Type Here to Get Search Results !

ফলৰ নাম মনত ৰাখোঁ আহাঁ ( শিশু গীত)

 ইলা মহন বুঢ়াগোহাঁই


অ'ই বোলে অকণিহঁত
শুনা কাণ পাতি,
এগুটীয়া ফলৰ নাম
কম আজি ।
বগৰী, জলফাই খাবলৈ বৰ টেঙা
শিলিখা, অমৰা, আমলখি কেঁহা।
আম আৰু লিচু বোৰ
লাগে লমালমে,
টেঙা আৰু মিঠা
দুয়োবিধ ৰস থাকে ।
আনাৰস বৰ মিঠা
খাই ভাল লাগে,
ইয়াত কিন্তু এটাও
গুটি নাথাকে ।
অ'ই বোলে অকণিহঁত
শুনা কাণ পাতি ,
এগুটীয়া ফলৰ নাম
মনত ৰ'ল নে আজি ।
অ'ই বোলে অকণিহঁত
শুনা কাণ পাতি,
বহুগুটীয়া ফলৰ নাম ও কম আজি।
আঙুৰ আৰু লেতেকু বোৰ
লাগে থোপা -থোপে 
টেঙা আৰু মিঠা এই
দুয়োবিধ ৰস থাকে ।
আপেল, আতলাচ,পনিয়লত
থাকে বহুত গুটি,
অমিতা মিঠা ফল
পাচলিতো জুতি ।
কল, কঁঠাল, কমলা আৰু কৰদৈ
বজাৰলৈ গৈছে দেউতা
ফল আনিবলৈ ।
অ'ই বোলে অকণিহঁত
শুনা কাণ পাতি।
এগুটীয়া ফলৰ নাম
মনত ৰ'ল নে আজি,
বহুগুটীয়া ফলৰ নাম ও
মনত ৰ'ল নে আজি ।
   
 
লেখিকাৰ ঠিকনা-
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ।
বালিঘাট। শিমলুগুৰি ।
যোগাযোগ নম্বৰ:-9954356900