প্ৰগতি গগৈ চাংমাই
-অ' অসীম! কচোন ভালে আছনে? এইকেইদিন ফোন এটাও কৰা নাই যে? নে কিবা নতুন খবৰ আছে যে আমালৈ মনতেই পৰা নাই? মই ইমান চিন্তা কৰি আছোঁ ৷ কচোন তোৰ কেনে? পঢ়া ঠিকে চলিছে? খোৱা-বোৱা ভালকৈ কৰিছনে? কাপোৰ-কানিবোৰ ঘৰৰ দৰে দমাই ৰাখিছনে ধুইছ?
-তোমাৰ শেষ হ'লনে মা? একেলগে ইমান প্ৰশ্ন? এতিয়া মই কওঁ শুনা৷ মই ভালে আছোঁ৷ আৰু একেলগে ইমান কথা সুধিলে মই উত্তৰ দিওঁ কেনেকৈ? মই কাপোৰ ধুব নাজানো বুলি ভাবিছা নেকি? ধোওঁ নহয় ! নতুন খবৰ কৰি থাকিব পাৰে?
-ইস্! হয়নে? ৰ ! ঘৰলৈ আহি ল! দি আছোঁ তোক। ঘৰত থাকিলে সকলো মই ধুই দিব লাগে? তেতিয়া ধুব নজনাৰ ভাও। মই মাকজনীয়েহে জানো কেনেকৈ আছোঁ! ল'ৰাটো আঁতৰত থাকিলে মাকহঁতে কেনেকৈ থাকে তই কেনেকৈ বুজিবি? (অভিমানেৰে মন ভৰি পৰিল ৰুণুমীৰ৷ একমাত্ৰ পুতেক অসীম ৷ ৰুণুমী আৰু প্ৰশান্ত বৰুৱাৰ পুত্ৰ৷ ঘৰখন নিজম পৰি থাকে৷ দুটা মানুহ কিনো কৰিব? আগতেতো অকলেই কটাই দিলে ৰুণুমীয়ে আধা জীৱন৷ মানুহজনে মিলিটাৰীৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত যেনিবা লগ এটা হ'ল৷ একমাত্ৰ ল'ৰাটো ঘৰৰ বাহিৰত থকাৰ বাবে দুয়ো অকলশৰীয়া অনুভৱ কৰে। ৰুণুমীয়ে দুই-এখন কাকত আলোচনীলৈ লিখা মেলা পঠিয়াই থাক, প্ৰকাশো পায়। ঘৰতে হাঁহ -কুকুৰা দুটামান পুহিছে। ঘৰটো গমগমীয়া হৈ থাকে। মানুহজনে ৰুণুমীয়ে ৰোৱা ফুলবোৰত মাজে-সময়ে চাফ-চিকুণ কৰি সাৰ-পানী দিয়ে। এতিয়া বয়স হৈ আহিছে ৷ বৰকৈ কাম কৰিবও নোৱাৰা হৈ আহিছে৷ ল'ৰাটোৰ বিয়াৰ কথাও ভাবিবৰ হ'ল!'
- মা কি ভাবি আছা? দেউতা ভালে আছে নহয়? এতিয়া দেউতা ক'ত আছে? বৰকৈ চিন্তা কৰি নাথাকিবা৷ অলপ যত্ন ল'বা তোমাৰ লগতে দেউতাৰো৷ সময়মতে খোৱা-বোৱা কৰিবা। আকৌ পাছত পাতিম মা ৷ এতিয়া হ'ব!
-একো নাই অ'। দেউতাৰে ভালেই আছে। তোৰ বাহিৰে নো আৰু কি চিন্তা কৰিম? তই বিহুত আহিবি নহয়?
- যাম মা৷ বন্ধ পাম কেইদিনমান।
-ঠিক আছে হ'ব এতিয়া!
ফোনটো কাটি যোৱাৰ পাছত
-এইবাৰ বিহুত আহিলে তাক বিয়াৰ কথা ক'ব লাগিব৷ আমিবোৰে কৰিব পৰা অৱস্থাতেই বিয়াখন পাতি নল'লে বিয়াত কাম কৰিব কোনে? সি বাৰু ক'ৰবাত ছোৱালী চাই থৈছে নেকি? চাই থ'লেও তাৰ মতেই হ'ব। মাথোঁ ছোৱালীজনী সাদৰী হ'লেই হ'ল। সহজ-সৰল, সকলোৰে লগত মিলিব পৰাকৈ। তাতকৈ আৰু কি লাগে? ৰুণুমীয়ে ভাবত বিভোৰ হৈ পৰিল৷ তেওঁৰ মনটোৱে অতীতলৈ ঢাপলি মেলিলে…
পাহৰোঁ বুলিলেই পাহৰিব পাৰি জানো
অতীতৰ তিতা-মিঠা স্মৃতি?
শেষ বুলিলেই শেষ হয় জানো
পুনৰ নতুনৰ আৰম্ভণি।