Type Here to Get Search Results !

জীৱনী গ্ৰন্থ-"মা" লেখক-এলেক্স ডি ফিগো

 আলোকপাতঃ-সুৰভি বৰ পাত্ৰ গোহাঁই 


     লেখক এলেক্স ডি ফিগোৰ ৰচিত "মা" লেখকৰ মাক সাৰদা মহন্তৰ জীৱনী গ্ৰন্থখন পঢ়ি  দুশাৰীমান লিখিবলৈ লৈছোঁ। এখন ব্যতিক্ৰমী গ্ৰন্থ যিখন গ্ৰন্থত লেখকে তেখেতৰ জন্মদাত্ৰী মাতৃৰ জীৱনৰ প্ৰতিটো কথা, প্ৰতিটো কাম, প্ৰতিটো সময়ৰ তথা জীৱনৰ প্ৰতিটো খোজৰ কথা অতি সুন্দৰ সাৱলীল ভাৱে বৰ্ণনা কৰিছে। এইয়া যেন এজন দায়িত্বশীল পুত্ৰৰ মাকৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য। যাক আখৰে আখৰে পালন কৰিছে কেইবা পৃষ্ঠা জোৰা জীৱন ডায়েৰীত। তেখেতৰ সৰলমনা মাতৃৰ মুখেৰে শুনা প্ৰতিটো কথাৰে সজাই তুলিলে জীৱনী গ্ৰন্থখন ।
   এই সুন্দৰ জীৱনীগ্ৰন্থ খন প্ৰকাশ কৰি উলিয়াইছে বুক  ৱল্ড পাব্লিকেশ্যন, পাঠশালা। বেটুপাত-স্বপ্ননীল মহন্ত। ডি টি.পি. ভাৰ্গৱ শৰ্মা। প্ৰথম প্ৰকাশ - নৱেম্বৰ ২০১৯ চন।
  এই জীৱনী গ্ৰন্থখনত লেখকৰ মাতৃৰ ল'ৰালি কালৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰায় শেষ সময়লৈকে আহৰণ কৰা অভিজ্ঞতাৰ বৰ্ণনাৰ উপৰিও সময়ৰ লগত খোজ মিলাই অতিক্ৰম কৰা জীৱনৰ দীঘলীয়া যাত্ৰাৰ কথা বৰ্ণনা কৰিছে । গ্ৰন্থ খনৰ শেষৰ ফালে মাকক লৈ কেইবাটাও কবিতা লিখিছে । যিহেতু এলেক্স ডি ফিগো দেৱে বহুতো গল্প, প্ৰৱন্ধ, উপন্যাস লিখাৰ উপৰিও তেখেতে কেইবাখনো কবিতা পুথিও লিখি উলিয়াইছে।
   মনোগ্ৰাহী গ্ৰন্থখনত এগৰাকী সহজ সৰল ছোৱালীয়ে স্কুলৰ "ক" মান শ্ৰেণী পাছ কৰি কেৱল নিজৰ নামটো লিখিব জনা এগৰাকী মহিলাই নিজৰ ভাই ভনীৰ দায়িত্ব লৈ বিয়াৰ পিছত শহুৰ শাহুৰ, দেৱৰ, ননন্দ আদিৰ উপৰিও নিজৰ পাঁচোটা ল'ৰা ছোৱালীৰ পঢ়াই শুনাই মানুহ কৰিছিল সেই কথা গ্ৰন্থ খনত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। তাৰোপৰি
তেখেতলোকে ব্যৱহাৰ কৰা তাঁতশালত নিজে প্ৰয়োজনীয় কাপোৰ বোৱা, ঘৰুৱা কাম বনৰ পৰা আৰম্ভ কৰি খেতি পথাৰৰ কামলৈকে সমাপণ কৰা সম্পুৰ্ণ কাম কাজকাজ আৰু সা-সজুলিৰ বৰ্ণনা কৰা হৈছে গ্ৰন্থখনত । সেই সময়ত তেওঁলোকে ঘৰুৱা কাম কাজৰ পৰা আৰম্ভ কৰি তাঁত বোৱা সকলো কাম কৰিছিল। গ্ৰন্থ খনত তাঁতশালৰ সঁজুলিবোৰৰ সুন্দৰকৈ বৰ্ণনা কৰা হৈছে । এই গ্ৰন্থ খন পঢ়িলে বহুতো নজনা কথা শিকিব পাৰিব আজিৰ দিনৰ ল'ৰা ছোৱালীয়ে । তাঁতশালত ব্যৱহাৰ কৰা সঁজুলি বোৰ হৈছে - - -গুৰি, বা, সৰু খাটি, চেৰী, মাকো, যঁতৰ, খুটিবাৰী, পঘে, মহুৰা, নাউতা, সৰু চেৰেকী, বৰ চেৰেকী, মাজু চেৰেকী, শালা কাঠি, ব-চুঙা(বাঁহৰ চুঙা) নাচনী, ফুলৰ কাটা ইত্যাদি।
তাৰোপৰি চাদৰ, গামোচাৰ দীঘবাণীৰ সূতাৰ হিচাপ দিয়া হৈছে । সেইসময়ত মানুহৰ ঘৰ দুৱাৰ, বাথৰুম, ভঁৰাল, ছাঁ গোহালি, ঢেঁকী, কেৰাচিন তেলৰ চাকি ইত্যাদি বিষয়ে সুন্দৰ আৰু সাৱলীল ভাৱে বৰ্ণনা কৰা হৈছে। বিয়া, জোৰোণ, ন-কইনাৰ নিয়ম, গৰ্ভৱতী অৱস্থাত কৰণীয়, প্ৰসৱৰ সময়ত কৰিব লগীয়া কৰ্তব্য সকলোবোৰ  উপস্থাপন কৰা হৈছে। লেখকৰ মাতৃয়ে কৈ যোৱা কথাবোৰ দায়িত্বশীল পুত্ৰ তথা লেখকে বৰ্ণনা কৰি গৈছে। সচাঁকৈয়ে এই গ্ৰন্থখন ইমান এখন মনোগ্ৰাহী গ্ৰন্থ যিখন গ্ৰন্থই এসময়ৰ সমাজ ব্যৱস্থা পৰা জীৱন যাত্ৰাৰ প্ৰণালী লৈকে তন্ন তন্নকৈ জানিবলৈ দিয়ে।
বাৰে বাৰে পঢ়িলেও আমনি নালাগে। লেখকে মাকৰ জীৱন ডায়েৰী লিখি সম্পূৰ্ণ কৰাৰ পাছত তেখেতৰ অনুভৱৰ তুলিকাত অংকন কৰিছে মাতৃৰ প্ৰতিটো সময়ৰ, প্ৰতিটো কামৰ প্ৰতিচ্ছবি । তাৰে দুটামান কবিতা লেখকৰ জ্ঞাতাৰ্থে তুলি দিলোঁ পাঠকৰ বোধগম্য হোৱাকৈ।
" শৈশৱতে মাক আমি
গালি দিলে
তেওঁ হাঁহিছিল
আৰু মৰম কৰিলে
তেওঁ আমাক সাৱটি ধৰি গালে মুখে
চুমা খাইছিল
সেয়াই আমাৰ ভোলা - ভলা মা ।
   (২)
তেওঁ দন্দুৰী তিৰোতা নাছিল
দেউতাৰ সৈতে
প্ৰতিবেশীৰ সৈতে
তেওঁৰ কোনো দন্দ নাছিল
-----
মাই হয়তো নাজানিছিল
দন্দ কাক বোলে!
বা সংঘাত কি !!
ঠিক তেনেদৰে আকৌ উল্লেখ কৰিছে এইদৰে - - - - -
নিভাঁজ প্ৰেমৰ এখন শুকুলা
পতাকা---
মা
চৰ্তহীন ভালপোৱাৰ দস্তাবেজ
 মা
পুনঃ
জীৱনৰ মহত্ব কি
মাক কোনোকালে নুসুধিবা ।
চকু তুলি এৰাব নোৱাৰি এই কবিতা বোৰৰ পৰা। ৰৈ যায় দৃষ্টি এনেবোৰ পংক্তিত - - - - - -
মাৰ গৰ্ভত দহ মাহ দহ দিন
তাৰ পিছত বোকোচাত যে কিমান দিন
দীঘল ৰাতিবোৰত তোমাৰ বুকুৰ গাখীৰে
জীপাল কৰি ৰাখিছিল আমাৰ কন্ঠ, 
তোমাৰ চকুৰ টোপনি আমি কূটি- কূটি
খাইছিলো এন্ধাৰত। 
হেজাৰ উজাগৰী ৰাতি
আমাৰ মাৰ ভালপোৱাৰ এনাজৰী। 
ইমান আবেদনময়ী অনুভৱৰ শেষত লেখকে তেওঁৰ মমতাময়ী মাতৃৰ বাবে এখন চিঠি লিখি গ্ৰন্থ খনৰ সামৰণি মাৰিছে।মাতৃৰ প্ৰতি থকা অগাধ বিশ্বাস মৰম, শ্ৰদ্ধা শেষ নহয় কেতিয়াও । ইমান সুন্দৰ সচাঁ আৰু বাস্তৱসন্মত গ্ৰন্থ খনৰ
প্ৰতিটো শাৰীয়ে পাঠকক ওচৰ চপাই আনিব বুলি মোৰ বিশ্বাস। 
শেষত লেখকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ মোক ইমান সুন্দৰ গ্ৰন্থখন  উপহাৰ দিয়াৰ বাবে । অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰি ইমানতে সামৰণি মাৰিলোঁ।