Type Here to Get Search Results !

সম্পাদকীয়

নেতা আৰু নেতৃত্ব 


সঁচা অৰ্থত নেতাৰ নেতৃত্ব সামাজিক জনপ্ৰিয়তা তথা সহজাত কৰ্মৰ প্ৰতিফলনৰ ওপৰত সাধাৰণ লোকে সহযোগিতাৰে আন্তৰিকতাৰে স্বীকৃতি দিয়া অমূল্য দক্ষ্যতা তথা সম্পদ। ইয়াক বলপূৰ্বক আজুৰি অনা সম্পদ নহয়।
    সঠিক ভাৱে সামাজিক নেতৃত্ব দিবলৈ তথা স্থায়ী নেতা হ'বলৈ অগ্ৰসৰৰ সময়ত যাৱতীয় কথাবোৰ ব্যৱহাৰিক দিশত শিকাৰ প্ৰয়োজনীয়তা আছে।
সফল নেতাৰ নেতৃত্বৰ ৫ টি বিশেষ গুণ-
১) যি কোনো সমস্যাৰ সাহসেৰে সন্মূখীন হৈ দ্ৰুত সমাধানৰ বাবে থকা দক্ষতা।
২) পৰাপক্ষত সকলোকে সম দৃষ্টি চোৱা আৰু সকলোকে সামাজিক দৃষ্টিকোণেৰে প্ৰতি ধৰ্মাৱলী লোকক আন্তৰিকতাৰে আকোৱাঁলি লোৱা।
৩) আনৰ কথা আন্তৰিকতাৰে শুনিবলৈ যত্ন কৰা।
৪) দূৰদৰ্শী চিন্তাৰে মহৎ উদ্দ্যশ্যৰে কাম ব্যৱহাৰিক দিশত কৰি যোৱা।
৫) সততা, দায়বদ্ধতা আৰু নিষ্ঠাৰে সময়ৰ কাম সময়ত কৰি যোৱা।

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
১০/৯/২০২২