গীতাঞ্জলি দেৱী
শব্দবোৰ সজাবলৈ
ভাষাবোৰ প্ৰকাশিবলৈ
বুকুত সাজোন-কাচোন
এজাক আবেগ ।
সজল চাৱনিত
হাঁহিময় দুটি ওঁঠত
ভাষাহীন হয়
তল-বল প্ৰেম ।
দুটোপাল চকুলোত
পাৰ ভঙা অভিমান
মৰমে কামনা কৰে
মধুময় ক্ষণ ।
গীতাঞ্জলি দেৱী
'সমলয়' মাহেকীয়া ই-আলোচনী | www.somoloy.org