মালবিকা শৰ্মা, ভুবনেশ্বৰ
কাৰো প্ৰতি একো অভিযোগ নাই
কাৰো প্ৰতি কোনো অভিমান নাই
পিছে মাজে সময়ে জীৱনৰ বাটত,
অকলে আগুৱাই যাবলৈ মন যায়।


অকলে আগুৱাই যাবলৈ মন যায়
নতুনকৈ সকলো চাবলৈ মন যায়,
নিজস্ব দৃষ্টিভংগী আৰু চিন্তাধাৰাৰে,
জীৱনটোক বুজি পাবলৈ ইচ্ছা যায়।


জীৱনটোক বুজি পাবলৈ মন যায়
কাৰো ওপৰত একো নিৰ্ভৰ নকৰি,
কাৰো পৰা কোনো সহায় নোলোৱাকৈ,
প্ৰশ্নবোৰ সমাধান কৰিবলৈ মন যায়
অকলে আগুৱাই যাবলৈ মন যায়।

