Type Here to Get Search Results !

কাব্য সংকলন--শাৰদী সন্ধিয়া

 কবি- সুৰভি বৰ পাত্ৰ গোহাঁই , আলোকপাত-ৰাহুল জ্যোতি বৰা 


সদ্য প্ৰকাশিত কবি সুৰভি বৰ পাত্ৰ গোহাঁইৰ "শাৰদী সন্ধিয়া" পঢ়ি আপ্লুত হ'লো ।কবিগৰাকীৰ কাব্য সংকলন খনত
মুঠ ৪৬টা কবিতা সন্নিৱিষ্ট কৰি খুউব  সুন্দৰকৈ দিগদৰ্শন প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। প্ৰতিটো কবিতাৰ শব্দ, প্ৰতীক আৰু চিত্ৰকল্পই হৃদয় চুই যায়। সহজ সৰল, দৈনন্দিন জীৱনৰ সৈতে খাপ খোৱাকৈ উপস্থাপন কৰা "শাৰদী সন্ধিয়া "কাব্য গ্ৰন্থই প্ৰতিজন পাঠকক এক নতুন আমোদ দিবলৈ সক্ষম হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। কাব্যগ্ৰন্থ খনত উল্লেখ থকা প্ৰতিটো কবিতাৰ শব্দ গাঁথনি সাৱলীল তথা প্ৰাঞ্জল। তাৰে ভিতৰত "উৰুখা পঁজাৰ উচুপনি" কবিতাটোত কবগৰাকীয়ে জোনবাইৰ লগত মানুহৰ প্ৰেমৰ খৰস্ৰোতা নিজৰা কেনেদৰে প্ৰৱাহিত হয় তাক সুন্দৰকৈ প্ৰকাশ কৰিছে। লগতে বলীয়া বানৰ কৱলত পৰি নিৰলা পঁজাই কেনেদৰে বানৰ স্পৰ্শত উচুপি উঠে সেই কথাও কবিতাটোত প্ৰকাশ পাইছে। আনহাতে "সৰাপাত" কবিতাটোত কবিয়ে শুকান সৰাপাতবোৰ যেতিয়া গছৰপৰা সৰি যায়, সেই সৰি যোৱা পাতবোৰক কচুপাতৰ পানীৰ লগত তুলনা কৰাৰ লগতে পছোৱা বতাহে গাভৰুৰ আঁচল উৰুৱাই সৰাপাত সহিতে উদং গছবোৰক কেনেদৰে নিঃশেষ কৰে সেই সমস্ত হৃদয় বিদাৰক ছবিখন কবিতাটোত দাঙি ধৰিছে। মুঠতে একে আষাৰে ক'বলৈ গ'লে  অপূৰ্ব সৃষ্টি কবি সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়াৰ কলমৰ পৰা নিগৰিত সৰ্বজনবিদিত কাব্যগ্ৰন্থ "শাৰদী সন্ধিয়া" ।
       কবি সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়াৰ প্ৰতিটো কবিতাত একো একোটা সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হয়। বাস্তৱ, কল্পনা,  প্ৰেম বিৰহ, সুখ দুখ, হাঁহি কান্দোনক বিষয় বস্তু নিৰ্বাচন কৰি কবিতাবোৰক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। 
"শাৰদী সন্ধিয়া " কবি গৰাকীৰ চতুৰ্থ সংখ্যক  গ্ৰন্থ। ইতিপূৰ্বে তেখেতৰ দ্বাৰা প্ৰকাশিত হয় "আশাৰ পাপৰি" ২০১৯,"স্মৃতিৰ পাপৰি" ২০২০,আৰু "স্বপ্নালয়" নামৰ এখন গল্প সংকলন প্ৰকাশ হয় ২০২০ চনত। প্ৰতিখন গ্ৰন্থই ইতিমধ্যে পাঠকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আশাকৰোঁ "শাৰদী সন্ধিয়া "কাব্য সংকলন খনো পাঠকৰ মাজত জনপ্ৰিয় হৈ পৰিব। 
  এগৰাকী মাতৃৰ লগতে শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈ থকা কবি সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়াৰ কলমৰ পৰা নিগৰিত হওক আৰু অধিক নিত্য নতুন সৃষ্টি। যি সৃষ্টিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব বুলি আশাবাদী।  সাহিত্যৰ পথাৰত নতুনকৈ ঠন ধৰি উঠক নতুন সংযোজন। তাৰ বাবে তেখেতলৈ মোৰ আগতীয়াকৈ অশেষ শুভকামনা জনালোঁ।