Type Here to Get Search Results !

বিফলতা

 জীনামণি বৰগোহাঁই দুৱৰা


মহান উদ্দেশ্য লৈ আগুৱাই যাওঁ
জীৱনৰ অতিকৈ জটিল পথত
সুখ-দুখক তুলি লওঁ কান্ধত
ঘাত -প্ৰতিঘাতক  লওঁ  শিৰত
হঠাতে  ভাৰ সহিব নোৱাৰি
বিফলতাৰ গৰাহত পিছলি পৰি
ভাবিছোঁ  ভাগ্যৰ পৰিণতি কি  ?