Type Here to Get Search Results !

সম্পাদকীয়

 সৃজনাত্মক চিন্তাক সক্ৰিয় কৰিবলৈ…


মানুহৰ মগজুৰ পৰা প্ৰতি মুহুৰ্তত কিছুমান তৰংগ নিৰ্গমন হয়। মনোবিজ্ঞানী আৰু চিকিৎসা বিজ্ঞানী সকলে এই তৰংগবোৰক চাৰিভাগত ভাগ কৰিছে যেনে- আলফা, বিটা, থিটা আৰু ডেল্টা।

 বিটা তৰংগ নিৰ্গত সময়ত মানুহৰ মন চঞ্চল, অস্থিৰ আৰু বিমৰ্ষ হৈ থাকে। আনহাতে আলফা তৰংগ সময়ত মন শীতলতা, শিতল চিন্তা, সুস্থ চেতনা লগতে মানুহৰ জীৱনৰ সফল সৃষ্টিশীল কৰ্ম সমূহ মনৰ এই অৱস্থাটোৰ পৰাই সৃষ্টি হয়।
  সেয়ে বৰ্তমান সমাজৰ মানসিক চাপ ভৰা অস্থিৰ সময়ত আমাৰ মানসিক স্থিতি বীটাৰ পৰা আলফা স্থিতিলৈ ৰূপান্তৰ কৰি এই বিশ্ব-ব্ৰহ্মাণ্ডক সকলো জীৱৰ বাসপযোগী কৰিবলৈ কৰা প্ৰয়াস কৰিব পাৰিলে কেনে হয় ??

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
৩/৫/২০২৩