Type Here to Get Search Results !

সম্পাদকীয়

 জীৱনৰ মাধুৰিমা




জীৱন নামৰ বৃক্ষ জোপাৰ অতীত এখিলা সৰি পৰা পাতৰ দৰে, সেই পাত খিলাক বহু চেষ্টা কৰিলেও জী থকা বৃক্ষ জুপি সৈতে সজীৱ কৰি তুলিব নোৱাৰো।
   ভৱিষ্যৎকো এই বৃক্ষ জোপাই সম্পূৰ্ণ নিশ্চয়তা দিব নোৱাৰে যে আজি দৰেই সজীৱ হৈ সকলো ছাঁ, ফুল-ফল দি থাকিব নতুবা  কাইলৈ প্ৰকৃতিয়ে  বৃক্ষ জুপিৰ বাবে কি পোহৰ-তাপ, বতাহ আৰু বৰষুণ-পানী দিবলৈ সমৰ্থ হয় !
  কিন্তু বৰ্তমানত আমি জীৱন বৃক্ষজুপি মনে ইচ্ছা কৰাৰ দৰে প্ৰতিপালন কৰিব পাৰো,  তাৰ ছাঁ-আশ্ৰয় আৰু সকলো সা-সুবিধা ল'ব পাৰো আৰু দিব পাৰো।
    আমাৰ বাস্তৱ জীৱনৰ প্ৰতি পলে তাৰেই শিক্ষা দিয়ে। অতীতক লৈ মন বেয়া বা দুচিন্তাত নাথাকিবা, ভৱিষ্যৎক লৈও অলীক সপোন নৰচিবা, মাথো বৰ্তমানটি যিমান পাৰা উপভোগ কৰি সুখী হ'বলৈ যত্নপৰ হোৱা। বৰ্তমানতেই ভৱিষ্যৎৰ কঠীয়া সিঁচি বৰ্তমানক জয় কৰা।

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
৪/১২/২০২২