Type Here to Get Search Results !

ভাস্কৰ্যশিল্পী কমলাকান্ত বুঢ়াগোহাঁইৰ শিল্পকৰ্মৰ আলোকপাত

 কমলাকান্ত বুঢ়াগোহাঁইৰ শিল্পকৰ্ম







জন্ম- ডিগবৈৰ ২নং বাপাপুং পাণবাৰীত।

শিক্ষা-  বিজ্ঞানৰ স্নাতক

শিল্পকৰ্ম- সৰুকালৰ পৰাই চিত্ৰ-ভাস্কৰ্যৰ প্ৰতি ৰাপ আছিল। ঘৰুৱা ভাৱে দেউতাক আৰু ডাঙৰ ককায়েকৰ পৰা অনুশীলন কৰি শিকাৰ সুযোগ পাইছিল। সেয়ে স্কুলীয়া দিনৰ পৰা চিত্ৰ-ভাস্কৰ্য সৃষ্টি কৰি আহিছে।
  চাকৰি বা ব্যৱসায় নকৰি এই শিল্পকৰ্মতে লাগি উপাৰ্জন আৰু জীৱনৰ ব্ৰত হিচাবে মনোনিৱেশ কৰি আহিছে। তেখেতে ডিগবৈ, মাৰ্ঘেৰিটা,পানীতোলা, তিনিচুকীয়া, ডুমডুমা, দুলীয়াজান, নাজিৰা, গুৱাহাটীৰ লগতে বিভিন্ন স্থানত এই ভাস্কৰ্য শিল্প সৃষ্টি কৰি আহিছে। বুঢ়াগোহাঁই দেৱে বহু আকৰ্ষণীয় প্ৰতিকৃতিও তৈয়াৰ কৰিছে, লগতে দৰ্শকৰ বিপুল ভাৱে প্ৰশংসিত হ'বলৈ সক্ষম হৈছে।
শিল্পী কমলাকান্ত বুঢ়াগোহাঁই দেৱলৈ সমলয় পৰিয়ালৰ হৈ আন্তৰিক শুভকামনা জনোৱা লগতে তেখেতৰ উত্তৰোত্তৰ কমনা কৰিলো।
আশাবাদী এইজনা প্ৰতিভাৱান শিল্পীক যথাযথ স্বীকৃতি দি সদায় সৃষ্টিশীল কৰ্মত জড়িত থাকি ন-ন সৃষ্টি কৰি যাবলৈ অনুপ্ৰণিত কৰিব।