Type Here to Get Search Results !

হাতীপটি অঞলৰ এটি বিহঙ্গম দৃষ্টিৰে অৱলোকন

 দীপজ্যোতি বৰগোহাঞি


শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ  এটা বৃহৎ অঞ্চল হাতীপটি ৷বৃহত্তৰ হাতীপটি বুলিলে হাতীগড় ,(হাৰকিনাৰ )ওপৰ সাৰ কিনাৰ ,তল সাৰ কিনাৰ ,মইনাটিং নগা গাঁও ,মইনাটিং মজদুৰ গাঁও ,বৰবাৰী ,বগী চাপৰি ,হাতীপটি মিছিং গাঁও ,বগী চাপৰি ,জ্যোতি নগৰ ,কলিয়নী ,হাতীপটি নেপালী গাঁও  ইত্যাদি গাঁও সমূহক লৈয়ে হাতীপটি অঞ্চল ৷কথিত আছে বা জনশ্ৰুতিয়ে কয় যে -আহোম ৰাজ্য আৰু নগা ৰাজ্যৰ সীমান্তবৰ্তী গেলেকীৰ একেবাৰে কাষৰে হাতীপটি অঞ্চলৰ মাজেদি বৈ গৈছে নামডাং নদী ৷হাতীপটি ৰ পৰা পূৱ  দিশৰ নগা পাহাৰলৈ বৰ বিশেষ দূৰ নহয় যিহেতু যেতিয়া সেই অঞ্চল সমূহ জয়াল আৰু দুৰ্গম আৰু অটব্য অৰণ্যৰে ভৰি আছিল ৷সেই অৰণ্যত জাক জাক হাতী আছিল ৷সেই হাতীবোৰে নাম ডাং নদীত জাক পাতি পানী খাবলৈ আহোতে এটা পটী হৈ গৈছিল ৷আমি সকলোৱে জানো যে হাতীয়ে সাধাৰণতে একে বাটেৰে বৰ গহীন গম্ভীৰকৈ অহা যোৱা কৰে ।৷সেয়ে চাগৈ অঞ্চলটোৰ নাম হাতীপটি হৈছিল বুলি অনুমান কৰিব পাৰি ৷হাতীপটি অঞ্চলত নেপালী ,মিছিং ,নগা ,মুছলমান ,আহোম ,চাহ মজদুৰ, আদি বিভিন্ন জাতি উপজাতি সমন্বয়ৰে একতাৰে বসবাস কৰি আহিছে ৷এক কথাত কব পাৰি যে হাতীপটি অঞ্চলৰ যি সম্প্ৰীতি সমন্বয় সচাঁকৈয়ে প্ৰশংসনীয় ৷ লগতে হাতীপটি অঞ্চলৰ বেছি সকল বাসিন্দাই কৃষিজীৱী আধা সংখ্যক ব্যৱসায়ী ,কিছু চৰকাৰী চাকৰীয়াল ৷এই অঞ্চলৰ নৱপ্ৰজন্মই প্ৰাথমিক শিক্ষা গ্ৰহণৰ বাবে কেইবা খনো প্ৰাথমিক বিদ্যালয় ,উচ্চ মাধ্যমিক বিদ্যালয় ৰাইজে স্থাপন কৰিছে ৷এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি উপজাতি জন গোষ্ঠী সমূহ শিক্ষাৰ লগতে নিজস্ব সাংস্কৃতিক পৰিচয়ৰে চহকী ৷বিভিন্ন সময়ত এই অঞ্চলত দিহানাম,  মিছিং যুৱকে ভাওনা অভিনয়, জিকিৰ ,ঐনিতম ৰ সুৰ ,কন্যাক নগা সকলৰ বৰদিন উদযাপন কেৰলৰ সুমধুৰ ধ্বনি ,চাহ মজদুৰ সকলৰ মাদলৰ চেৱে চেৱে ঝুমুইৰ লহৰ ,মিছিং পৰাগঃআৰু লৃগাংত ঐনিতমৰ সুৰে একাকাৰ হৈ যায় সমগ্ৰ হাতীপতি অঞ্চলৰ  ৰাইজ ৷ সুখে দুখে সমভাগী ইজনে সিজনৰ ৷যাৰ সম্প্ৰীতি আৰু সমন্বয় ৰ আমি বহু শিকিবলগীয়া দিশ আছে ৷আহোম ৰাজত্বৰ শেষৰ ফালে যেতিয়া ছশ বছৰীয়া আহোম ৰাজত্বৰ ৰবি অস্ত গ’ল অসমলৈ বৃটিছৰ আগমন ঘটিল সকলো দুৰ্গম জয়াল অৰণ্য ভাঙি চাহ বাগান খোলা হ’ল সেই অঞ্চলত চাহ বাগান হ’ল কেঁচা সোণ স্বৰূপ চাহ প্ৰস্তুত কৰা ফেক্টৰী বহিল ব্যৱসায় কৰা হ’ল  ৷বহু স্ব -নিৰ্ভৰশীল ব্যক্তিয়ে ইটা ভাটা খুলি বহু পৰিয়ালক দিনটোৰ পেটৰ ভাত সাজৰ জোগাৰ কৰি দিয়া হ’ল ৷সকলোৱে হাতীপতি বাসী ৰাইজৰ সমন্বয় আৰু সম্প্ৰীতিৰ বতৰা পালে ৷আৰু অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াত হাতীপটি অঞ্চলৰ ৰাইজৰ পৰা শিকিব লগা বহু আছে সেই কথা নুই কৰিব নোৱাৰি ৷হাতীপটি অঞ্চলত ৬০ উৰ্দ্ধৰ ব্যক্তিয়ে এতিয়াও সুধাকণ্ঠৰ গীতৰ চৰ্চাৰে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰাৰ প্ৰচেষ্টা সচাকৈয়ে প্ৰশংসনীয় ৷শেহতীয়াকৈ হিউমেন ৱেলফেয়াৰ ছছাইটি ৰ স্থায়ী গৃহ নিৰ্মাণে হাতীপটিৰ গৰীমাত সোণত সুৱগা চৰাইছে ৷