বিদ্যাৱতী গগৈ
ঋতু পৰিৱৰ্তনৰ অদৃশ্য সোঁতে
বিভ্ৰান্ত কৰে মন
গভীৰ দুখতো আমি মিথ্যা প্ৰত্যয় দৃঢ়তা
আমি বুজিও নুবুজাৰ আনন্দত
কালজয়ী হোৱা আশা আকাংক্ষাৰ
বুটলি লও প্ৰতিটো খোজতে
চাৰিওফালে দেখো শুনো মাথো
হত্যা লুণ্ঠন ধৰ্ষণ আৰু আত্মহত্যা
মাথো ধ্বংসৰ প্ৰবল ধুমুহাই
যিদৰে সিদিনা ৰেল দুৰ্ঘটনাত
সময়ৰ গতিত থকা খেয়ালি মনে কৰে আঘাত ।
এতিয়া উড়িষ্যাত মৃত্যুৰ কিৰিলি
সহস্ৰাধিক ৰক্তাক্ত মৃত দেহ নিথৰ হ'ল
হেৰাই গল তিনি ভাতৃ
চিন্ন বিছিন্ন ব্যক্তিগত সামগ্ৰী
তাৰ মাজতেই এটি প্ৰেমৰ কবিতা
নিৰুপায় আমি সময়ৰ গতিত
সভ্যতাই গঢ়া মেচিনৰ ৰক্ত চৰ্বিয়ে যোগাইছে ইন্ধন ।
আমি বোৰ বোমা বাৰুদৰ খাদ্য
সভ্যতা কৃষ্টি বিকাশৰ বাবে
এয়াযে আজিৰ সময় ।
