প্ৰগতি গগৈ চাংমাই
আৰু এদিন....
হঠাতে ৰুণুমীৰ দেউতাকৰ অসুখ আৰম্ভ হোৱাত প্ৰশান্তই ভাবিবলৈ বাধ্য হৈছিল মাক নোহোৱা ছোৱালী জনী দেউতাকো নোহোৱা হ'লে কেনেকৈ থাকিব? কি কৰিব? এজনী ছোৱালী অকলে থকাটো কিমান নিৰাপদ সি নুবুজা নহয়। কাৰ কেতিয়া কি হয় কোনে জানে? যদি কেনেবাকৈ দেউতাকৰ কিবা হয় ৰুণুমী কাৰ লগত থাকিব? সেয়ে সি ৰুণুমীক বুজাই-বঢ়াই ঘৰৰ ওচৰৰ মন্দিৰটোতে বিয়া পাতি দেউৰ আশীৰ্বাদ ল'লে। দেউতাকক সম্পূৰ্ণ চোৱা-চিতাৰ কথা দি সি তাইক লৈ আহিল একেবাৰে। প্ৰশান্তৰ দেউতাক শান্ত প্ৰকৃতিৰ। তেওঁ ৰুণুমীক বেয়া নেদেখে। মনে মনে ভালেই পালে ল'ৰাৰ মুখৰ হাঁহি দেখি। সদায় দেখি থকা ছোৱালী জনীক তেওঁ জানে। মাককহে বুজাব নোৱাৰা হ'ল। মাকে কোনোপধ্যেই মানি ল'ব নুখুজিলে সিহঁতৰ এই সম্পৰ্কক। দেউতাকে বুজাইছিল যদিও একো ফল নধৰিল। সিহঁতে মাকক ক্ষমা খুজিও বুজাব নোৱাৰাত উপায় বিচাৰি নাপাই ৰুণুমীৰ ঘৰলৈ আহিল। দেউতাকৰপৰা আশীৰ্বাদ লৈ মাকৰ প্ৰতিচ্ছবিৰ সন্মুখত আঁঠু লৈ সেৱা জনাই দুয়োটাই বৈবাহিক জীৱন আৰম্ভ কৰিলে।
''সুখৰ ফুল ফুলিব এপাহি দুপাহি
আশাৰ তৰা উজ্বলিব
মন আকাশ পোহৰ কৰি
মৰম নিগৰিব হিয়া জুৰ পৰি।"
সিহঁতৰ সংসাৰখন সুখময় হৈ উঠিল। দেউতাকো সিহঁত দুয়োটাৰ সুখ আৰু পৰিচৰ্যাত আগতকৈ সুস্থ হৈ উঠিল। প্ৰশান্তই সৰুকৈ দোকান এখন দি সিহঁতৰ তিনিজনীয়া সংসাৰখন চলাবলৈ ল'লে। ওচৰত সিমান দোকান নাই দেখি ভালকৈ চলে। সিও বস্তুৰ উচিত দামেই লয়। প্ৰয়োজনত ওচৰ-চুবুৰীয়াক দুই-এটা বস্তু ধাৰলৈও দিয়ে। সুখী হ'বলৈ আৰুনো কি লাগে? ধনৰ সুখতকৈ মনৰ সুখহে আচল। মাজে-সময়ে প্ৰশান্তই চাকৰিৰ বাবে আবেদনো কৰি থাকিল। ৰুণুমীয়েও ঘৰতে এনেয়ে বহি নাথাকি তাঁত বৈ নিজৰ পিন্ধা কাপোৰ কেইখন তৈয়াৰ কৰি লয়। ঘৰৰ পুখুৰীতে বেপাৰীৰ পৰা লৈ মাছ কেইটামানো মেলি ল'লে। ছাগলী দুজনী লৈ সিহঁতৰ আপডাল কৰাত লাগিল। সিহঁতৰ লগত ব্যস্ত হৈ দিনটো কেনেকৈ পাৰ হয় গমেই নাপায়। আগফালে দুয়োটাই চিকুণ কৰি ফুলনি এখনো পাতিলে। ঘৰৰ বাৰীতে প্ৰয়োজনীয় শাক-পাচলিবোৰ ৰুই লয়। বাৰীখনত ৰুণুমীৰ দেউতাকে ৰোৱা তামোল-পাণৰ গছবোৰ আছেই। তামোল গছ কিছুমানত জালুক গছো দিয়া আছে। সময়ত জালুক বিক্ৰী কৰিও কিছু টকা পায়।
মুঠতে তিনিটা মানুহ চলিবলৈ যথেষ্ট হয়।
সময় আগবাঢ়ি গৈ থাকিল। সিহঁতৰ সংসাৰো আউল নলগাকৈ সুন্দৰকৈ চলি থাকিল।
"এধানি এধানি সুখৰ কণা
নিগৰিছে সৰগীয় হেঁপাহত,
দুখে ঢুকি নোপোৱাকৈ
ৰচিছে সপোন মনৰ আনন্দত।"