Type Here to Get Search Results !

সম্পাদকীয়

 ভাল লগা আৰু ভাল নলগা ১০ টি দিশৰ কথা


@সকলোৱে বক্তা হ'বলৈ ভাল লাগে, কিন্তু শ্ৰোতা হ'ব নিবিচাৰো।
@লেখক হ'বলৈ বহুৱে চেষ্টা কৰো, কিন্তু পাঠক হ'বলৈ বিশেষ প্ৰয়াস নকৰো।
@ জীৱনত সকলোৱে সফল হ'ব বিচাৰো, কিন্তু আনক সফল হ'বলৈ আমি কমেই প্ৰেৰণা দিও।
@সকলোৱে সু-স্বাস্থ্যৱান হ'ব বিচাৰো, স্বাস্থ্য বিধি বোৰ মানি চলিবলৈ বৰ আমনিদায়ক পাওঁ।
@ আনৰ ভুল আঙুলিয়াই ভাল পাওঁ, কিন্তু নিজৰ ভুলক সংশোধন কৰিবলৈ কিমানে বাৰু চেষ্টা চলাওঁ।
@ নেতা হৈ নেতৃত্ব দি গৌৰৱবোধ কৰো, কিন্তু সেৱক হ'বলৈ বহু অধ্যৱসায় আৰু ত্যাগৰ প্ৰয়োজনীয়তা অনুভৱ নকৰো।
@ শিক্ষকতাৰে ছাত্ৰক শিক্ষা দিয়াত ভাল কথা, কিন্তু জীৱনটোক পূৰ্ণতা দিব পৰা ছাত্ৰ হৈ সকলো সময়তে জীৱনৰ পাঠ শিকিব লগা চৰম সত্যক আদৰি নলও।
@ সামাজিক অনুষ্ঠানত কান্ধত গামোচা খনি আঁৰি দিলে ভাল লাগে, কিন্তু গামোচা খনি পিন্ধিব পৰাকৈ যোগ্যতা খিনি আয়ত্ব কৰাত হয়তু সিমান গুৰুত্ব নিদিওঁ।
@ আনৰ পৰা কিবা পালে পাবলৈ আশা কৰো, কিন্তু কিবা পাবলৈ হলেযে কিবা দিব লাগে এই  তত্বৰ প্ৰতি জ্ঞাত নহও।
@ সমাজ খন সংস্কাৰ হ'বলৈ বহু পৰামৰ্শ দিওহঁক, কিন্তু সংস্কাৰী মনৰ অধিকাৰী হ'বলৈ যাৱতীয় কৰণীয় খিনি কৰিবলৈ দায়িত্ববোধ অনুভৱ নকৰো।

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
২৫/৩/২০২৩