিবেশ, তথাপিও ভাবিলো এই ছঘন্টা এনেই বৰবাদ কৰিব নোৱাৰি ।
Borneo ত থাকোঁতেই ইন্টাৰনেটত বিছাৰিলো Kuala Lumpur ত কি চাবলৈ যাব পাৰি । সেই সময়ত, মানে ২০০৪ চনলৈকে, Petronas Towers পৃথিৱীৰ ভিতৰতে আটাইটকৈ ওখ ঘৰ আছিল, Taipei 101 এ ২০০৪ চনত Petronas Tower ক হৰুৱাই সেই খিতাপটো লৈছিল । গতিকে ভাবিলোঁ সেইটোকে চাই আহিম গৈ । পিছে মুৰৰ কামোৰনিটো হ'ল তিনি বজাৰ ভিতৰতে ঘুৰি আহি পাবহি লাগিব, immigration ত সময় লব। কেনেবাকৈ ফ্লাইট মিছ কৰিলে কেৰেলাতকৈ গুটি দীঘল হব ।

এয়াৰ পোৰ্টৰ পৰা Petronas Towers লৈ পোনপটীয়া ট্ৰেইন নাই । বাছত অহা যোৱা দুঘন্টা হব, ট্ৰেফিকৰ অৱস্থাৰ ওপৰত কথা, বেছিও হব পাৰে, গতিকে ৰিস্ক লব নোৱাৰি । টেক্সীৰ ভাৰা বহুত হব, গতিকে নোৱাৰি । এখন চুপাৰ ফাস্ট ট্ৰেইন আছে, KLIA Express, পিছে তাৰপিছত এডোখৰ আকৌ মেট্ৰ লব লাগিব । এইখন ট্ৰেইনত সময় কম লয়, পিছে দাম বেছি । চাই মেলি দেখিলো এইখিনিত যোৱাৰ বাহিৰে উপায় নাই ।

ঘুৰি অহাৰ দিনা সময় মতেই Borneo ৰ পৰা Kuala Lumpur ত নামিলোহি । পোনপটীয়া ফ্লাইট নহয়, Brunei হৈ আহিছোঁ, প্ৰায় দুঘন্টা মানৰ ফ্লাইট । এয়াৰ পোৰ্টৰ ভিতৰতে KLIA Express ৰ ষ্টেচন আছে, আন্দাৰগ্ৰাউন্দ । মানুহক সুধি বিচাৰি উলিয়াই টিকট কিনিলো । আগতে টিকট কাটি থোৱা নাই, কিমান সময়ত আহি পাওঁহি ঠিক নথকাৰ কাৰণে । ভাগ্য ভাল যে দহ মিনিটৰ পাছতেই পাছৰ ট্ৰেইন খনৰ সময় । মনত ভয়ো লাগি আছে, কেনেবাকৈ সময়ত ঘুৰি আহিব নোৱাৰি ফ্লাইট মিছ কৰিলে বৰ লটি ঘটি হ'ব । হোটেলত থাকিব লাগিব নিজৰ খৰছত । হোটেলৰ খৰছ লগতে ফ্লাইটৰ টিকট কিনিব লাগিব । পাছ দিনাৰ ফ্লাইটত যদি ছিট নাথাকে আকৌ লেঠা লাগিব । বিদেশত টেনচনতটো বেছি হয় । অফিচৰ পৰা দিয়া credit card টো পকেটত আছে, পিছে সেইটো সাধাৰণতে অফিচৰ কামতহে খৰছ কৰিব পাৰি । অফিচতো কৈফিয়ত্ দিব লাগিব schedule মতে কেলেই ঘুৰি আহি দিল্লী পোৱাহি নাই বুলি ।

যিকি নহওক ট্ৰেইন সময় মতেই আহিল । ট্ৰেইনত উঠিয়েই মনটো ভাল লাগি গ'ল, বৰ ধুনীয়া ট্ৰেইন, ভিতৰখন একেবাৰে ফ্লাইটৰ executive class ৰ নিচিনা । যাত্ৰী একেবাৰে সেৰেঙা, টিকটৰ দাম বেছি কাৰণেই হবলা । ট্ৰেইনৰ পৰা Kuala Lumpur চহৰৰ দৃশ্য বৰ ভাল । সময় মতেই KL Centre গৈ পালোগৈ । ট্ৰেইনৰ ভিতৰৰ পৰাই ষ্টেচনত মানুহৰ ভীৰ দেখিলো, আমাৰ দিল্লীৰ ৰাজীৱ চ'ক মেট্ৰ ষ্টেচনৰ নিচিনা । এইটো চহৰখনৰ ঘাই ঘাই ষ্টেচন বোৰৰ ভিতৰত এটা । এইটো ষ্টেচনৰ পৰা মই সাধাৰণ মেট্ৰ ৰে'লত যাব লাগিব । টিকট কাটোতে অলপ সময় লাগিলে, কাৰণ automatic vending machine আছে, আৰু মই আগতে এইটো ব্যৱহাৰ কৰা নাই । মেছিনটোৰ ভাষাটো ইংৰাজী কৰোঁতেই অলপ সময় গ'ল । টিকট লৈ আকৌ দৌৰা দৌৰিকে মানুহক সুধি মেলি মোৰ ট্ৰেইনখন আহিবলগীয়া প্লেটফৰ্মটো বিছাৰি উলিয়ালো । ট্ৰেইনৰ ভিতৰত ভীৰ, বহিবলৈ ছিট পোৱাৰ প্ৰশ্নই নাহে । পিছে মই মাত্ৰ পাঁচটামান ষ্টেচনহে যাব লাগিব, গতিকে ঠিয় হৈ যোৱাতো অসুবিধা নাই । আমাৰ দিল্লী মেট্ৰৰ নিচিনা একেই পৰিবেশ । যিকি নহওক, আহি পালেহি । মেট্ৰৰ পৰা নামিয়েই দেখিলো, টাৱাৰদুটা ওচৰতে । 

একেবাৰে majestic দৃশ্য, ইমান কষ্ট কৰি, পইছা খৰছ কৰি দৌৰা দৌৰিকে অহা সাৰ্থক হ'ল যেনেই লাগিল । চৌহদটোৰ ভিতৰত বিভিন্ন দেশৰ পৰ্যটক । চাৰিওফালে এপাক মাৰিলোঁ । ওচৰৰ পৰা ওপৰলৈ চাবলৈ অসুবিধাই, টাৱাৰদুটা বহুত ওখ । একেবাৰে অকলশৰীয়া পৰ্যটক সাধাৰণতে কেতিয়াবাহে দেখা যায়, ফুৰিবলৈ সাধাৰণতে প্ৰত্যেকেই কাৰোবাৰ লগতহে যায় । লগ হৈ ফুৰিবলৈ অন্ততঃ এটা সুবিধা, ফটো তুলিবলৈ । সেই সময়ত ছেলফীৰ যুগ আৰম্ভ হোৱাই নাছিল নহয় । অকলশৰীয়াকৈ ঘুৰি ফুৰা চিংগাপুৰৰ ডেকা এজনৰ লগত কথা বতৰা হ'লো, তেওঁ ফটো কেইখনমান তুলি দিলে ।

এঘন্তামানৰ পাছতে ওভতি আহিবলৈ দৌৰা দৌৰি । আহোঁতেই মই ট্ৰেইনৰ ঘুৰি যোৱাৰ টিকট কৰি থৈছিলো, গতিকে এইবাৰ টিকট কৰাৰ সময় ৰাহি হ'ল । ট্ৰেইনত উঠিয়েই আকৌ টেনচন আৰম্ভ হৈ গ'ল, সময়তেই ঘুৰি গৈ এয়াৰ পোৰ্ট পামগৈ নে নাই, ফ্লাইট মিছ কৰিলে কি হব ! পিছে ক'তো একো অদৰকাৰী দেৰি নোহোৱাকৈ সময় মতেই আহি Kuala Lumpur International Airport বা চমুকৈ KLIA ষ্টেচনত ট্ৰেইনৰ পৰা নামিলোহি । বেছমেন্টৰ ট্ৰেইন ষ্টেচনৰ পৰা ওপৰৰ এয়াৰ পোৰ্টলৈ যাবলৈ লিফ্ট আছে, গতিকে বহুত সময় ৰাহি হয় ।

দৌৰা দৌৰিকে আহি Immigration, Security clearance এইবোৰ পাৰ হৈ Boarding counter পালোহি । দেখিলো আমাৰ ফ্লাইটৰ boarding আৰম্ভ হৈ গ'ল । সৰহভাগ উঠিলেই আৰু ১৫/২০ জন মান যাত্ৰীহে বাকী আছে ।
কোনোমতে হলেও ফ্লাইট মিছ নোহোৱাকৈ ঘুৰি আহি পোৱাৰ কাৰণে বুকুৰ ঢপঢপনিটো বন্ধ হ'ল ।