Type Here to Get Search Results !

সম্পাদকীয়

 ডেল কাৰ্নেগীৰ 'How To Win Friends And Influence People' গ্ৰন্থ খনিৰ পৰা কেনেকৈ উপকৃত হলো।



আমেৰিকাৰ জীৱনমুখী লেখক ডেল কাৰ্নেগী মোৰ প্ৰিয় লেখক সকলৰ ভিতৰত এজন অন্যতম লেখক। তেখেতৰ গ্ৰন্থ সমূহ পালেই বৰ আগ্ৰহেৰে পঢ়ো। কাৰণ তেখেতৰ লেখনি সমূহৰ মাজৰে মোৰ জীৱনৰ গতি দিবলৈ প্ৰয়াস কৰো, সেয়ে তেখেতৰ গ্ৰন্থ সমূহে  জীৱনৰ মাৰ্গ দৰ্শকৰ ভূমিকা লৈ মোক বহু দিশত ব্যক্তিগত আৰু সামাজিক কামবোৰ কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে।
   শিৰোনামত উল্লেখ কৰা কিতাপ খনি পঢ়াৰ আগলৈকে  মানুহৰ সৈতে যোগাযোগ কৰাত বা তেওলোকৰ সৈতে সুসম্পৰ্ক অটুত ৰখাত মোৰ যিখিনি দুৰ্বলতা আছিল সেইখিনি মই বহু পৰিমাণে শুধৰাই ল'ব পাৰিছো লগতে বহু নতুন লাগতিয়াল কৌশল প্ৰয়োগ কৰি  উপকৃত হ'ব পাৰিছো। সেয়ে  আপোনাৰো কামত আহিব বুলি কিতাপ খনিৰ মূল কথাখিনি চমুকৈ ইয়াত দাঙি ধৰিবলৈ চেষ্টা কৰিলো-

:: মানুহৰ সৈতে ব্যৱহাৰ কৰা মৌলিক কৌশল -
ক) আনক পৰাপক্ষত সমালোচনা নকৰিব
খ) আনক যিমান পাৰে আন্তৰিকতাৰে প্ৰশংসা কৰক।
গ) আনৰ প্ৰতি আগ্ৰহী হওক।

:: মানুহে আপোনাক ভালপোৱা বিশেষ কৌশল কেইটি-
ক) মুখত সদায় হাঁহি ৰাখক, সকলোকে হাঁহিৰে অভিবাদন জনাবলৈ চেষ্টা কৰক।
খ) যিমান পাৰে আনৰ নাম মনত ৰাখক, প্ৰয়োজনুসৰী নামধৰি মাতক।
গ) ভাল শ্ৰোতা হওক। আনক কথা কবলৈ উৎসাহিত কৰক।
ঘ) আনৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি সেই বিষয়ে কথা পাতিলে তেও আপোনাক ভাল পাবলৈ ল'ব।
ঙ) আনক তেওযে গুৰুত্বপূৰ্ণ এই কথাটো অনুভৱ কৰিবলৈ দিয়ক।
উপৰোক্ত কামখিনি কৰি সহজে আনৰ প্ৰিয়ভাজন হ'ব পাৰিব।
(এই গ্ৰন্থ খনিৰ বহু লাগতিয়াল দিশ পুনৰ অহা সংখ্যাত আলোচনা কৰিম)

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
১/৭/২০২২