Type Here to Get Search Results !

ভাগ্য (৪)

 প্ৰগতি গগৈ




তাৰ প্ৰিয় গীতৰ কলিটোৰে মোবাইলটো বাজি উঠাত সি ৰিচিভ কৰিলে

-হেল্ল'

-অ'ই ক'ত আছ অ'? মই অথনিৰে পৰা তোলৈ ফোন লগাই আছোঁ৷ লগা নাই৷

-ঘৰতে অলপ কিবাকিবি কৰি আছোঁ৷কিবা কবি ?  কচোন!

-চাৰি আলিলৈ অলপ ওলাই আহ৷ মই ইয়াতে আছোঁ।

-আপোনাৰ আদেশ শিৰোধাৰ্য ! 
    দহমিনিট ৰ৷ গৈ আছোঁ।

- মা মই অলপ ওলাই যাওঁ।

         সি মাকক কৈ বাইকখন লৈ ওলাই গ'ল৷
         
-কিয় মাতিছিলি পংকজ?

-এনেয়ে অলপ কথা পাতিম বুলি৷

-বাৰু তই মন কৰিছনে অসীম বোলাটোৰ চকু আৰাধ্যা নামৰ কলেজৰ  আটাইতকৈ ধুনীয়া ছোৱালীজনীৰ ওপৰত৷ তই ক'ৰবাতে থাকিলি দেখোন।

-ময়ো গম পাই আছোঁ৷ তায়ো তাক ভালপায়৷ সেয়ে একো কোৱা নাই৷ নহ'লে… দাঁত কৰচি উঠিল বিনয়ে৷ 

-হয় দে দোস্ত! ইমান ধুনীয়া ছোৱালীজনীক বেলেগৰ পৰা আহি এনেকৈ আন কোনোবাই লৈ যোৱাটো সহ্য নহয়৷

  -মন কৰি আছোঁ মই৷ তাৰ লগত বাইকত উঠি সদায় কলেজলৈ আহি থকা৷

-কিবা এটা গতি লগাব লাগিব৷ হ'ব দে যাওঁ এতিয়া৷
  

ৰাতি বিনয়ৰ টোপনি নাহিল৷ দুচকু মুদিলেই  তাৰ চকুৰ সন্মুখত আৰাধ্যাৰ কুন্দত কটা ধুনীয়া মুখখন অগা-দেৱা কৰিবলৈ ধৰিলে৷ তাইৰ ক'লা দীঘল চুলিকোচা, মুখৰ মিচিকি হাঁহি, থুঁতৰিৰ ওপৰত থকা ক'লা তিলটোৱে তাৰ টোপনি হৰি নিলে।



"তোমাৰ উশাহত হেৰাই যোৱাৰ হেঁপাহটো
বৰ আদৰুৱা,
আকলুৱা মৰমবোৰ ..
উৎকণ্ঠিত সময়ৰ সৈতে
একাত্ম হয়। 
এপলক আত্মিক সুখ
বাখৰুৱা আদৰ, 
এবুকু আশা লৈ
ভৱিষ্যতৰ সপোন ৰচোঁ। "


    কবিতা বেয়া পোৱা ল'ৰাটোৰ মগজলৈ কবিতাৰ ভাৱ আহিল কেনেকৈ? সি নিজেই আচৰিত হ'ল ৷ কি হ'ল তাৰ? কোনোদিনেই এনে হোৱা নাই৷ তেন্তে?…


এইবোৰ ভাবি থাকোঁতেই কেতিয়ানো তাৰ টোপনি আহিল গমকে নাপালে। পুৱা ৰমলিয়াই থকা কাউৰীকেইজনীৰ মাততহে সাৰ পালে।