Type Here to Get Search Results !

সম্পাদকীয়

বৰ্তমান

সময়ৰ সমষ্টিৰে জীৱন। এই জীৱনক সকলোৱে মধুময় কৰিব বিচাৰো, কিন্তু জীৱনক সঁচা অৰ্থত উদযাপন কৰিবলৈ যিখিনি উপাদান প্ৰয়োজন হয় সেই দিশৰ প্ৰতি আমি কমকৈ মন দিও। আজি সেয়ে তাৰে এটি লাগতীয়াল দিশৰ কথা আপোনালোকৰ লগত বিনিময় কৰিম।
  আমাৰ জীৱনৰ মূল্যৱান সময়ক ধৰি ৰাখো বুলিলেও ধৰি ৰাখিব নোৱাৰো। ই নদীৰ দৰে চিৰ প্ৰৱাহমান হৈ থাকে। যি খিনি সময় আমাৰ পৰা পাৰ হৈ যায় সেইখিনি অতীত আৰু যিখিনি আমি আগলৈ ব্যৱহাৰ সুযোগ থাকে তাকে ভৱিষ্যৎ বুলি কওঁহক। ইয়াৰ মাজৰ যিখিনি সময়ত প্ৰকৃততে বাস্তৱত পাও সেয়াই বৰ্তমান। জীৱন সফল  মধুময়, সমস্যাৰ সমাধান, জীৱনক সজাই তুলিব পৰা ক্ষমতা ইত্যাদি সকলো উপাদানৰ ৰহস্য বৰ্তমানতে লুকাই আছে। অলপ দকৈ চালে আমি অনুভৱ পাৰিম যে যি সময় আমাৰ গুছি গ'ল তাক জীৱনত কেতিয়াও ঘূৰাই নেপাওঁ তেনেকৈ আমাৰ জীৱনত আহিব লগা সময়খিনিক আমাৰ ভৱাৰ দৰে সকলো হ'ব তাক কোনেও গেৰান্টি দিব নোৱাৰে। এয়াই বাস্তৱ আৰু সত্য। মাথো বৰ্তমানত আমাৰ কৰ্তৃত্ব থাকে, তাক আমাৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পাৰোঁ। সেয়ে যিকোনো ধ্যান বা কৰ্মত এই বৰ্তমানক অধিক গুৰুত্ব দি কোৱা হৈছে প্ৰকৃততে জীৱনৰ বৰ্তমান সময়ক জানিব, বুজিব আৰু সঠিক কামত লগাব পাৰিলে জীৱনে পূৰ্ণতা পাব। অতীতৰ হৈ যোৱা ভুল আক্ষেপত আৰু ভৱিষ্যৎৰ অধিক যোজনা প্ৰস্তুতত সময় ব্যয় কৰাতকৈ বৰ্তমানৰ সময়ৰ প্ৰতি সজাগ হৈ সকলো বোৰ নিয়াৰিকৈ কৰি যাব পাৰিলে সকলোৰে জীৱন মধুময় আৰু উপভোগ্য হৈ উঠিব।
সকলো পৰিয়ালৰ মংগলময় কামনাৰে…… শুভ শুভ।
অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
৬/৭/২০২৩