জ্যোৎস্না শইকীয়া
দক্ষিণা বতাহজাক
হুম্ হু্মাই আহিলে
ক্ৰমান্বয়ে আকাশখন
ধূসৰ হ'বলৈ ধৰিলে
কঁকালৰ গাঁঠি বান্ধি
চাই ৰয় তেওঁ
ধূসৰিত আকাশখনৰ
বুকুৱেদি উৰি যোৱা চৰাইজাকলৈ...
মনৰ মাজতে সেউজীয়া
গানৰ লহৰ এটি গুণ গুণাই ...!!
জ্যোৎস্না শইকীয়া
'সমলয়' মাহেকীয়া ই-আলোচনী | www.somoloy.org