Type Here to Get Search Results !

সম্পাদকীয়

'সমলয় পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠান' ৰ সম্পাদকৰ একাষাৰ


ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত সকলোটিলৈ ওলগ আৰু শুভেচ্ছা জনালোঁ। নাজিৰাৰ কেইজনমান ব্যক্তিৰ ইতিবাচক চিন্তাৰ সমাহাৰত ২০১৮ চনৰ পহিলা জানুৱাৰীত গেলেকী কমলাবাৰীত এই 'সমলয়' মাহেকীয়া ই-আলোচনীৰ প্ৰস্তাৱনা সংখ্যাৰ শুভাৰম্ভ হৈছিল। লাহে লাহে লেখক-পাঠকৰ সু-সঁহাৰিৰ বাবে আমি আলোচনীখনি আমাৰ ৱেবচাইট www.somoloy.org ত প্রতি মাহে নিয়মীয়াকৈ প্ৰকাশ কৰি আহিছোঁ। ভাষা-সাহিত্য, কলা-সংস্কৃতি আৰু শিক্ষাৰ চৰ্চা, সেৱা আৰু উত্তৰণৰ উদ্দেশ্যৰে প্ৰকাশ কৰা আলোচনীখনিক বিভিন্ন পঢ়ুৱৈ মহলে আকোঁৱালি লোৱাত আমি যথেষ্ট উৎসাহিত হৈছোঁ। এই আপাহতে বিভিন্ন দেশত থকা প্রবাসী অসমীয়া পঢ়ুৱৈৰ সকলৰো শলাগ ল'ব বিচাৰিছোঁ।

‘সমলয়' আলোচনী খনিৰ প্ৰকাশৰ লগতে বিগত বৰ্ষকেইটিৰ পহিলা জানুৱাৰীত বৰ্ষপূর্তি অনুষ্ঠান ক্রমে আহোম স্বৰ্গদেউ সকলৰ সমাধিস্থলী চৰাইদেউ, ন- মাটি গৰখীয়া দল, মাদুৰি লাইথেপেনা মৈদাম আৰু ৰজাপুলত অনুষ্ঠিত কৰা হয়। সেইদৰে আমি সমলয় পৰিয়ালবৰ্গই প্রতি পহিলা ব'হাগৰ বিহুৰ ওলগণি অনুষ্ঠান হিচাবে জ্যেষ্ঠ সাহিত্য-সংস্কৃতিৰ নিস্বাৰ্থ সেৱক সকলক তেওঁলোকৰ বাসগৃহত গৈ সম্বৰ্ধনা জনাই আহিছোঁ। বৰ্তমানৰ চাহিদা আৰু সকলোৱে চৰ্চা কৰিব পৰাকৈ ফেচবুক গ্ৰুপত প্ৰশাসক অনুৰাগ শৰ্মা আৰু সম্পাদকৰ পৰিচালনাত এটা ফেচবুক গোট পৰিচালনা কৰি থকা হৈছে- প্রতি সন্ধিয়া ৭-৩০ বজাত কেইটিমান অনুষ্ঠান ক্রমে চিত্র শিল্প, প্রতিধ্বনি, প্ৰতিভাৰ কিৰণ, সংস্কৃতিৰ পথাৰত, কবিতাৰ সন্ধিয়া, প্রতিভা কিৰণ, গল্প সুবাস, সুৰৰ সোপান, সমলয় দাপোণ, নিয়মীয়াকৈ প্ৰচাৰ কৰি থকা হৈছে। মূল আলোচনীত 'অতীতৰ সোণসেৰীয়া কথা', গ্ৰন্থ সৌৰভ আৰু শিৰীষ গাচ্ছেৰ ছাওঁৰ শিতান মাহেকীয়াকৈ প্রকাশ হয়। তেনেদৰে সমলয় পৰিয়ালৰ হৈ ক'ৰণা কালত কিছু সতীৰ্থৰ আৰ্থিক দুৰ্যোগৰ প্ৰতি লক্ষ ৰাখি কিছু সহায়ৰ হাত আগবঢ়োৱা হয়। বর্তমান উঠি অহা চামৰ চাহিদাৰ প্ৰতি লক্ষ্যৰে আমাৰ লেখক-লেখিকাৰ আৰু সাহিত্য-সংস্কৃতিৰ দিশত অৱদান আগবঢ়োৱা ব্যক্তি সকলৰ বিশেষ সাক্ষাৎ মূলক ভিডিঅ' সমূহ স্থায়ী ৰূপত ৰাখিবলৈ somoloy নামৰ এটি Youtube চেনেল প্ৰচাৰ কৰি আছো। সুখবৰ যে চেনেটিয়ে ইতিমধ্যে Google Adsense লাভ কৰিবলৈ সক্ষম হৈছে।
   আমি বিশ্বাস কৰোঁ যে কোনো এটা জাতিৰ নিজস্ব ভাষা-সংস্কৃতি যিমান দিনলৈ বৰ্তী থাকিব সেই দিনালৈকে একোটা জাতি স্ব-মৰ্যদাৰে জীয়াই থাকিব। সেয়ে আমাৰ চিৰ চেনেহী অসমীয়া ভাষা সংস্কৃতিৰ দিশত চৰ্চা আৰু সাধ্যনুসৰি সেৱা কৰিবলৈ সমলয় পৰিয়ালে সদায় যৎপৰোনাস্তি চেষ্টা কৰিছোঁ।

আজি এই শুভ ক্ষণত আমাৰ সমলয় বৰ্ষপূর্তি অনুষ্ঠানত উপস্থিত থকা প্ৰতিজনলৈ পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা জনালোঁ। বিগত ২০১৮ চনৰ পৰা আজি তাৰিখলৈকে আমাক বিভিন্ন দিশত সহায়-সহযোগিতা আৰু দিহা-পৰামৰ্শ আগবঢ়াই 'সমলয় ক গতি দিবলৈ চেষ্টা কৰা প্ৰতিজনৰ শলাগ লৈছোঁ। সকলো সময়ত সহায় কৰা সমলয় আলচৰ পৰিয়ালৰ লগতে আজি অনুষ্ঠানটো বিশেষভাৱে সাফল্যমণ্ডিত কৰি তোলা অভ্যর্থনা সমিতিৰ প্ৰতিজনলৈ আন্তৰিকতাৰে কৃতজ্ঞতা জনালোঁ। সদৌ শেষত, বিগত সময়ৰ পৰা আজি তাৰিখলৈকে সমলয় সম্পাদকৰ দায়িত্ব এই অভাজনে পৰিচালনা কৰোঁতে যদিহে  কেতিয়াবা অজানিতে হোৱা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমাপ্রার্থী। নৱবৰ্ষৰ প্ৰতিটো ক্ষণে সকলো পৰিয়াললৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধি তাৰেই আন্তৰিক আশাৰে -

।। জয়তু সমলয় ।।
।। জয়তু অসমীয়া ভাষা জননী।।
শ্ৰদ্ধাৰে- 
অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
১/১/২০২৩


(* আলোচনী ৱেবচাইট www.somoloy.org
* Youtube Channel - somoloy
* Face book group - সমলয় মাহেকীয়া ই-আলোচনী 
* যোগাযোগৰ বাবে মেইল editorsomoloy 17@gmail.org)