Type Here to Get Search Results !

চুটি ছবিৰে দীঘল বাটত সীমান্ত ফুকন

 প্ৰভাত বৰদলৈ


   সমাজ, জনজীৱনৰ অতি স্পৰ্শকাতৰ অথচ অৱহেলিত বিষয়েৰে আলোড়িত মন এটাৰ প্ৰতিফলনেৰে শিল্প কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এজন নাট্য সেনাৰ নাম, সীমান্ত ফুকন৷ মঞ্চ নাট আৰু  অনাতাঁৰ নাটৰ এজন দক্ষ অভিনেতা আৰু পৰিচালক হোৱাৰ উপৰিও কণ কণ শিশুৰ বাবে অভিনয়ৰ এখন ক্ষেত্ৰ গঢ়াত সদাতৎপৰ নাট্যসেনাজনে ভিডিঅ’ ছবি, দূৰদৰ্শনৰ ধাৰাবাহিক আদি অভিনয়ৰ প্ৰায়বোৰ ক্ষেত্ৰতে ভালেখিনি অৱদান আগবঢ়াইছে৷ তাৰোপৰি ইউটিওৱ চেনেলৰ সুবিধাৰে সীমান্ত ফুকন ডাঙৰীয়াই চুটি ছবি নিৰ্মাণত মনোনিৱেশ কৰাতো উচ্ছ মানৰ ছবিৰ প্ৰতি আগ্ৰহী দৰ্শকৰ বাবে এক উৎসাহজনক খবৰ৷

       যোৱা পহিলা আগষ্টৰ দিনা ‘সীমান্ত ফুকন ক্ৰিয়েশ্বন’ নামৰ ইউটুব চেনেলটোৰ যোগে মুকলি কৰি দিয়া সীমান্ত ফুকনৰ তৃতীয় চুটি ছবিখন হ’ল -‘টীয়েৰছ অৱ ৰেইন… দ্য আদাৰ্চ’ (https://youtu.be/ve_7q_xIJCI নাইবা https://m.youtube.com/c/simantaphukoncreation ৷ ‘ডীপ চি প্ৰডাকচন’ৰ বেনাৰত চৈয়দ এছমে আলমৰ দ্বাৰা প্ৰযোজিত, সীমান্ত ফুকনৰ দ্বাৰা পৰিচালিত পূৰ্বৰ দুখন চুটি ছবি আছিল ক্ৰমে ‘পাপ’ আৰু ‘অন্য আকাশ’৷ ২০১৬ বৰ্ষত প্ৰান্তিকৰ পাতত প্ৰকাশিত, বৰ্ষটোৰ শ্ৰেষ্ঠ গল্প বুলি বিবেচিত লেখিকা অজন্তাৰ ‘কিন্নৰ’ নামৰ গল্পটোৰ আধাৰত প্ৰস্তুত কৰা ‘টীয়েৰছ অৱ ৰেইন… দ্য আদাৰ্চ’ নামৰ চুটি ছবিখন সীমান্ত ফুকনৰ এক সফল অভিযোজনা৷ চাপৰিলে মেঘ আঁতৰি নাযায় বুলি জানিও আমি সমাজৰ বহু বিষয় আওকাণ কৰি থাকোঁ৷ নাইবা বহুতো বিষয়ত মূৰ সোমোৱাবলৈ ভয় খাওঁ, জানোচা আমাৰ গাত বিপদ লম্ভে! কিন্নৰ সম্পৰ্কতো আমি আওকণীয়া মনোভাৱ লৈয়েই চলোঁ৷ তৃতীয় লিংগৰ প্ৰতি কৰি অহা অবিচাৰ আঁতৰ কৰিবলৈ, বিষয়টোৰ সম্পৰ্কত বহুল চৰ্চা কৰাৰ যি প্ৰয়োজন, সেই সংক্ৰান্তত এই ছবিখনে কিছু পৰিমাণে হ’লেও ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি৷ অৰ্ঘদীপ বৰুৱা, পাকিজা বেগম, অসীম কৃষ্ণ বৰুৱাৰ লগতে শিশু শিল্পীৰোহন গৌতম, আদ্ৰিতহঁতৰ অভিনয়ৰ সাৱলীলতাৰ বাবে ছবিখন উপভোগ্য হৈ উঠিছে৷

       কলতলত তোলনী বিয়াৰ কইনাজনীক গা-ধুওৱা দেখি অগতানুগতিক চিন্তাৰ কিশোৰটোৰ ভাৱাবেগৰ প্ৰকাশ, এজাক বৰষুণত তিতাৰ দৃশ্যৰে তৃপ্ত মনৰ পাৰাপাৰহীন প্ৰশান্তিৰ উপলব্ধি, শেষত ৰেল যাত্ৰীৰ ৰূপত আপোন ভাইটোক পায়ো নায়কে অচিনাকি ভাৱেৰে আঁতৰি যাব লগা পৰিস্থিতি আদি কলাত্মক দৃশ্যৰাজিৰে ছবিখন অতি উচ্ছ মানৰ হৈছে৷ তাৰোপৰি ল’ৰাটো তৃতীয় লিংগৰ বুলি নিশ্চিত হোৱাৰ পিছতে নিজ মাতৃ আৰু খুৰাকে নায়কক পৰিয়ালৰ পৰা বিতাড়িত কৰা, পৰিত্যক্ত হৈ ৰেলৱে ষ্টেচনত পৰি থকা অৱস্থাত তেজ-মঙহৰ সম্পৰ্ক নোহোৱা কেইজনমান কিন্নৰে তেওঁলোকৰ মাজলৈ আদৰি লৈ যোৱা, ইত্যাদি দৃশ্যাংশ  সমূহ কাহিনীৰ তাগিদাতে সংযোজিত হৈ ছবিখনৰ সৌস্থৱ বঢ়াইছে৷ এইবোৰ কাৰণতে ছবিখনে দৰ্শক-সমালোচকৰ লগতে সমাজৰ প্ৰগতিবাদী শুভচিন্তকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰিব পাৰি৷ এক বিশেষ শাৰিৰীক-মানসিক স্থিতিৰে চিৰাচৰিত সামাজিক পৰম্পৰাৰ বিপৰীতে খোজ দি সংগ্ৰামপূৰ্ণ জীৱনক আদৰিবলৈ প্ৰস্তুত হৈ আগবঢ়া লোক সকলৰ কথা চিন্তা কৰিব পৰা লেখিকা অজন্তা নাইবা সীমান্ত ফুকন তথা  মুখ্য নাম ভূমিকাত অৱতীৰ্ণ হোৱা অৰ্ঘদীপ বৰুৱাৰ লগতে প্ৰতিজন শিল্পী অভিনন্দনৰ পাত্ৰ৷

       যশস্বী গল্পকাৰ মনোজকুমাৰ গোস্বামীৰ ‘পাপ’ নামৰ গল্পৰ আধাৰত একে নামেৰে সীমান্ত ফুকনে পৰিচালনা কৰিছিল প্ৰথমখন চুটি ছবি৷  অভিনেত্ৰী চিমি গোস্বামীক সহ-শিল্পী হিচাপে লৈ বিশিষ্ট অভিনেতা অৰুণ নাথে মুখ্য ভুমিকাত অভিনয় কৰা ছবিখন অতি মৰ্মস্পৰ্শী! এহাল ককায়েক ভনীয়েক জীৱনৰ বেলি লহিওৱা সময়লৈকে আবিয়ৈ  হৈ থকা সংগ্ৰামপূৰ্ণ জীৱন-মননৰ এক সাৱলীল প্ৰকাশ ঘটিছে ছবিখনত৷ হলা গছত বাগী কুঠাৰ মৰা সমাজৰ কিছু নিষ্ঠুৰ লোকে এনে দুৰ্ভগীয়া জীৱনলৈ উপৰুৱা পয়মাল ঠেলি যিকোনো কাম কৰিব পাৰে৷ তাৰে উদাহৰণ স্বৰূপে দুজন অপৰিচিত লোকে ক’ৰবাৰ, কাৰোবাৰ অনাহুত মৃত সদ্যজাত পানী কেঁচুৱা এটিক মোনাত ভৰাই নায়ক-নায়িকাৰ দুৱাৰ মুখত পেলাই থৈ গ’ল৷ সেই বদনামৰ হাত সাৰিবলৈ নায়কে কৰা দিনজোৰা সংগ্ৰাম, কোনো দুষ্কাৰ্য জীৱনতে সংঘটিত নকৰা সৰলতাৰে ঘৰৰ বাহিৰত পোৱা সুবিধাবোৰ নাকচ কৰি কেৱল ঘৰৰ চাৰিবেৰৰ মাজতহে নিৰাপত্তা বিচাৰি পোৱা নায়কে উপায়ন্তৰ হৈ নিজা শুৱনি কোঠাৰ মজিয়াতে গাঁত খান্দে৷ নায়কৰ সমগ্ৰ চিন্তা-কৰ্মৰাজিৰ মাজত যে কত ভাৱাৱেগ সাঙোৰ খাই থাকিব পাৰে তাক সীমান্ত ফুকনৰ দৰে সংবেদনশীল পৰিচালক এজনেহে উপলব্ধি কৰিব পাৰে!   

              আন দুখন চিত্ৰৰ দৰেই ‘ডীপ চি প্ৰডাকচন’ৰ বেনাৰতে পৰিচালকৰ আন এখন ছবি হ’ল -‘অন্য আকাশ’৷ সীমান্ত ফুকনৰ নিজা কাহিনীৰে, নৱজ্যোতি বৰাই চিত্ৰনাট্য আৰু সংলাপ প্ৰস্তুত কৰা ছবিখনৰ মূল বিষয়বস্তু হ’ল - আধুনিক চহৰ কেন্দ্ৰিক জীৱন পৰিক্ৰমাই গাঁওত এৰি অহা শিপাৰ প্ৰতি অনুৰক্ত, দায়বদ্ধ দম্পত্তি এহালৰ সন্মুখৰ প্ৰত্যাহ৩ান আৰু সিদ্ধান্ত৷ নায়কৰ গাঁওত থকা দেউতাক তথা নায়িকাৰ শহুৰেকজনৰ প্ৰতি থাকিব লগা দৰদ-দায়িত্ব, কৰ্ত্তব্যখিনি পালনৰ বাবে পূৰ্ণ শতাংশ চেষ্টা কৰিও, ব্যস্ততাপূৰ্ণ নগৰীয়া পৰিৱেশে গঢ়ি তোলা দৈনন্দিন কৰ্মসূচীয়ে অজানিতে যেন হেঙাৰ তৰে৷ শেষ বয়সত জীৱন সংগী হেৰুৱাই  এলজেইমাৰত ভোগা নায়কৰ চৰিত্ৰটো বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া অতি সুন্দৰৰূপত দাঙি ধৰিছে৷ পুত্ৰ হিচাপে অভিনেতা সুনীল শইকীয়াই দেউতাকৰ প্ৰতি থকা কৰ্ত্তব্যখিনি পালন কৰিবলৈ গৈ পত্নীৰ ওচৰত সমালোচিত হোৱাৰ ভয়ত সন্দীহান মনেৰে পদক্ষেপবোৰ লৈছে৷  অথচ, বৃদ্ধ দেউতাকৰ শৰীৰ-মনত জীৱনী শক্তি সঞ্চাৰিত হোৱাৰ অন্তিম অৱকাশ কেৱল গাঁওতহে আছে বুলি জানিও একো দৃঢ় পদক্ষেপ ল’বলৈ যেন অসমৰ্থ৷  পতিৰ একান্ত সহচৰীৰূপে এই আটাইখিনি জটিলতাক অতি সহজ কৰি তুলি বোৱাৰীৰ ৰূপত গীতাৱালী ৰাজকুমাৰীয়ে ইতিবাচক তথা অতি সহানুভুতিপ্ৰৱণ  চৰিত্ৰটো বেচ নিপুনতাৰে আগবঢ়াইছে৷ মহনগৰীত ডাঙৰ হোৱা দ্বিতীয় প্ৰজন্মৰ শিশুৱে গাঁওৰ পৰিৱেশৰ প্ৰতি হীনমান্যতাৰ ভাৱ ৰখাটো প্ৰায় স্বাভাৱিক কথা৷ তেওঁলোকে দীৰ্ঘ দিনৰ বাবে চহৰ এৰি গাঁওলৈ যাব নিবিচাৰে৷ এই অভিব্যক্তিৰে শিশু শিল্পীদ্বয় হিয়াংগী আৰু মান্যতা ফুকনে নিৰ্দেশনা মানি অভিনয় কৰাৰ মাজতো পৰিচালকৰ কৃতিত্বই ধৰা দিছে৷

       ‘অন্য আকাশ’, ‘পাপ’ আৰু  ‘টীয়েৰছ অৱ ৰেইন. . . দ্য আদাৰ্চ’ - এই তিনিওখন ছবিয়ে সীমান্ত ফুকনৰ কাহিনী-অভিনেতা বাছনি, চিত্ৰনাট্যৰ পৰিচালনাৰ মানৰ লগতে কলাত্মক অভিৰুচিৰ অনন্য ৰূপ প্ৰতিফলিত কৰিছে৷ ‘টীয়েৰছ অৱ ৰেইন. . . দ্য আদাৰ্চ’ - এই অন্তিম ছবিখন বিভিন্ন আন্তৰ্জাতিক চুটি ছবি মহোৎসৱত প্ৰদৰ্শনীৰ বাবে নি‍ৰ্বাচিত হোৱাতো বেচ সুখৰ বতৰা৷ ফুকনলৈ অভিনন্দন আগবঢ়োৱাৰ লগতে ভৱিষ্যতে ভাল সংখ্যক ছবিৰে সুৰুচীপূৰ্ণ দৰ্শকক আমোদ দিয়াত সফল হ’ব বুলি আশা কৰিছোঁ৷

- প্ৰভাত বৰদলৈ,  ভ্ৰাম্যভাষ- ৯৬৭৮৫২৫২১২