Type Here to Get Search Results !

অৱসৰী শিক্ষকৰ এখিলা দস্তাবেজ (দ্বিতীয় খণ্ড)

 অৰুণা চেতিয়া খাটনিয়াৰ


 যি কোনো লক্ষ্য প্ৰাপ্তিৰ বাবেই মানুহক প্ৰচুৰ ধৈৰ্যৰ প্ৰয়োজন। ধৈৰ্য সহকাৰে দৃঢ়তাৰে কষ্ট কৰি যাব পাৰিলেহে নিজ লক্ষ্যৰ দিশেৰে অগ্ৰসৰ হ'ব পৰা যায়।
       দেখা যায় মানুহে বহু সময়ত নিজে নিজে দুখৰ সাগৰত ডুব গৈ থকা বুলি অনুভৱ কৰে । এই পৃথিৱীত দুখৰ পৰা যে কোনোৱে মুক্ত নহয়,সেয়া পাহৰি যায়। মই নিজেও এনে ধৰণৰ চিন্তাৰ পৰা এটা সময়ত মুক্ত হ'ব পৰা নাছিলোঁ। ভাবিছিলো মোৰেই হে বেচি দুখ হৈছে বিভিন্ন কাৰণত। আচলতে নহয়, মোৰ ভুল ভাগিল, মোৰ সন্তান কেইটাৰ আন্তৰিক সহযোগত।
       প্ৰতিটো কথাতে সিহঁতে মোৰ খবৰ খাতি লৈ থকা, খোৱা বোৱাত আলপৈচান ধৰাৰ লগতে ,সময়ে সময়ে ইফালে সিফালে গাড়ীৰে ফুৰাবলৈ নিয়া আদিবোৰে মোক ভবাই তুলিলে --,মোৰনো কি দুখ, মই নো কি বিচাৰোঁ?
       মোৰ নিজৰ দুখ, সুখৰ বা পোৱা, নোপোৱাৰ কথাকে যদিহে ভাবি থকা যায়,আনৰ কথা ভাবিম কেতিয়া? কেৱল নিজৰ কথাকে গুৰুত্ব দিয়া মানুহ জানো ভাল মানুহ হ'ব পাৰে?
       নিজৰ ওপৰতে প্ৰশ্ন কৰি কৰি নিজেই উত্তৰ উলিয়াই যেতিয়া মনক সন্তুষ্ট কৰিব পাৰিলো, সেই সন্তুষ্টিয়ে শৰীৰৰ অজুহাত (ব্যাধি)বোৰ ও লাহে লাহে কমাবলৈ ধৰিলে। সন্তানৰ সহনশীলতা,সাহচৰ্যক গুৰুত্ব দিবলৈ ধৰিলো। নিজৰ আকাঙ্খাৰে যে আনৰ সুখ তথা স্বাধীনতাক ডুবাই ৰাখিব নালাগে, সেইটো আন্তৰিকতাৰে ভাবোঁ বাবে পুনৰ গভীৰ ভাৱে চিন্তা কৰিলোঁ।
       গীত, নৃত্য, সাহিত্য চৰ্চা,ফুৰা চকা, ব্যায়াম আদিয়ে বহু বিধস্ত জীৱনৰো যে সংগী হয়,এই চিন্তা টোৱে মনত ঠাই পাবলৈ ধৰিলে।লিখা পঢ়াৰ প্ৰতি আগৰে পৰাই থকা আগ্ৰহ টোক (সুপ্ত ইচ্ছা, প্ৰতিভা বুলি নকওঁ) জগাই তুলিবলৈ অভ্যাস কৰি ল'লো। ভাল লাগিল।কি কৰিব পাৰিছো, সেইটো নকও, সেই ৰাস্তাত খোজ দিবলৈ আপ্ৰাণ প্ৰয়াস কৰিছোঁ মাথোঁ।
         জীৱনৰ দীঘলীয়া বাটত বাট বুলোতে পোৱা ভিন্ন অভিজ্ঞতা বোৰ নিৰিবিলি মুহূৰ্তৰ লগৰীয়া হৈ নিজৰেই মনত শান্তি দিয়ে। আবেগ অনুভূতি বোৰে বহু সময়ত জীয়াই থকাৰো মানসিক এক শক্তি যোগায়।
         শিক্ষকতাৰ   জীৱনত পোৱা অভিজ্ঞতাৰ পৰা এইটো কথা মই সদায়েই অনুভৱ কৰিছিলোঁ যে আন্তৰিকতাৰে গঢ় দিয়া এই ছাত্ৰ ছাত্ৰী সকল নিজৰ সন্তানতকৈ কোনো গুণেই কম গুৰুত্বপূৰ্ণ নহয় , হ'ব নোৱাৰে। জীৱনৰ বাবে হাতে কামে লগা প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুনিয়াদ ৰচনা কৰিব পৰা সম্ভাৱনা খিনি বিচাৰি উলিয়াই সিহঁতক বাট পোনাই দিব পৰাতেই লুকাই থাকে প্ৰেৰণাৰ সাঁকো গঢ়াৰ উৎস।
         আনন্দ, বেদনা, সহানুভূতি তথা অনুপ্ৰেৰণা এই সমল বোৰৰ সৈতে সিঁহতৰ লগত সহমিলন কৰি দৈনন্দিন কাৰ্য আগবঢ়াই নিয়া হয়।বহু সময়ত কঠোৰ সঁকিয়নিৰ প্ৰয়োজনো  আহি পৰে সিহঁতক পোন বাটে নিবৰ বাবে। তেওঁলোকে কৰা ভাল কামক প্ৰশংসা কৰি গ'লে সেই কাম দুগুণ সাহসেৰে কৰিবলৈ প্ৰেৰণা পায়,কামো ভাল হৈ গৈ থাকে। লগতে দৃঢ়মনা, সাহসী আৰু আত্মবিশ্বাসী হ'ব পাৰে।
         পুৱাৰ প্ৰাৰ্থনা সভাৰ পৰা আৰম্ভ কৰি শ্ৰেণীকক্ষত পাঠদান আৰু গ্ৰহণৰ বেলিকা আন্তৰিক সাহচৰ্যৰে এজন শিক্ষকৰ চালচলন, কথাবাৰ্তা, শিক্ষাদানৰ প্ৰক্ৰিয়া  এইবোৰৰ প্ৰভাৱ তেওঁলোকৰ মনত পৰে। তেওঁলোকে এইবোৰ অনুকৰণ কৰে। সেইয়া ইতিবাচক হওক বা নেতিবাচকেই হওক। ইতিবাচক দৃষ্টিৰে হ'লে সদায় সন্মানীয় আসন এখন তেওঁলোকে মনত গোপনে সজীৱ কৰি ৰাখে , অজানিতে।
         অন্যথা সন্মান এনেকুৱা গোটা বস্তুও নহয় যে তাক জোৰ কৰি কাৰোবাৰ পৰা ল'ব পৰা যায়।
         ---
         আগলৈ --