প্ৰগতি গগৈ চাংমাই
চাকৰিলৈ গৈ প্ৰশান্তই ৰুণুমীলৈ চিঠিত মনৰ বতৰা পঠিয়াই থাকিল। থকা ঠাইৰ বিৱৰণ দিয়ে। ৰুণুমীয়ে ও সেইমতেই সি থকা ঠাইৰ ধাৰণা কৰি লয়। পাহাৰীয়া ঠাইবোৰত সি নিশ্চয় বহুত কষ্টত আছে এই ভাবি তাই সদায় ভগৱানক প্ৰাৰ্থনা কৰে প্ৰশান্তক কুশলে ৰাখিবলৈ।
প্ৰশান্তৰ চাকৰি পোৱাৰ এবছৰ পাছতেই মাকৰ মৃত্যু হ'ল। সি ছুটী লৈ ঘৰলৈ আহিল। মাকৰ কাজ-কৰ্ম কৰিলে। দেউতাকে দুয়োটাকে নিজৰ ঘৰখনলৈ আহিবলৈ ক'লে। প্ৰশান্তই ৰুণুমীৰ লগত কথা পাতি ৰুণুমীক নিজৰ ঘৰলৈ আনিলে। ৰুণুমীৰ দেউতাককো সি লগত আনিবলৈ বিচাৰিছিল। কিন্তু তেওঁ নাহিল। এইদৰে আটাইকেইজনে সুখেৰে দিন কটাবলৈ ধৰিলে। প্ৰশান্তৰ ছুটীৰ দিন ওকলিল। সি যাবলৈ ওলাল। ৰুণুমীৰ দায়িত্ব আৰু বাঢ়িল। তাই দেউতাক আৰু শহুৰেক দুয়োকে আপডাল কৰে। দুদিন, তিনিদিনৰ মূৰে মূৰে দেউতাকৰ ওচৰৰ পৰা আহে। ওচৰতে হোৱাৰ হেতুকে তাইৰ সেইকণ সুবিধা হৈছে। দেউতাকেও মাজে- সময়ে আহি তাইৰ খবৰ লৈ যায়।
এটা খবৰে দুয়োটা পৰিয়াললৈ সুখৰ নিজৰা বোৱাই আনিলে। ৰুণুমী সন্তানসম্ভৱা হ'ল। তাকে লৈ দেউতাক আৰু শহুৰেকৰ ততেই নাইকীয়া হ'ল। ৰুণুমীক যেন একো কৰিবলৈ নিদিব। সকলো কাম কৰিবলৈ শহুৰেকে হাত পাতি লয়। ৰুণুমীয়েও যি দুই এখন পাৰে কাম কৰি থাকে। প্ৰশান্তইও নিজৰ চাকৰিৰ দায়িত্বৰ মাজতে কেতিয়া ঘৰলৈ যাব পাৰে ভাবিবলৈ ধৰিলে।
যথাসময়ত ৰুণুমীয়ে এটি পুত্ৰ সন্তানৰ জন্ম দিলে। নাতিয়েকক পাই দুই পুঠায়েক , ককাকক পাই কোনে? প্ৰশান্তয়ো ছুটী পাই ঘৰলৈ আহি যিমান পাৰি ৰুণুমীৰ আদৰ যত্ন ল'লে।
জীৱনটোৱেই বিচিত্র
কেতিয়াবা সুখ, কেতিয়াবা দুখ
তথাপি আমি আশাবাদী
প্ৰিয়জনৰ হাতত হাত ধৰি
বুলিব লাগিছোঁ কাঁইটীয়া বাট।