Type Here to Get Search Results !

প্ৰত্যাশা

 নীলিমা গগৈ



বহু কথা ভুমুকি মাৰিছে আজি সৃষ্টিৰ মনত |তাই যে ভীষণ ভাগৰুৱা আজি | কোনো দিন হতাশাক প্ৰশ্ৰয় নিদিয়া , হাজাৰ বেদনাই মন ভাঙিব নোৱাৰা সৃষ্টি যে আজি দুৰ্বল , পঙ্গু | দুভৰি আগলৈ দিবলৈ তাই যে শক্তি নোহোৱা হৈ পৰিছে| কিয় এনেকুৱা হল তাইৰ লগত ? কি ভুল কৰিছিল তাই ? হয়তো আনৰ দুখ বোৰ সৰুৰে পৰাই বুটলি ফুৰা স্বভাৱ টোৰ বাবেই আজি তাইৰ এই অৱস্থা|
! কেতিয়াবা তাইৰ  অতীত টোক খুচৰি ভালো লাগে ,সপোনে পাখি মেলাৰ সময়তেই কিমান যে যান্ত্ৰনা সহিব লগা হৈছিল তাই| অনবৰতেই এক ভয়ে খেদি ফুৰিছিল তাইক| ৰঙা এহাল চকু, হাতত মস্ত এডাল চেকনী| দেখিলেই তাইৰ এক অজান শিহৰণত বুকুখন কঁপি উঠিছিল|উ:কি যে দিন  আছিল সেইবোৰ! অনিচ্ছা সত্ত্বেও সকলো এদিন মানি ল'ব লগা হৈছিল তাই|আৰু সেইদিনাৰ পৰাই ঘৰখনলৈ বৈছিল আনন্দৰ বৰ্ণ্যা |
  এধানি অন্তৰ খনে   কিমান যে শান্তি পাইছিল  তেতিয়া ! বুজি পোৱা নাছিল তাই সেই সময়ত ,তাই যে নিজেই নিজৰ  জীৱনলৈ মাতি আনিছে ঘোৰ অমানিশা|   কিছুমান ভুল শুধৰাব পাৰি |
 কিন্তু তাই কৰা ভুল বোৰ কোনো দিন তাই শুধৰাব নোৱাৰিলে | উৰে জীৱন ভুগিছে তাই| তথাপি মনত আক্ষেপ নাই  | কাৰণ, তাইৰ বাবেই যে এদিন আপোন জনৰ কামিহাড় জোৰা লাগিছিল আৰু দাগ লগা হাতৰ ঢৌ বোৰ  নোহোৱা হৈছিল|সেই কথা  বোৰ ভাবিলে আজিও তাইৰ দু _চকুত আনন্দৰ বৰ্ণ্যা বয় | হাজাৰ দুখটো তাই অন্তৰ খনত শান্তিৰ মলয়া এজাকে বা দি যায়| দুখ বোৰে তাইৰ অন্তৰ খনত এটা পাহাৰ গঢ়িছে|  কেতিয়াবা তাই অন্তৰ খনত এক অসহ্য বিষ অনুভৱ কৰে| বেদনা, বিষাদ,হাঁহি কান্দোন এইবোৰ নাথাকিলে জীৱনৰ অৰ্থ ই বা কি?কেৱল সুখেৰে জানো জীৱনৰ অৰ্থ বুজিব পাৰি?
সকলো কথা মনৰ মাজত সামৰি সৃষ্টিয়ে নতুন উদ্যমেৰে কামত ধৰিলে|পুখুৰীটোতে জোবা এটা মাৰি দেহাটো শীতল কৰি তাই পাক ঘৰত সোমাল|তাই নাখাই থাকিব পাৰিব কিন্তু পুণাকনে…..|    খেৰৰ জোমুঠি এটাৰে তাই  জো -হালত জুই কুৰা ধৰিলে| কুণ্ডলি পকাই ধোঁৱা বোৰ আকাশৰ দিশে গতি কৰিলে | তাইৰ মনৰ আঁত হেৰুৱা চিন্তা বোৰৰ দৰেই | ভাত কেইটা লৰালৰিকৈ পাতি লৈ জুই কুৰা ফুৱাই,ফুৱাই তাই আচলৰ আগেৰে মুখ খন মচি লৈ বাৰীৰ পৰা তুলি অনা কঁচু কেইডাল কাটি ললে | সুদা ভাত পোনাকনে খাবৰ পৰত আমনি কৰিব | আলু এটা ভাজি দিলেও তাৰ আমনিবোৰ নোহোৱা হয়| কিন্তু বজাৰ কৰিবৰ বাবে তাইৰ হাতত ফুটা কঢ়ি এটাও নাই | দীঘলকৈ এটা হুমুনিয়াহ তাইৰ অন্তৰ ভেদি উলাই আহিল | আনৰ পৰা ধাৰ লৈ কিমান চলিব ?  
কথা বোৰ চিন্তা কৰিলে তাইৰ দেহৰ ৰন্ধ্ৰে, ৰন্ধ্ৰে উঠলি উঠে ৰক্ত কণিকা বোৰ || দুখীয়া হোৱাৰ বাবেই সকলো কষ্ট চিকাৰ কৰিব লাগে সিহঁতৰ দৰে মানুহ বোৰে |  আকাশ চুবৰ মন যায় সিহঁতৰো | জোন,তৰা বোৰ আকাশৰ পৰা থাপ মাৰি ধৰিবৰ মন যায় |পোণাকনক লৈ দেখে অলেখ সোণালী  সপোন! তাইৰ জীৱনৰ দুঃখ  বোৰ  দূৰ কৰিব এদিন পোণাকনে | গাঁও খনত তাইৰ দৰে থকা ৰমলা হঁতৰো দুখ বোৰ দূৰ কৰিব তাইৰ বুকুৰ ধনে |  কথা বোৰ পাগুলি থাকোতেই কেতিয়া যে পোনাকণ স্কুলৰ পৰা আহিল তাই গমকে নাপালে | ডিঙিত ধৰি পোনাকণে যেতিয়া ক'লে, "মা,মা বৰ ভোক লাগিছে |" তেতিয়া হে তাইৰ চেতনা আহিল | আলফুলে পোনাকণক সাবতি লৈ তাই ভাত বাঢ়ি লে | সি পেনপেনাই উঠিল ইমান শুদা ভাত সি নাখায় কাঁহী খন থেলা মাৰি সি কান্দিবলৈ ধৰিলে লৰাটোৰ দুখ সহ্য কৰিব নোৱাৰি অনিচ্ছা সত্ত্বেও  মোনা খন লৈ এখোজ দুখোজ কৈ তাই হাটলৈ বুলি ওলাই গ'ল|বিভিন্ন জনৰ ভিৰৰ মাজত তাই হেৰাই গল| নানা ৰঙৰ সামগ্ৰী বিলাকে তাইৰ মনটো ভৰাই তুলিলে|হাতত টকা কেইটা মান থকা হলে আজি তাই পুণাকনলৈ সি ভালপোৱা বিভিন্ন ধৰণৰ ফল মূল বোৰ কিনিলে হেঁতেন !কিন্তু....…| 
আজি তাইৰ অনিৰ্বাণ লৈ বৰকৈ মনত পৰিছে মানুহ জন জীয়াই থকা হলে আজি তাইক সুধি হে  বজাৰলৈ আহিল হেঁতেন! কি কি আনিব লাগিব ,তাইৰ আজি কি খাবলৈ মন গৈছে , পুণা কনক কি,কি লাগিব ? সঁচাই অনিৰ্বাণ থাকোঁতে অভাৱ কি সেই কথা বুজা নাছিল তাই | হঠাৎ  কোনোবাই পিছফালৰ পৰা মাত লগালে।ঘূৰি চাই সৃষ্টি  অবাক হ'ল |পল ....! 
সৃষ্টি ........|
অলপ সময়ৰ বাবে দুয়ো হেৰাই গ'ল নিজৰ মাজত | সৃষ্টি ৰ  হাতৰ মোনাটো লৈ চাই ক'লে, "দিয়া,মই আজি পুণাকনলৈ সি খাই ভালপোৱা কিছু বস্তু বজাৰ কৰি তোমাৰ হাতত দি পঠিয়াম।" অনিচ্ছা সত্ত্বেও সৃষ্টিয়ে পলৰ হাতত মোনাখন 
গুজি দিলে|

সৃষ্টিয়ে সজল নয়নে তালৈ চাই ৰল | পোণাকনক মোৰ মৰম বোৰ দিবা| পলে হয়টো তাইৰ অবস্থা টোৰ কথা বুজি পাইছিল|এটা হেতা হাঁহিৰে পলক বিদায় দি সৃষ্টি ঘৰমুৱা হ'ল ‌|
 ঘৰ পাই তাই আচৰিত হ'ল| পোণাকনে  ভাতৰ কাঁহী খন লৈ শান্ত ল'ৰাৰ দৰে ভাত খাই আছে | মাকক  দেখি সি   চিঞৰি , চিঞৰি ক'লে, "মা মই তোমাক  আজিৰ পৰা কেতিয়াও আমনি নকৰোঁ | তুমি নাকান্দিবা মা |"আবেগ বোৰ তাই ধৰি ৰাখিব নোৱাৰিলে| সজোৰে পোণাকনক বুকুৰ মাজলৈ টানি আনি সাৱতি ধৰিলে |
         সি মাকক  ক'লে,"মা মই  ভালদৰে পঢ়িম  আৰু এদিন পঢ়া শুনা কৰি বহুত ডাঙৰ মানুহ হ'ম মা|"
সৃষ্টিয়ে দু-গালে ,  দু- ধাৰি  সুখৰ বৰ্ণ্যা নিগৰি আহিল|

লেখিকাৰ ঠিকনা-
শিক্ষয়িত্ৰী, গেলেকী