Type Here to Get Search Results !

স্মৃতিৰ গহ্বৰত শাওনৰ পথাৰ খন

 নীলিমা গগৈ, শিক্ষয়িত্ৰী, গেলেকী


নাতিয়েক কল্প জ্যোতিৰ কথাত আৰুণিমাৰ মনটো অতীতৰ ককাক,আইতাকৰ দিনৰ শাওনৰ সোণ সেৰীয়া পথাৰখন লৈ উৰা মাৰিলে| বহাগৰ ন _পানী ফুতাৰ পাছৰ পৰাই বহাগীক বিদায় দি ককাকে মুঠি নাঙলত ধৰে |পাছে,পাছে দেউতাকৰ ভোটী কোৰৰ চাপ|আইতাকে গাই জনীৰ গাখীৰ পোৱাই কঢ়িয়া ভৰাই অনাৰ সেই দৃশ্য বোৰ ,মাকে শুকান ৰুটীৰ লগত এবাটি গাখীৰৰ সৈতে ককাই হাল বাই ঘৰলৈ অহাৰ লগে, লগে  ওৰণি খন টানি ধৰা পাৰি ঠাই মচি ককাক,আইতাকক আগবঢ়ায় দিয়া তাৰ পাছত দেউতাকৰ লগতে সিহঁতকো কঠ পাৰি খাৱলৈ দিয়া সেই মধুৰ সময় বোৰে উতলা ফাগুনৰ দৰেই মন ,নদীৰ পাৰ ভাঙি বৈছে আজি অৰূণিমাৰ হৃদয়ত| 
কাহিলী পূৱাতে গাঁৱৰ জীয়ৰী, বোৱাৰীৰ কোলাহলত মূখৰিত হৈছিল সেউজী গাঁও খন |কোনোবাই চৰ চাপৰিৰ কঠিয়ানি ডৰাত ন_কঠিয়া তুলিবলৈ গৈছিল আৰু কোনো গৰাকী ওলাই যায় মৈ দি সমান কৰি থোৱা বোকা মাতি দৰাত গুছি, গুছি কঠিয়া বুলাই হেপাহৰ মাটি কেইডৰাত ন_সাজ পিন্ধাই সপোন ৰচিবলৈ |চহা জীৱনৰ অযুত সপোনৰ শিপা বোৰে ন কৈ পোশা মেলে| আঘোণ মাহত শাওনৰ সেউজীয়া পথাৰ খন সোণোৱালী হৈ সোণ গুটিৰে ভৰি পৰে |সপোন বোৰে মুক্ত মনে উৰা মাৰে |
আঘোণৰ পকা,পকা সোণবৰণীয়া ধান বোৰে মিচিকিয়াই হাঁহে| কৃষকৰ ঘামৰ তোপাল বোৰ ৰিব্ ৰিব্ বতাহত সু _গন্ধি হৈ বিয়পে | খেতি চপাই চোতালত ককাই গৰু হালেৰে মৰণা মৰা,কাষতে আইতাকে লোহাৰ কেৰাহী খনত ন_খাৱলৈ বুলি নতুন ধান ভপোৱাৰ সু _ গন্ধি |  তাতেই আকৌ ভাপত দিয়া গোটা কচুৰ ফুৰফুৰিয়া গোন্ধ |সেই অপূৰ্ব দৃশ্য সমূহ আজি অৰুণিমাৰ দু_চকুত তিৰ্ বিৰ্ কৰাৰ লগতে নাকত আহি লাগিছে  লৰালিৰ সেই সু _গন্ধি|
অজানিতে অৰুণিমাৰ হৃদয় ভেদি ওলাই আহিল এটা হুমোনিয়াহ| ককা বিহীন শাওনৰ পথাৰ খন আজি উকা ,উদঙ |
ককাকৰ হাতৰ মুঠিৰ নাঙলৰ সীৰলূত লগা নাই সোণ ফলা  মাটি| আলিৰ কাষ কটা নাই আজি ঘমাক্ত দেহাৰে তাইৰ চেনেহৰ দেউতাকে |ভোটী কোৰৰ চাপ পৰা নাই নাঙলৰ শিৰলুত|চৌপাশে মাথো ইঞ্জিনৰ শব্দ |ককা আৰু দেউতাকৰ মুখৰ শব্দ বোৰ , ওহো হো হো,ওহো হো হো হো কণ্ঠ বোৰ হেৰাল সময়ৰ সোঁতত| মাকৰ মুখত শুনা এটা কথা আজি বৰকৈ মনত পৰিছে  অৰুণিমাৰ| এবাৰ শাওন মাহত বিলাতত থকা সিহঁতৰ বৰ মাক গাঁৱৰ ঘৰলৈ আহিছিল|ককাক হতৰ আগফালে আছিল এখন বিশাল পথাৰ | গাঁৱৰ সকলো খেতিয়ক ৰাইজে হাল কোৰ বাইছে| ককাই পুৱাই উঠি ঘৰৰ কাষৰ মাতি কেইডৰা চহাইছে |বিলাতত থকা বৰমাকে বেলি উঠাৰ পাছত শেতেলী এৰি ন জৌজ ন তৌষ্ঠ খোজেৰে আহি ককাক হতৰ পদূলি মূৰত থকা কৰবী জোপাৰ তলত ৰৈ মোকলি পথাৰ খন ঢাকি  পেলোৱা হালোৱা, ৰোৱনি বোৰৰ অপূৰ্ব দৃশ্য উপভোগ কৰি থাকোতেই তেওঁৰ কানত ভোমোৰা গুঞ্জনৰ দৰে ককাৰ মূখৰ শব্দ বোৰ বাজিব ধৰিলে|কিছু সময় কান পাতি শুনাৰ পাছত তেওঁ ধপলীয়াই আইতাৰ কাষ পালে গৈ আৰু আইতাক  কলে বোলে আই, পিতাইৰ ইমান জ্বৰ তথাপি তেওঁ কেকাই,কেকাই হাল কিয় বাইছে ? মই এখেতক ড মাতিবলৈ কও|আইতাই হাহি ৰাখিব নোৱাৰিলে আৰু হঁহি,হাঁহি কলে বিলাতত থাকিলে কেনেকৈ জানিবি কৃষকে খেতি কেনেকৈ চাহ কৰে |আকৰি জ্বৰ উঠা নাই অ নহ'লে যে গৰু হাল হালত নাযায় নহয় |
ভাৱনাৰ অলেখ ঢৌৱে ‌আৱৰিলে আৰুণি মাক| অৰুণিমাই একো নোকোৱা দেখি নাতীয়েকে আচলত ধৰি জোঁকাৰি, জোঁকাৰি চিঞৰিৱলৈ ধৰিলে কোৱা আইতা কোৱা গৰুৱে হাল কেনেকৈ বায় ?অৰুণিমাই নাতিয়েকক ওচৰলৈ আনি পিক লগা উঠ দুটাৰে দু_গালত চুমা খাই কবলৈ ধৰিলে _জ্বৰ উঠিলে  যেনেকৈ আমি কেকাও ঠিক সেইদৰেই | 
উত্তৰ টো দি অৰুণিমাই ভোৰ ভোৰাৱলৈ ধৰিলে কি গাঁও কি হ'ল ? গাঁৱৰ লৰাই আজি হাল ,কোৰ,নাঙল,যোৱলী,মৈএইবোৰ নিচিনা হ'ল ! হেলেচ,পনিয়ল এইবোৰ বতৰৰ ফল মূল টো বাদেই |