Type Here to Get Search Results !

সম্পাদকীয়,

  বন্ধু আৰু শত্ৰুৰ সীমাৰেখা ডাল  আজিও বিচাৰি নাপালোঁ 


প্ৰতিজনেই সত্য আৰু সুন্দৰ, মাথো পৰিৱেশ আৰু পৰিস্থিতিয়েহে বন্ধু আৰু শত্ৰু স্থানত অৱতীৰ্ণ কৰোৱাই যিকোনো মানুহক। (একান্ত ব্যক্তিগত জীৱনৰ বাটৰ উপলব্ধি)

নেলচন মেণ্ডেলাই যেতিয়া দীৰ্ঘদিন কাৰাগাৰৰ বন্দীত্ব জীৱনৰ অন্তত মুকলি আকাশলৈ ওলাই আহিছিল তেতিয়া তেও নিজকে কৈছিল- বন্দী জীৱনত থাকোতে যি সকলে মোক নিৰ্মম নিৰ্যাতন দিছিল তেওঁলোকক আজি যদি মই ক্ষমা কৰি নিদিও তেতিয়া এই মুকলি আকাশৰ তললৈ  আহিও মই বন্দীত্ব জীৱন যাপন কৰি থকাৰ দৰেই হ'ব। সেয়ে তেওঁলোকক মই অন্তৰে ক্ষমা কৰি দিছো।

  তেখেতৰ মহান উপলব্ধিয়ে আমাক শিক্ষা দিয়ে শত্ৰু আৰু মিত্ৰ ৰেখাডাল দূৰত্ব বিশেষ নাই।